স্বাস্থ্য বিভাগৰ স্বাস্থ্য
Digital desk
July 20, 2024
ডিজিটেল ডেস্কঃ অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়ে অনেক অস্বাস্থ্যকৰ খা-খৱৰ প্ৰচাৰ মাধ্যমসমূহত বিস্তৃতভাবে ওলাই থাকে। বর্তমান সমগ্র অসমতে বহুসংখ্যক চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠা হৈছে। আনহাতে ৰাজ্যিক আৰু জিলা-মহকুমা পর্যায়তো নতুনকৈ বহু চিকিৎসালয়ৰ সুদৃশ্য গৃহ নির্মাণ হৈ আছে। নতুন নতুন প্রযুক্তিৰ চিকিৎসা সা-সৰঞ্জামো ক্ৰয় কৰা হৈছে। 'জন আৰোগ্য যোজনা'- 'আয়ুষ্মান'ৰ দৰে আঁচনিবোৰে আর্থিকভাবে দুর্বল পৰিয়ালক সকাহ নিদিয়াকৈও থকা নাই। নলবাৰী মেডিকেল কলেজত সৌ সিদিনা হোৱা 'হিপ ৰিপ্লেচমেণ্ট'ৰ দৰে সফল অস্ত্রোপচাৰো ৰাজ্যৰ চিকিৎসা খণ্ডই লাভ কৰা প্ৰগতিৰ অন্যতম উদাহৰণ।
কিন্তু তথাপি এই সকলোবোৰ হোৱা সত্ত্বেও অসমৰ গাঁও অঞ্চলত চিকিৎসা সেৱাৰ মান বিশেষ উন্নত হোৱা নাই। বহু ক্ষেত্ৰত বুনিয়াদী সা-সুবিধাৰে অভাৱ। অলপতে মাজুলীত উদণ্ড বাইক আৰোহীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা দুগৰাকী লোকক জৰুৰী পৰিস্থিতিত দিব লগা অক্সিজেনৰ ব্যৱস্থা কৰিব পৰা নহ'ল বুলি বাতৰিত প্রকাশ। ইয়াৰ ফলত দুজন দুৰ্ভগীয়া ৰোগীৰ অকালতে মৃত্যু আসন্ন হৈ উঠিল। আমাৰ চিকিৎসা খণ্ডৰ উন্নয়ন চৰকাৰৰ বিজ্ঞাপন অনুযায়ী যথোচিত এতিয়াও হৈ উঠা নাই। বাস্তৱত তাৰ পৰা পাব লগা সা-সুবিধাসমূহ বহু সাধাৰণ ৰোগীয়ে লাভ কৰা নাই। চিকিৎসা খণ্ডৰ উন্নয়নৰ বাবে কেৱল আঁচনি ঘোষণাই যথেষ্ট নহয়।
বৰ্তমান অসমৰ চিকিৎসা সেৱাৰ বাবে সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে- ৰোগী আৰু চিকিৎসালয় অনুপাতে প্রয়োজনীয়সংখ্যক চিকিৎসকৰ অভাৱ। বিশেষকৈ ভিতৰুৱা গাঁও অঞ্চলত থকা চিকিৎসালয়সমূহত আবণ্টিত পদ অনুসৰি চিকিৎসক নাই। প্রাথমিক স্বাস্থ্য কেন্দ্র, সামূহিক চিকিৎসালয় বা ত্রিশখন বিছনাযুক্ত চিকিৎসালয় আদিত প্রয়োজনীয়সংখ্যক চিকিৎসকৰ নিযুক্তি দিয়াই হোৱা নাই। এতিয়াও চিকিৎসক তথা চিকিৎসাকর্মীৰ বৃহৎসংখ্যক পদ খালী হৈ আছে। জৰুৰী পৰিস্থিতিত অসমৰ বহু অঞ্চলত সময়মতে চিকিৎসা সেৱা লাভ নকৰাত ৰোগীৰ মৃত্যুৰ বাতৰিও প্রকাশ পাইছে। কিয় এনে হৈছে? কিয় বৃহৎসংখ্যক চৰকাৰী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰি আঁতৰি যাব খুজিছে? ইয়াৰ বাবে কেৱল একাংশ চিকিৎসকেই দায়ী নে ব্যৱস্থাটোৰ কোনো ধৰণৰ ত্রুটী আছে। এনে বিষয়বোৰ গভীৰভাৱে অধ্যয়ন নকৰি একপক্ষীয়ভাৱে উপৰুৱা মন্তব্য কৰিলে সমস্যাৰ সমাধানৰ পথৰ সন্ধান পোৱা নাযাব। অসমক ভাৰতৰ ৰাজ্যসমূহৰ তালিকাত অন্তর্ভুক্ত কৰিব পৰাও নাযাব।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ২০২১ৰ পৰা ২০২৩ৰ ভিতৰত ৰাজ্যখনৰ বিভিন্ন মেডিকেল কলেজৰ পৰা ৬৪জন জ্যেষ্ঠ চিকিৎসকে পদত্যাগ কৰিছে। সেই মেডিকেল কলেজসমূহত প্রয়োজনীয়সংখ্যক শিক্ষক ইতিমধ্যে নাছিলেই। যি আছিল তাৰ পৰাও যদি প্রতি মাহে পদত্যাগ কৰা শিক্ষকৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে চিকিৎসা বিজ্ঞানৰ শিক্ষাই কি ৰূপ ল'ব? গুণগত মান হেৰুওৱাৰ আশংকা থাকিব। তাৰ পাছতো কিন্তু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ঘোষণা ৰাজ্য চৰকাৰে কৰিয়েই থাকে। চিকিৎসা মহাবিদ্যালয় মানে কিছুমান সুদৃশ্য প্রকাণ্ড বহুমহলীয়া ঘৰ নহয়। বহু চিকিৎসা মহাবিদ্যালয়ত জৰুৰী চিকিৎসাৰ বাবে প্রয়োজনীয় অত্যাবশ্যকীয় ব্যৱস্থাসমূহৰ অভাৱ।
