আলু

Dainik Janambhumi August 22, 2024

ডিজিটেল ডেস্কঃ এইকেইদিন অসমত আলফাৰ বোমা সংস্থাপন, কলকাতাৰ মহিলা চিকিৎসকক বলাৎকাৰ-হত্যা, শিৱসাগৰত খিলঞ্জীয়া-বহিৰাগতৰ যুঁজ আদি ঘটনাক লৈ চৰকাৰ-প্ৰশাসন তথা অসমবাসী ব্যস্ত হৈ থাকোঁতে সংগোপনেই আলুৰ দামে ৩০১ পৰা জঁপিয়াই ৫০ চুলেগৈ৷ বিজেপি চৰকাৰৰ দিনত নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম প্ৰতিনিয়ত বৃদ্ধি পাই থাকিলেও দৰিদ্ৰ জনতাৰ দুবেলা দুসাঁজৰ অন্যতম সাৰথি আছিল আলু৷

কিয়নো আন পাচলিৰ তুলনাত আলুৱেই হ’ল আটাইতকৈ কম দামত পোৱা পাচলি৷ তদুপৰি ইয়াৰ স্থানীয়ভাৱেও উৎপাদন হয় আৰু সকলো ব্যঞ্জনৰ লগতে মিলি পৰে৷ আন কথাত অন্যান্য পাচলিৰ সহায় নোলোৱাকৈয়ে এককভাৱেও আলু তৃপ্তিদায়ক ব্যঞ্জন হৈ পৰিব পাৰে৷ সেয়ে ইয়াৰ জনপ্ৰিয়তাও বেছি৷ অসমকে ধৰি আমাৰ ভাৰতবৰ্ষত যদিও আলুৰ ব্যাপক প্ৰচলন হয়, ই কিন্তু স্থানীয় নহয়৷ ই আহিছে পেৰু-বলিভিয়ান এণ্ডিজৰ পৰা৷ ১৮০০ বছৰ আগতেই দক্ষিণ আমেৰিকাত ইনকাসকলে ইয়াৰ খেতি কৰিছিল৷ অৱশ্যে পেৰুৰ এংকন উপকূলীয় স্থানত খ্ৰীষ্টপূৰ্ব ২৫০০ চনতেই আলু আৱিষ্কাৰৰ আদিম প্ৰমাণ আছে৷ আলুৰ আৱিষ্কাৰৰ ঘটনা পুৰণি যদিও ইয়াৰ ঘৰুৱা খেতি বেছ কিছুবছৰৰ পাছৰ৷ যিহেতু সকলো আলু ঘৰুৱা খেতিৰ বাছনিত উঠা নাছিল, সেয়ে টিটিকাকা হ্ৰদৰ আশে-পাশে থকা অঞ্চলৰ কৃষকসকলে [যিসকল পিছলৈ কলম্বিয়ান হিচাপে পৰিচিত হৈছিল

এছ ব্ৰেভিক’ল কমপ্লেক্স নামৰ এটা প্ৰজাতিৰ আলু খেতি কৰিবলৈ লৈছিল৷ চিল’ দ্বীপপুঞ্জতো টিউবেৰ’ছাম প্ৰজাতিৰ এবিধ আলুৰ খেতি কৰা হৈছিল৷ পৰৱৰ্তী সময়ত এই ছ’লানাম টিউবেৰ’ছাম প্ৰজাতিটোৱেই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰে৷ বৰ্তমান সমগ্ৰ বিশ্বই নিজাকৈ আলু খেতি কৰি চাহিদা পূৰণৰ প্ৰচেষ্টা লৈছে৷ এতিয়া প্ৰশ্ন হ’ব পাৰে– আলুত এনে কি আছে যে ই সমগ্ৰ বিশ্বতেই বিপুলভাৱে সমাদৃত? চিকিৎসা বিজ্ঞানৰ গৱেষকসকলৰ মতে আলু হৈছে স্কাৰ্ভি প্ৰতিৰোধ কৰাত সহায় কৰিব পৰা এবিধ এণ্টিঅক্সিডেণ্ট৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি ৬, পটাছিয়াম, মেগনেছিয়াম থাকে৷ এটা ডাঙৰ আকাৰৰ আলুত ২৫ মিলিগ্ৰাম ভিটামিন চি, ১৬৪০ মিলিগ্ৰাম পটাছিয়াম, ৰ মিলিগ্ৰাম ভিটামিন বি ৬ থাকে৷

