ডিজিটেল ডেস্ক : বিশ্বৰ বজাৰত সোণ আৰু ৰূপৰ দাম দ্রুত গতিত হ্রাস পাইছে। চলিত মাহত অন্ত পৰিবলগীয়া ত্রৈমাসিকত সোণৰ দাম প্রায় ১২% হ্রাস পায়। ২০১৬ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্রৈমাসিকত সোণৰ দাম ইমান বৃহৎ হাৰত হ্রাস পায়। আনহাতে, এপ্রিল-জুন ত্রৈমাসিকত ৰূপৰ দামো চাৰি বছৰৰ ভিতৰত সৰ্বাধিক হাৰত হ্রাস পায়। ৰূপৰ দাম এই তিনি মাহত ১৭.৬% হ্রাস পায়।
উল্লেখযোগ্য চলিত বছৰৰ আৰম্ভণিতে সোণ আৰু ৰূপৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰিছিল। জানুৱাৰীত সোণৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে আৰু প্ৰতি আউন্সত ৫,৪১৭ ডলাৰ হয়। ইয়াৰ পাছত এতিয়ালৈকে সোণৰ দাম ২৪% হ্রাস পাইছে। আনহাতে, জানুৱাৰীত প্রতি আউন্স ৰূপৰ দাম ১১৭ ডলাৰ হৈ অভিলেখৰ সৃষ্টি কৰে। তেতিয়াৰ পৰা এতিয়ালৈকে ৰূপৰ দাম প্রায় ৪৭% হ্রাস পাইছে। যোৱা বছৰ সোণৰ দাম ৬৫% আৰু ৰূপৰ দাম ১৪৮% বৃদ্ধি পাইছিল। ইফালে, ভাৰতত আজি ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ২,৮১৭ টকা হ্রাস পাই ১.৪২ লাখ টকা হয়। আনহাতে, ৰূপৰ দাম প্রতি কিল'গ্রামত ৫,৪৪৮ টকা হ্রাস পাই ২.২২ লাখ টকা হয়।
যোৱা ২৯ জানুৱাৰী সোণৰ দামে অভিলেখৰ সৃষ্টি কৰে আৰু ২৪ কেৰেটৰ প্রতি দহ গ্রামৰ দাম হয়গৈ ১.৭৬ লাখ টকা। তেতিয়াৰ পৰা এতিয়ালৈকে সোণৰ দাম প্রায় ৩৪ হাজাৰ টকা হ্রাস পায়। আনহাতে, ৰূপৰ দাম যোৱা ২৯ জানুৱাৰীত প্রতি কিল'গ্রামত ৩.৮৬ লাখ টকা হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে ৰূপৰ দাম ১.৬৪ লাখ টকা হ্রাস পাইছে।