সহজ ধন

Dainik Janambhumi September 06, 2024

ডিজিটেল ডেস্কঃ মূল্যবোধসম্পন্ন পাৰিবাৰিক জীৱনে, নৈতিকতাৰ শিক্ষাই, সমাজৰ সৎ ব্যক্তিসকলৰ জীৱন আৰু আদৰ্শই বেছিভাগ মানুহকে জীৱন সম্পৰ্কে এটা স্পষ্ট আৰু স্বচ্ছ ধাৰণা দিছে– কাকো অন্যায় নকৰিবা, সদায় সৎ পথত থাকিবা, দুৰ্নীতি নকৰিবা, বেয়া পথেৰে উপাৰ্জন নকৰিবা, বেলেগৰ অহিত চিন্তা নকৰিবা ইত্যাদি ইত্যাদি৷ জীৱনত বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’লেও, আৰ্থিক অভাৱৰ বাবে অশেষ কষ্ট ভোগ কৰিব লগা হ’লেও, নিজৰ বেছিভাগ ইচ্ছা-বাসনাই অৰ্থাভাৱত বিসৰ্জন দিব লগা হ’লেও বা সন্তানসকলক ভবা মতে স্বচ্ছল জীৱন দিব নোৱাৰিলেও পাৰিবাৰিক পৰম্পৰা আৰু আদৰ্শৰ প্ৰতি থকা গভীৰ নিষ্ঠাৰ বাবে বেছিভাগ মানুহেই অসৎ হ’ব পৰা নাই, দৌৰিব পৰা নাই বক্ৰপথেৰে সহজ ধনৰ পাছত৷

সেইবাবে যেতিয়া কোনোবা আৰ এইচ খানৰ চৰকাৰী ধন লুণ্ঠনৰ কাহিনী পোহৰলৈ আহে, অবৈধ ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়া কিছুমান বিষয়াৰ অধ্যায়বোৰ সংবাদ মাধ্যমত প্ৰকাশ হয় অথবা আয়ৰ উৎস স্বচ্ছ নোহোৱা কিছুমান পৰিয়ালৰ ৰাজসিক বিলাসৰ জীৱনযাত্ৰা চকুত পৰে, তেতিয়া সৎ-সাধাৰণভাৱে জীৱন যাপন কৰা মানুহৰ চকু কপালত উঠে৷ কিছুমানে এওঁলোকক ধিক্কাৰ দিয়ে, কিন্তু বৰ্তমানৰ চৰকাৰী ব্যৱস্থাটোৱে এওঁলোকক কোনো দৃষ্টান্তমূলক শাস্তি বিহিবলৈ সক্ষম নোহোৱা বাবে আৰু বক্ৰপথেৰে আৰ্জিত ধন-সম্পদবোৰৰো বিশেষ হানি-বিঘিনি নঘটা দেখি কিছুমান মানুহে বক্ৰপথত ভৰি দি এটা ধনাঢ্য জীৱন পাবলৈ প্ৰলুব্ধও হোৱা দেখা যায়৷ অজ্ঞাত উৎসৰ পৰা আৰ্জিত ধনেৰে নিশাটোৰ ভিতৰতে মিলিয়নেয়াৰ, বিলিয়নেয়াৰ হোৱা ৰাজনীতিকৰ বিলাসী জীৱনযাত্ৰা সমাজে দেখিছে, দেশ স্বাধীন কৰিবলৈ বুলি হাবিলৈ যোৱা মুক্তিকামী বিদ্ৰোহী হাবিৰ পৰা ওলাই মূল সুঁতিত চামিল হোৱাৰ পাছত বিশাল সম্পদ আৰু প্ৰভাৱেৰে ৰাজকীয় জীৱন কটোৱা বহু উদাহৰণো এই সমাজত সুলভ৷