আলুৰ বাকলি পটাছিয়াম আৰু মেগনেছিয়ামৰ উত্তম উৎস৷ তদুপৰি আলুত কেলচিয়াম, ফ’লেট, আলফা-লাইপ’ইক এচিড, নিয়াচিন আৰু ক’লিনো থাকে৷ ৰঙা আলুত এণ্টিঅক্সিডেণ্ট বেছি৷ সি যি নহওক লক্ষ্যণীয় কথাটো হৈছে– এইবিধ পাচলিৰ চাহিদা পূৰণ কৰিবলৈ অসমৰ পৰা বছৰি প্ৰায় চ্ছ্ৰ,৫০০ কোটি টকা ওলাই যায়৷ অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০ শতাংশই কৃষক৷ ইয়াৰে অধিকাংশই বছৰি কম-বেছি পৰিমাণে আলুৰ খেতি কৰে৷ তাৰ পাছতো আলু উৎপাদনত অসম স্বাৱলম্বী হৈ উঠা নাই৷ বাতৰি অনুসৰি অসমৰ জনগণৰ চাহিদা পূৰণ কৰিবলৈ বছৰি প্ৰায় ৪০ লাখ টন আলুৰ প্ৰয়োজন হয়৷ ইয়াৰ বিপৰীতে কিন্তু ৰাজ্যত আলুৰ উৎপাদন হয় প্ৰায় ১১ লাখ টন৷ যাৰ বাবে বাকী সৰহভাগ আলু চুবুৰীয়া পশ্চিম বংগ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, মেঘালয় ৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয় আৰু বছৰি হাজাৰ হাজাৰ কোটি টকা বাহিৰলৈ ওলাই যায়৷

শেহতীয়াকৈ অসমত আলুৰ দাম হঠাৎ বৃদ্ধিৰ আঁৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বুলি কোৱা হৈছে আৰু তেওঁকে চৰকাৰী-বেচৰকাৰী সকলো পক্ষই দোষাৰোপ কৰিবলৈ লৈছে৷ হওঁতে কথাটো মিছাও নহয়৷ পশ্চিম বংগৰ পৰা কিছুদিন ধৰি অসমলৈ আলুৰ ১৫ানি বন্ধ কৰা হৈছে৷ কেৱল আলুৱেই নহয়, মমতাই পশ্চিম বংগৰ পৰা অন্য ৰাজ্যলৈ শাক-পাচলিৰ সৰবৰাহতো নিষেধাজ্ঞা জাৰি কৰিছে৷ অলপতে অনুষ্ঠিত টাস্ক ফ’ৰ্চৰ এখন বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত যি পৰ্যন্ত শাক-পাচলিৰ দাম সুস্থিৰ নহ’ব সেই পৰ্যন্ত আন ৰাজ্যলৈ ১৫ানি বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে৷ আনহাতে, ৰাজ্যখনত সুযোগ বুজি একাংশ ব্যৱসায়ীয়ে ইচ্চামতে শাক-পাচলি আৰু মাছৰ দাম বৃদ্ধি কৰা, গুদামত সামগ্ৰী মজুত কৰি কৃত্ৰিম নাটনিৰ সৃষ্টি কৰা আদিৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ দিয়ে৷ মমতাই এনে পদক্ষেপ এইবাৰেই নহয়, প্ৰতি বছৰে লৈ আহিছে৷

নিজৰ ৰাজ্যখনত দাম বৃদ্ধি ৰোধ কৰিবলৈ তথা চাহিদাৰ জোৰা মাৰিবলৈকে তেওঁ এনে নিৰ্দেশনা দিছে৷ আৰু আমাৰ অসমত? অসমত যোগান বিভাগ এটা আছে বুলি জনগণৰ শুভবোধ নোহোৱাই হৈছে৷ মাজতেতো ৰাজহুৱাকৈ মন্ত্ৰীয়ে কৈয়ে দিছে– বোলে আলু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ বস্তু  নহয়৷ বিভাগৰ অধীনত কেৱল অত্যাৱশ্যকীয় সামগ্ৰীসমূহহে পৰে৷ সেইদৰে বজাৰ মূল্য নিৰ্ধাৰণো বোলে তেওঁলোকৰ কৰ্তব্যৰ আওতাৰ বিষয় নহয়৷ সেয়া জিলা প্ৰশাসনৰহে দায়িত্ব৷ আনহাতে কৃষি বিভাগ? কৃষি বিভাগে আজিপৰ্যন্ত ৰাজ্যত পৰ্যাপ্ত শীতলীকৰণ ভঁৰালকেইটাকে যোগাৰ কৰিব পৰা নাই৷ আলু এটা নষ্ট হ’ব পৰা বস্তু, যাৰ বাবে ভৱিষ্যতৰ বাবে ৰাখিবলৈ হ’লে শীতল ভঁৰালৰ প্ৰয়োজন হ’বই৷

