ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে চলিত বর্ষত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফল ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
আনহাতে এপ্রিল মাহৰ শেষ সপ্তাহত অথবা মে' মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। এইপর্যন্ত তাৰিখ নিশ্চিত হোৱা নাই যদিও বিহুৰ পূৰ্বে মেট্ৰিকৰ আৰু একে মাহতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ লক্ষ্যৰে পূৰ্ণ প্রচেষ্টা অব্যাহত ৰাখিছে বিদ্যালয় শিক্ষা পৰিষদে। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছু) সৈতে অনুষ্ঠিত হোৱা এক বৈঠকত পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ চেষ্টা কৰাৰ কথা প্রকাশ কৰে। উল্লেখযোগ্য যে চি বি এছ ইৰ সৈতে তাল মিলাই মেট্ৰিক পৰীক্ষা এইবাৰ পূৰ্বতকৈ যথেষ্ট আগতীয়াকৈ অনুষ্ঠিত কৰা হয়। আজি এবছুৰ সৈতে হোৱা আলোচনাৰ পাছত সংগঠনটোৰ সভাপতি দ্বীপেন বড়োৱে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে তেওঁলোকে পৰিষদৰ অধ্যক্ষ জৈনক মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া দিব বুলি প্রশ্ন কৰিছিল। তেতিয়া পৰিষদে বিহুৰ আগে আগে ফলাফল ঘোষণা কৰাৰ বাবে পূৰ্ণ প্রচেষ্টা চলাই থকা বুলি উত্তৰ দিয়া বুলি উল্লেখ কৰে। আনহাতে এপ্রিল মাহৰ শেষ সপ্তাহত বা মে' মাহৰ প্ৰথম সপ্তাহত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লক্ষ্যৰে কাম কৰি থকা বুলিও পৰিষদৰ অধ্যক্ষ জৈনে প্ৰকাশ কৰা বুলি বড়োৱে জানিবলৈ দিয়ে। এবছুৱে সময়মতে ফলাফল ঘোষণা কৰাত সদায় গুৰুত্ব প্রদান কৰি আহিছে বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে দৈনিক জনমভূমিৰ সৈতে এক টেলিফ'নিক বাৰ্তালাপত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে প্রকাশ কৰে যে সকলো ঠিকেঠাকে থাকিলে বিহুৰ পূর্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। কিন্তু এইপর্যন্ত নিশ্চিতভাৱে ক'ব পৰা অৱস্থালৈ অহা নাই। ফলাফল দিব পৰাকৈ সকলো সাজু হ'লে বিষয়টো ৰাজহুৱা কৰিব বুলিও তেওঁ প্রকাশ কৰে। লক্ষণীয় যে দ্বীপেন বড়োৰ নেতৃত্বত এবছুৰ এটা প্রতিনিধি দলে আৰ চি জৈনক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাত মিলিত হয়। বৈঠকত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ উপৰি এইবাৰ প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমত অৱতীৰ্ণ হোৱা ৫ সহস্রাধিক শিক্ষার্থীৰ ফলাফল বিসংগতি নোহোৱাকৈ সুকলমে ফলাফল ঘোষণা কৰাৰ বিষয়ত আলোচনা কৰে। আনহাতে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বড়ো বিভাগৰ একাডেমিক বিষয়া নিযুক্তি দিয়াৰ বাবেও আহ্বান জনায়। মাজতে এই বিষয়াজনৰ নিযুক্তি হৈছিল যদিও বিগত প্রায় তিনি বছৰ এই পদটো খালী হৈ থকা বুলি এবছুৰ সভাপতি বড়োৱে প্রকাশ কৰে। এই পদটো খালী হৈ থকাৰ বাবে শৈক্ষিক ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা বুলিও তেওঁ প্রকাশ কৰে। ফলত শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ শংকা অহা বুলিও তেওঁ কয়। আজি পৰিষদৰ অধ্যক্ষই তেওঁলোকক অহা এসপ্তাহৰ ভিতৰত এই পদত নিযুক্তিৰ বাবে সাক্ষাৎ প্রক্ৰিয়া আৰম্ভ কৰাৰ প্ৰতিশ্রুতি দিয়া বুলিও সদৰী কৰে। ইফালে বি টি আৰৰ চাৰি জিলা ক্ৰমে ওদালগুৰি, কোকৰাঝাৰ, বাক্সা আৰু চিৰাঙত গুণোৎসৱত সবাতোকৈ তলৰ ফালে স্থান লাভ কৰা বিষয়টোও উল্লেখ কৰি ইয়াৰ উন্নয়নৰ বিষয়ত আলোচনা কৰা বুলি দ্বীপেন বড়োৱে প্রকাশ কৰে। বিগত কেইটামান বছৰত শৈক্ষিক ক্ষেত্ৰখনত বি টি আৰৰ ফলাফল আশানুৰূপ আছিল যদিও গুণোৎসৱৰ
ফলাফলে তেওঁলোকক হতাশ কৰা বুলিও তেওঁ কয়। আনহাতে বি টি আৰৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ বাবে এবছুৱে অহা ১০ এপ্রিলত ৫০০ শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত আলোচনাত মিলিত হ'ব। এইক্ষেত্রত কাম কৰাৰ বাবে তেওঁলোকৰ পৰা পৰামর্শ গ্রহণ কৰিব বুলি তেওঁ কয়। বিদ্যালয় প্রাদেশিকীকৰণৰ বিষয়টো আজি আলোচনা কৰা বুলি বড়োৱে প্রকাশ কৰে।