জাতীয় সংগঠনৰ নেতা কিছুমানৰ বিলাসী জীৱনযাত্ৰায়ো মানুহক কৌতূহলী কৰি তোলে–এওঁলোকৰ উপাৰ্জনৰ পথ কি? এনেকুৱা উদাহৰণবিলাকৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰাৰ ফলত একালত সততাৰ প্ৰতি গভীৰ বিশ্বাস থকা সমাজখনতো ক’ব নোৱৰাকৈ অৱক্ষয় ঘটিবলৈ ধৰিছে৷ উপাৰ্জনৰ উৎসৰ স্বচ্ছতা নথকা ধনী মানুহক সমাজখনে মান্যতা প্ৰদান কৰিবলৈ লৈছে৷ এনে পৰিপ্ৰেক্ষিতত পথৰ সততা-অসততা বিচাৰ নকৰি সহজ ধনৰ পাছত দৌৰিব খোজা মানুহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে৷ এয়া উদ্বেগৰ কথাই নহয়, সমাজৰ বাবে যে ব্যাপক ক্ষতিকাৰক সেই কথা বুজাব কাক, কোনে বুজাব, কাক বুজাব! শেহতীয়াকৈ অনলাইন ট্ৰেডিঙৰ নামত এচাম অখ্যাত যুৱক-যুৱতীৰ দল কম দিনৰ ভিতৰতে হাজাৰ হাজাৰ কোটি টকাৰ গৰাকী হোৱা, তেওঁলোকে অবিশ্বাস্য বিলাসী জীৱন কটোৱাৰ বিভিন্ন তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ অহাত সাধাৰণ মানুহ আক্ষৰিক অৰ্থতে হতচকিত৷ এনেকৈও বিশাল ধন-সম্পত্তিৰ গৰাকী হ’ব পৰাৰ ৰাস্তা আছে এই পৃথিৱীত! অৱশ্যে ‘অনলাইন ট্ৰেডিং’ সম্পৰ্কে বেছিভাগ মানুহৰে ধাৰণা বিশেষ নাই৷ মিউচুৱেল ফাণ্ড বা অংশীদাৰী বজাৰত কাৰোবাৰ দিহা-পৰামৰ্শৰ ভিত্তিত উপাৰ্জিত ধনৰ কিছু অংশ বিনিয়োগ কৰি কিছু লাভ আদায় কৰি বা লোকচান ভৰি সাময়িক বা দীৰ্ঘম্যাদী লেনদেন কৰাতেই সংশ্লিষ্টসকলৰ অভিজ্ঞতা সীমিত৷ শেহতীয়াকৈ পোহৰলৈ অহা ৰহস্যজনক অনলাইন ট্ৰেডিঙৰ অধ্যায়টোৱে মানুহৰ সন্মুখত নতুন কৌতূহলৰ দুৱাৰ এখন খুলি দিছে৷