কিন্তু পৰিতাপৰ কথাটো এয়াই যে এই বিষয়টোত অতি দুঃখজনকভাৱে উদাসীন চৰকাৰ, উদাসীন বিভাগ৷ তথ্য মতে, উত্তৰ প্ৰদেশত প্ৰায় ২৬৯৬টা, পশ্চিম বংগত ১২৩০টা শীতল ভঁৰাল আছে, য’ত অসমত আছে মাত্ৰ ৩০টা৷ তদুপৰি দাম কমি থকাৰ সময়ত অৰ্থাৎ আলু খেতি চপোৱাৰ সময়ত পশ্চিম বংগই হওক, উত্তৰ প্ৰদেশেই হওক চৰকাৰীভাৱে নূ্যনতম সমৰ্থন মূল্যত আলু ক্ৰয় কৰি শীতল ভঁৰালত ৰখাৰ ব্যৱস্থা আছে৷ কিন্তু অসমত তেনে কোনো ব্যৱস্থা আজিও হৈ নুঠিল৷ যাৰ ফল ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ নাগৰিকে৷ লক্ষ্যণীয় কথাটো হ’ল অসমৰ ৰাইজে আজিৰ তাৰিখত আটাইতকৈ বেছি দাম ভৰি আলু ক্ৰয় কৰি আছে৷ বৰ্তমান দেশৰ মুখ্য চহৰৰবোৰৰ ভিতৰত আলুৰ দামৰ ক্ষেত্ৰত শীৰ্ষত আছে গুৱাহাটী৷ গুৱাহাটীত এতিয়া প্ৰতি কেজি আলুৰ দাম ৪৫-৫০ টকা৷ ইয়াৰ বিপৰীতে আকৌ আহমেদাবাদ, জয়পুৰ, কলকাতা, পাটনা, ভুৱনেশ্বৰত ২০ টকা, মুৰাদাবাদ, বিজয়ৱাড়া, হায়দৰাবাদ, চেন্নাইত ৩০ টকা, লক্ষ্ণৌত ২৫ টকা, নাছিক, নাগপুৰত ৩৪ টকা, বেংগালুৰুত ৪০ টকা৷ প্ৰশ্ন হয়– অসম আলু উৎপাদনেৰে স্বাৱলম্বী হ’বলৈ কিমান দূৰ?

কৃষি বিভাগেই বা কি কি পদক্ষেপ লৈছে? চাবলৈ গ’লে প্ৰচুৰ পৰিমাণে আলু উৎপাদন হ’ব পৰাকৈ অসমত পৰ্যাপ্ত খেতিমাটিও আছে, কৃষকো আছে৷ খৰালি অসমত বতৰো ভাল৷ তেনেহ’লে সমস্যাটো ক’ত? দেখাত সমস্যা বুলি জটিলতা একো নাই৷ আলু খেতিৰ সময়ত বহু কৃষকে সৰহকৈ খেতিখন কৰিবলৈ দাম ভৰি কঠীয়াৰ যোগাৰ কৰিব নোৱাৰে৷ সেইদৰে স্বাস্থ্যৱান খেতি এখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে– জৈৱিক সাৰ, কীটনাশক, ৰোগনাশক ঔষধ আদিৰ অভাৱতো ভোগে৷ কৃষি বিভাগে সেই সুযোগ গ্ৰহণ কৰিব পাৰে৷ কৃষকক উন্নতমানৰ আলুৰ বীজ যোগান ধৰিব পাৰে৷ সেইদৰে উৎপাদনৰ পাছত উচিত মূল্যত আলু ক্ৰয় কৰি শীতল ভঁৰালত ভৱিষ্যতলৈ সাঁচি ৰাখি পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ আৰ্হি দেখুৱাব পাৰে৷ মনত ৰখা ভাল– ৰাজ্যৰ কৃষক সমাজৰ অফুৰন্ত সম্ভাৱনা আছে৷ এই সম্ভাৱনাক বাস্তৱত পৰিণত কৰিবলৈ অলপমান চৰকাৰী পৰিকল্পনা তথা সঁহাৰিয়েই যথেষ্ট৷

Share This