বিশেষকৈ পর্যাপ্ত আই চি ইউ, অক্সিজেন-ব্লাড বেংক আদিৰ অবিহনেই চলি আছে বহুসংখ্যক চৰকাৰী চিকিৎসালয়/চিকিৎসা মহাবিদ্যালয়। নতুনকৈ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্রী লাভ কৰাসকলে বাধ্যতামূলকভাবে সেবা আগবঢ়াব লগা সময়সীমাৰ ম্যাদ উকলাৰ লগে লগে চৰকাৰী সেবা এবে। অৱসৰৰ পাছৰ আৰু পদত্যাগৰ ফলত খালী হৈ পৰা পদসমূহত নতুন নিযুক্তিৰ ব্যৱস্থাও গ্ৰহণ কৰা উচিত। অন্যথা তাৰ বাবে প্রত্যক্ষভাবে চৰকাৰেই দায়ী হ'ব। বৰ্তমান অসমৰ স্বাস্থ্য বিভাগৰ এটা সমীক্ষা মতে প্রায় সাতশ পদ খালী আছে। এই কথাই প্রমাণ কৰে যে তৃণমূল পর্যায়ত চিকিৎসা সেবাৰ অৱস্থা কি? পদ খালী হৈ থকাৰ ফলত নির্দিষ্টসংখ্যক চিকিৎসকৰ ওপৰত কামৰ বোজা বৃদ্ধি হয়। একেজন চিকিৎসকেই সালসলনি কৰি একাধিক চিকিৎসালয়ত সেৱা কৰিব লগা অৱস্থাও হয়। ফলত চিকিৎসক আৰু চিকিৎসাৰ পৰা বঞ্চিত বিক্ষুব্ধ লোকৰ লগত চিকিৎসক-চিকিৎসাকর্মীৰ সংঘাতো হয়। বর্তমান মুখ্যমন্ত্রীয়ে স্বাস্থ্য বিভাগ নিজৰ হাতলৈ নিছে।
এক কথাত ক'বলৈ গ'লে যোৱা প্ৰায় কুৰি বছৰ কালৰ অধিকাংশ সময় চিকিৎসা বিভাগৰ দায়িত্ব বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ হাততেই ন্যস্ত আছিল। সেইফালৰ পৰা চিকিৎসা বিভাগৰ বৰ্তমানৰ দোষ-দুৰ্বলতাবোৰৰ দায়িত্ব তেওঁ এৰাই চলিব নোৱাৰে। চিকিৎসা, শিক্ষা আদি হ'ল ৰাজ্য একোখনৰ বুনিয়াদী ব্যৱস্থাৰ অন্তৰ্ভুক্ত। এই দুটা বিভাগৰ যথার্থ উন্নয়ন অবিহনে ৰাজ্য এখনক উন্নত বুলি ক'ব পৰা নাযায়। নিটি আয়োগৰ শেহতীয়া প্রতিবেদনত শিক্ষা আৰু চিকিৎসা তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ শোচনীয় অৱস্থাটো ধৰা পৰিছে। অথচ ইয়াৰ আগলৈকে সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাতে প্রকাশিত চৰকাৰী বিজ্ঞাপনসমূহত চিকিৎসা বিভাগৰ উন্নয়নৰ জয়গান গোৱা হৈছিল। বিজ্ঞাপন আৰু গাঁৱৰ চিকিৎসালয়খনৰ অৱস্থাৰ সামঞ্জস্য থকা উচিত। কিছুমান বিশেষ বিশেষ ক্ষেত্ৰত ৰাজ্যৰ চিকিৎসা সেৱা পূৰ্বতকৈ কিছু উন্নত হোৱাটো স্বীকাৰ কৰিবই লাগিব। বিশেষকৈ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাই সাধাৰণ মানুহক আশা দেখুৱাইছে। কিন্তু বহু দুৰ্বলতাই গ্রাস কৰি ৰাখিছে স্বাস্থ্য খণ্ডক। এতিয়াও সময় আছে স্বাস্থ্য-চিকিৎসা বিভাগৰ ক'ত ক'ত কেনেধৰণৰ ত্রুটী-বিচ্যুতি আছে আৰু ক'ত কেনেধৰণৰ কাৰ্যব্যৱস্থা গ্রহণ জৰুৰী হৈ উঠিছে সেয়া বাচি উলিয়াই তাৎক্ষণিকভাৱে কাম কৰাৰ। ৰংচঙীয়া বিজ্ঞাপন আৰু মন্ত্ৰীৰ দাম্ভিক ভাষণেৰে সকলো কাম নিসিজে। ক্ষমতাশালীসকলে সেই কথা বুজিব লাগিব।
Share This