বিচাৰকৰ বিচাৰ

Dainik Janambhumi September 04, 2024

ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমক অঘোষিতভাৱে চতুৰ্থ স্তম্ভৰূপে অভিহিত কৰিলেও আচলতে ভাৰতীয় গণতন্ত্ৰ সাংবিধানিকভাৱে তিনিটা স্তম্ভৰ ওপৰত থিয় হৈ আছে, সেই স্তম্ভকেইটাৰ বিষয়ে সকলোৱে জানেই– বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা৷ বিধানপালিকা স্তম্ভটো হৈছে সংসদীয় মঞ্চসমূহ যেনে সংসদ, বিধানসভা আৰু বিধান পৰিষদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিৰে গঠিত৷

এই স্তম্ভটোৰ দায়িত্ব হৈছে দেশখন আৰু ৰাজ্যসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে আইন প্ৰণয়ন আৰু সংশোধন কৰা, উন্নয়নৰ নীতিসমূহ নিৰ্ধাৰণ কৰা, দেশ তথা ৰাজ্যসমূহ চলিবলৈ বাজেট নিৰ্ধাৰণ কৰা আৰু সময় অনুসৰি আৰু প্ৰয়োজন অনুসৰি কৰ-কাটল, ৰাজহৰ মাত্ৰা নিৰূপণ কৰা, ৰাইজৰ সমস্যাসমূহ সংসদীয় মজিয়াবিলাকত আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰা ইত্যাদি৷ তেনেকৈ কাৰ্যপালিকাৰ কাম হৈছে চৰকাৰৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা, যিটো আমোলাবিলাকৰ দ্বাৰা নিয়ন্ত্ৰিত৷ তৃতীয় স্তম্ভ, অৰ্থাৎ ন্যায়পালিকাৰ কামটো সকলোতকৈ গধুৰ; এইবাবেই যে বাকী দুটা স্তম্ভৰ কিবা দুৰ্বলতা থাকিলে, চৰকাৰ-প্ৰশাসনত অনিয়ম হ’লে, দেশত আইন উলংঘা হ’লে– সেইবিলাকৰ বিচাৰ কৰি, দোষীক শাস্তিৰ ব্যৱস্থা কৰি, দেশত সু-শাসনৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰি থকাৰ দায়িত্ব ন্যস্ত হৈ আছে ন্যায়পালিকাৰ ওপৰত৷

সেয়েহে কেতিয়াবা বিধানপালিকা বা কাৰ্যপালিকাৰ ওপৰত আস্থা হেৰাই গ’লে জনসাধাৰণে শেষ বিশ্বাস আৰোপ কৰে ন্যায়পালিকাৰ ওপৰত৷ কিন্তু যেতিয়া ন্যায়পালিকাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠে তেতিয়া সামগ্ৰিকভাৱে গণতন্ত্ৰৰ প্ৰতিয়েই বিশ্বাস হেৰাই যায়৷ ন্যায়পালিকাৰ কিছুমান ঐতিহাসিক ৰায়ে বা ভূমিকাই জনসাধাৰণৰ ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিছে, কিন্তু যেতিয়া ন্যায়ালয়ৰ পীঠৰ পৰা অন্যায়ক ৰক্ষণাবেক্ষণ দিব পৰাধৰণৰ ৰায় প্ৰদান কৰা বুলি জনসাধাৰণৰ ধাৰণা হয় বা কোনোবা বিচাৰকৰ ভূমিকাৰ ওপৰত সন্দেহ হয় অথবা দুন¹তিগ্ৰস্ত ব্যক্তি বিচাৰকৰ আসনত বহা বুলি প্ৰকাশ হয় তেতিয়া নাগৰিক সমাজ হতাশ হয়৷ এই প্ৰসংগখিনি অৱতাৰণাৰ কাৰণ হ’ল শেহতীয়াকৈ তেজপুৰৰ বিচাৰক এগৰাকীৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হোৱা পৰিস্থিতি৷ ৰঞ্জু মেধি নামৰ তেজপুৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীক উক্ত আদালতখনত কাম কৰা এগৰাকী কৰ্মচাৰীৰ জালিয়াতিৰ গোচৰৰ সৈতে সাঙোৰ খোৱা বাবে উচ্ছ ন্যায়ালয়ে নিলম্বন কৰিছে৷ তদুপৰি তেওঁক উচ্ছ ন্যায়ালয়ৰ ভিজিলেন্সৰ এটা দলে জেৰাও কৰিছে৷ কি অপৰাধত ন্যায়াধীশগৰাকীক এই শাস্তি দিয়া হৈছে তাৰ সবিশেষ পাছত পোহৰলৈ আহিব যদিও ন্যায় বিচাৰৰ দায়িত্বত থকা বিচাৰক এগৰাকী এনেকুৱা অৱস্থাৰ সন্মুখীন হ’লে সামগ্ৰিকভাৱে এটা সন্দেহৰ বাতাৱৰণ সৃষ্টি হয়৷ প্ৰশ্ন হয় বাকী বিচাৰকসকলৰ কিমানেই বা সৎ?