এচাম যুৱক-যুৱতী এই ‘অনলাইন ট্ৰেডিং’ত জড়িত হৈ কোনোবা অজ্ঞাত অংশীদাৰী বজাৰৰ ধন বিনিয়োগ কৰি বৃহৎ মুনাফা অৰ্জনৰ যি  অধ্যায় পোহৰলৈ আহিছে সেয়া বৈধ নে অবৈধ কোনেও বিশেষ নাজানে৷ মাত্ৰ এটা কথা প্ৰকাশ পাইছে যে অংশীদাৰী বজাৰত ধন বিনিয়োগৰ বাবে ‘ছেবি’ অৰ্থাৎ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব্‌ ইণ্ডিয়াৰ যি অনুমতিৰ প্ৰয়োজন সেয়া এই যুৱক-যুৱতীসকলৰ নাই৷ কিন্তু যুৱক-যুৱতীসকলৰ এই ‘ব্যৱসায়’ৰ বৈধতা-অবৈধতাৰ প্ৰশ্নটোতকৈও অধিক ৰহস্যজনক ব্যাখ্যাটো হৈছে এয়ে যে এওঁলোকৰ এই সমস্ত লেনদেন বেংকৰ যোগেদি হৈছিল৷ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা বিশাল ফুকন নামৰ যুৱকজনে দুহেজাৰ কোটিৰো অধিক টকা লেনদেন কৰা বুলি প্ৰকাশ পাইছে৷ গুৱাহাটীত গ্ৰেপ্তাৰ কৰা স্ব›Ÿনীল দাসৰ লেনদেন ১২০০ কোটিৰো অধিক হ’ব বুলি কোৱা হৈছে৷ তেনেকৈ ৰাজ্যত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা ৩৮জন ‘অনলাইন ট্ৰেডিং’ত জড়িত ব্যক্তিৰ প্ৰতিগৰাকীয়েই কৰিছিল বৃহৎ পৰিমাণৰ ধনৰ লেনদেন৷ এই সমস্ত লেনদেন হৈছিল বেংকৰ জৰিয়তে৷ বিশাল ফুকনে তেওঁৰ পাতি লোৱা অভিনেত্ৰী ‘বায়েক’ চুমি বৰাৰ ৰাজস্থানৰ উদয়পুৰৰ পঞ্চতাৰকা হোটেলত পতা বিয়াত যি তিনি কোটিৰ অধিক টকা ব্যয় কৰিছিল, সেয়া কৰিছিল ‘ক্ৰেডিট কাৰ্ড’ৰ যোগেদি৷ অৰ্থাৎ এই সমস্ত লেনদেনৰ ধন ক’লা নহয় বগা৷ সাধাৰণ মানুহৰ শ-হাজাৰটকীয়া একাউণ্টৰ ধনৰ লেনদেনতো ‘পান’ নম্বৰ বাধ্যতামূলক কৰা, নানা তথ্য বিচৰা বেংকবিলাকে এই বিশাল লেনদেন কেনেকৈ সম্পন্ন কৰিছিল, কিয় ধনৰ উৎস সম্পৰ্কে প্ৰশ্ন কৰা নাছিল, সেইটো গুৰুত্বপূৰ্ণ কথা৷ আনহাতে, বিৰোধী ৰাজনৈতিক নেতাৰ ঘৰত তালাচী চলাবলৈ উন্মুখ হৈ পৰা আয়কৰ বিভাগৰ দৃষ্টিত ইমান বৃহৎ লেনদেনসমূহ কিয় ধৰা পৰা নাছিল, সেইটোও ৰহস্যজনক কথা৷ তেনেহ’লে এটা কথাই বুজিব লাগিব যে শেহতীয়াকৈ পোহৰলৈ অহা অনলাইন ট্ৰেডিং যদি অবৈধ, তেনেহ’লে ই বেংক আৰু অন্যান্য চৰকাৰী পক্ষসমূহৰ জ্ঞাতসাৰেই হোৱা এক অবৈধ কাণ্ড৷ আন এটা লক্ষণীয় দিশ হ’ল উদয়পুৰত চুমি বৰাৰ যিখন বিলাসী বিয়া হৈছিল তাত চুমি বৰাৰ গাঁৱৰ মানুহ, সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তিও উপস্থিত আছিল৷

সকলোৱে বিনা খৰচত বিমানত গৈ বিয়া উপভোগ কৰিলে, কিন্তু কোনেও তেওঁলোকক প্ৰশ্ন নকৰিলে– ইমান টকা তোমালোকে ক’ত পালা? আৰু এটা কথা প্ৰকাশ পাইছে যে সমাজৰ বহু বিশিষ্ট ব্যক্তিয়ে ধৰা পৰা যুৱক-যুৱতীসকলৰ জৰিয়তে সেই বিতৰ্কিত ‘অনলাইন ট্ৰেডিং’ত ধন বিনিয়োগ কৰিছিল বৃহৎ লাভৰ আশাত৷ এই সকলোবিলাক দিশ চালি-জাৰি চালে দেখা যায় যে সহজ ধনৰ পাছত, অবৈধ ধনৰ পাছত দৌৰিবলৈ সংশ্লিষ্ট চৰকাৰ নিয়ন্ত্ৰিত ব্যৱস্থাটোৱে পৃষ্ঠপোষকতা কৰি আহিছে আৰু সমাজখনেও লাহে লাহে এনেকুৱা ধনেৰে ধনী হোৱাসকলক মান্যতা দিবলৈ লৈছে৷ এইবিলাক সমাজত সততাৰ অপমৃত্যু ঘটিবলৈ উপক্ৰম ঘটাৰ লক্ষণ৷

Share This