ডিজিটেল ডেস্ক: মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নৈসর্গিক সৌন্দৰ্যৰে ভৰা বেৰা চাপৰিৰ বেৰা ঘাটত ধেমাজি আৰু জোনাই বাসীৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'য় তৃতীয়সংখ্যক 'পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ।'
উল্লেখযোগ্য যে শতিকা গৰকা প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাক সংৰক্ষণ তথা ভৱিষ্যৎ প্ৰজন্মৰ মানসিকতা প্রকৃতিমুখী কৰি তোলাৰ লগতে পবাৰ জৈৱ বৈচিত্র্য আৰু ৯ পিঠিলৈ নৈসর্গিক সৌন্দর্যক বিশ্ব দৰবাৰলৈ উলিয়াই নি পবাক পৰ্যটনৰ মানচিত্ৰত স্থাপন কৰাৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত, জোনাই আৰু ধেমাজিবাসীৰ সহযোগত উদযাপন কৰি আহিছে 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ।' এই ধাৰাবাহিকতাৰ অংশস্বৰূপে বেৰা চাপৰিৰ নৈসর্গিক বেৰা ঘাটত কাইলৈৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'য় 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ।'
উল্লেখযোগ্য যে ১৯২৪ চনতে সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতি লাভ কৰা উত্তৰ অসম তথা ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবা আজিও জৈৱ-বৈচিত্ৰৰ এক অফুৰন্ত ভাণ্ডাৰ হিচাপে পৰিচিত। চিৰসেউজ গছ-গছনি, নদী-কাষৰীয়া অৰণ্য, লতা আৰু গুল্মজাতীয় উদ্ভিদ আৰু ঘাঁহনি আদিৰে সমৃদ্ধ প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাত আপুৰুগীয়া বন্যপ্রাণী, চৰাই-চিৰিকটি, পখিলা, কীট-পতংগ আদি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ অবাধ বিচৰণ দেখা পোৱা যায়। ইয়াৰ উপৰি পবা বনাঞ্চলত টুৰিজিম, ইক'-টুৰিজিম, জাংগল ট্রেকিং, ৰাফটিং, বনভোজ, বৰশী বোৱা আৰু নৌকা বিহাৰৰ বাবে এক ভূ-স্বর্গস্বৰূপ প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবা।
ইফালে এই বনাঞ্চলখনৰ দাঁতিকাষৰীয়া ৰাইজৰ কৃষ্টি-সংস্কৃতি আৰু জীৱন-জীৱিকাৰ সৈতেও ওতপ্রোতভাৱে জড়িত পবা। জোনাই আৰু ধেমাজিবাসীৰ বাবে প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবা এক শিৰৰ ৰত্নস্বৰূপ। 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ'ৰ জৰিয়তে প্ৰস্তাৱিত বন্যপ্রাণী অভয়াৰণ্য পবাৰ জৈৱ-বৈচিত্র্য আৰু পৰিৱেশ ব্যৱস্থাৰ সংৰক্ষণ, পৰিৱেশ ভাৰসাম্য বজাই ৰখা, ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰকৃতি সংৰক্ষণ, স্বাভাৱিক জীৱন-যাত্ৰাৰ বাবে অৰণ্য সংৰক্ষণৰ গুৰুত্ব সম্পর্কে সজাগতা সৃষ্টি কৰা, প্রকৃতি পৰ্যটনৰ বিকাশ আৰু ইয়াক আর্থ-সামাজিক শিল্পলৈ ৰূপান্তৰ কৰা, দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে পবা বনাঞ্চলৰ প্রয়োজনীয়তা, সংৰক্ষণ আৰু কৃষ্টি-সংস্কৃতিৰ সৈতে অৰণ্যৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰা, নতুন প্ৰজন্মৰ মানসিকতা প্রকৃতিমুখী কৰি তোলা আদিৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত প্ৰতি বছৰে উদযাপন কৰি আহিছে 'পবা বৰ্ষাৰণ্য প্রকৃতি মহোৎসৱ।'