তেজপুৰৰ এই ঘটনাটোৰ সমসাময়িক অন্য এটা ঘটনায়ো আমাৰ ৰাজ্যৰ জনসাধাৰণৰ ন্যায়পালিকাৰ ভূমিকাৰ প্ৰতি সন্দেহৰ উদ্ৰেক নঘটোৱাকৈ থকা নাই৷ সেয়া হৈছে– অসম লোকসেৱা আয়োগৰ সাক্ষাৎকাৰত হোৱা দুৰ্নীতিৰ পৰিপ্ৰেক্ষিতত ধনৰ বিনিময়ত পিছ দুৱাৰেদি চাকৰি লাভ কৰা বাবে বিশেষ আদালতে কাৰাদেণ্ডৰে দণ্ডিত কৰা চ্ছজন কৃষি উন্নয়ন বিষয়াক উচ্ছ ন্যায়ালয়ৰ জামিন মঞ্জুৰ কৰা ঘটনা৷ সুদীৰ্ঘ দিনৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত নিম্ন আদালত এখনে যথোপযুক্ত প্ৰমাণ পাই দোষী বুলি চিহ্নিত কৰাৰ পাছত তেওঁলোকক কাৰাদেণ্ডৰে দণ্ডিত কৰিছিল৷ তেনেকুৱা অপৰাধী বিষয়াকেইজনক উচ্ছ ন্যায়ালয়ে বিশেষ আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰি জামিন মঞ্জুৰ কৰিলে তাৰ যুক্তি বিচাৰপীঠৰ থাকিব পাৰে, কিন্তু জনসাধাৰণে এনেকুৱা বিচাৰৰ অৰ্থ বুজি নাপায়৷ ফলত ন্যায়ালয়ৰ প্ৰতি সন্দেহ জাগ্ৰত হয়৷ ওপৰত উল্লেখ কৰা বিষয়কেইটা বিক্ষিপ্ত উদাহৰণ মাত্ৰ৷ যোৱা বছৰ চি বি আয়ে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত এলাহাবাদ উচ্ছ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এছ এন শুক্লা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ ২০২২ চনত লোক সভাৰ মজিয়াত তদানীন্তন আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰকাশ কৰিছিল যে ন্যায় ব্যৱস্থাত দুৰ্নীতিকে ধৰি ন্যায়পালিকাৰ বিৰুদ্ধে ১৬৩১টা অভিযোগ উত্থাপিত হৈছে আৰু এইবোৰৰ সন্দৰ্ভত ব্যৱস্থা ল’বলৈ দেশৰ মুখ্য ন্যায়াধীশ আৰু সংশ্লিষ্ট উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকললৈ এই অভিযোগবোৰ প্ৰেৰণ কৰা হৈছে৷ এই তথ্যবিলাকেই প্ৰতিপন্ন কৰে যে দেশৰ ন্যায় ব্যৱস্থাটো নিষ্কলুষ নহয়৷

এনেকুৱা অৱস্থা এটা কেৱল ন্যায়পালিকাৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে উদ্বেগৰ বিষয়৷ এফালে বিশ্বাসযোগ্যতা হেৰুওৱা আৰু আনফালে বিচাৰৰ বোজা– এই দুটা সমান্তৰাল সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে ন্যায়পালিকা৷ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ তথ্য মতে, দেশৰ সৰ্বোচ্ছ ন্যায়িক মঞ্চ উচ্ছতম ন্যায়ালয়ত ৮০,২২১টা গোচৰ নিষ্পত্তিবিহীন হৈ পৰি আছে৷ সমগ্ৰ দেশৰ বিভিন্ন আদালতত নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ সংখ্যা অকল্পনীয়– প্ত.ৰ কোটি৷ ইয়াৰে ৰ লাখ ৮০ হাজাৰ এনেকুৱা গোচৰ আছে যি ত্ৰিশ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ সীমিত সংখ্যক ন্যায়াধীশ আৰু ন্যায়িক বিষয়াৰ জৰিয়তে ন্যায় বিচাৰৰ এই বিয়াগোম পাহাৰটো অতিক্ৰম কৰা জানো সম্ভৱ?

ন্যায়িক ভাষাতে এষাৰ কথা আছে– Justice delayed justice denied অৰ্থাৎ দেৰিকৈ ন্যায় পোৱা আৰু ন্যায় নোপোৱাৰ মাজত পাৰ্থক্য নাই৷ বিচাৰকৰ দুন¹তি আৰু বিচাৰৰ ক্ষমতা এই দুয়োটা প্ৰত্যাহ্বান ক্ৰমান্বয়ে গুৰুতৰ হৈ আহিবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ ক্ৰমান্বয়ে মোহ ভংগ হ’বলৈ ধৰা অৱস্থাটোৰ কেনেকৈ অৱসান ঘটোৱা যায় সেইটো এটা জটিল প্ৰশ্ন৷ কিন্তু এইটো ঠিক যে এনে অৱস্থা বাহাল থাকিবলৈ হ’লে গণতন্ত্ৰৰ এই মূল স্তম্ভটো থিয় কৰি ৰখাটো সহজ নহ’ব৷ এই খঁুটাটো দুৰ্বল হোৱা মানে গণতন্ত্ৰও দুৰ্বল হৈ পৰা৷

Share This