নীতিহীন বিৰোধী ঐক্য

Dainik Janambhumi November 06, 2024

ডিজিটেল ডেস্কঃ বিহালী সমষ্টিৰ উপ-নিৰ্বাচনটো ৰাজ্যৰ বিৰোধী ৰাজনীতিৰ বাবে এক নেতিবাচক অধ্যায়ৰূপে চিহ্নিত হোৱাই নহয়, ভৱিষ্যতৰ দিনবোৰতো ইয়াৰ প্ৰভাৱ পৰি থাকিব৷ দেশৰ নিৰ্বাচনী ইতিহাসলৈ লক্ষ্য ৰখাসকলে জানে যে উপ-নিৰ্বাচনবিলাকত সদায় শাসকীয় দলৰ বিশেষ সুবিধা থাকে আৰু বেছিভাগ ক্ষেত্ৰতে জয় শাসকীয় পক্ষৰে হয়৷ শাসকীয় দলৰ বিৰুদ্ধে সাংঘাতিকধৰণৰ জনক্ষোভৰ সৃষ্টি নহ’লে বা বিৰোধী দলৰ প্ৰাৰ্থীৰ ব্যাপক জনপ্ৰিয়তা আৰু প্ৰবল অৰ্থবল নাথাকিলে উপ-নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ বিজয় অসম্ভৱ বুলিয়েই প্ৰতিপন্ন হৈ আহিছে৷

গতিকে জয়ৰ লক্ষ্য স্থিৰ কৰিবলৈ হ’লে বিৰোধী পক্ষই এইবিলাক দিশলৈ লক্ষ্য ৰাখিব লাগিব আৰু প্ৰাৰ্থীও সেই অনুসৰি নিৰ্ণয় কৰিব লাগিব৷ কিন্তু এইবাৰ কেৱল বিহালীতে নহয়, উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা প্তটা সমষ্টিতে বিৰোধীয়ে কি ৰণকৌশল লৈ যুঁজত অৱতীৰ্ণ হ’ল, জয়লাভ তেওঁলোকৰ প্ৰকৃত লক্ষ্য নে অন্য কিবা উদ্দেশ্য আছে, বিজেপিক পৰাভূত কৰিবলৈ তেওঁলোক সঁচাকৈয়ে দৃঢ়প্ৰতিজ্ঞ নে সেই কোনোটো কথাই সমষ্টিকেইটাৰ ভোটাৰ কিম্বা সামগ্ৰিকভাৱে অসমৰ জনসাধাৰণে বুজিব নোৱাৰিলে৷ এতিয়া বিহালী তথা অন্য সমষ্টিকেইটাত যিখন যুঁজ হৈছে সেয়া বিক্ষিপ্ত বিৰোধীৰ ঐক্যবদ্ধ শাসকীয় পক্ষৰ বিৰুদ্ধে যুঁজ৷ ইয়াৰ আগতেও এই স্তম্ভতে বিহালীৰ বিৰোধী-প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত বিৰোধী ঐক্যমঞ্চৰ সংঘাতৰ বিষয়টো উল্লেখ কৰি বিৰোধী ঐক্যৰ সমগ্ৰ অধ্যায়টোক দুৰ্বোধ্য সাঁথৰ বুলি কোৱা হৈছিল৷

আৰু সঁচাকৈয়ে বিৰোধী পক্ষৰ স্থিতি যে নীতিহীন ৰাজনীতিৰহে প্ৰতিফলন সেয়া উপ-নিৰ্বাচনৰ ভৰপক সময়তো পৰিলক্ষিত হৈছে৷ বিজেপি এটা সু-সংগঠিত, প্ৰচুৰ অৰ্থবল থকা শক্তিশালী দল যে হয় সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু সেইবুলি তেওঁলোক দুৰ্জেয়ও নহয়৷ যোৱা লোক সভাৰ নিৰ্বাচনত ইয়াৰ সত্যতা প্ৰতিপন্ন হৈ গৈছে৷ নিৰ্বাচনটোত কথমপি সংখ্যাধিক্য লাভ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত একেৰাহে তৃতীয়বাৰলৈ বিজেপিৰ চৰকাৰ হ’ল যদিও লোক সভাত বিজেপিৰ তথা এন ডি এৰ পূৰ্বৰ দৰে একাধিপত্য নাই৷

সেয়া সম্ভৱ হৈছিল একমাত্ৰ বিৰোধী ঐক্যৰ বাবে৷ যোৰহাট লোক সভা সমষ্টিত গৌৰৱ গগৈয়ে অভাৱনীয় বিজয় সাব্যস্ত কৰিব পাৰিলে একমাত্ৰ বিৰোধী ঐক্যৰ বাবে৷ সেই দৃষ্টান্তবোৰ সজীৱ হৈ থকা অৱস্থাতে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনটোত বিৰোধী দলসমূহ ঐক্যবদ্ধ হ’ব নোৱৰাটোক দুৰ্বোধ্য সাঁথৰ বুলি নকৈ আৰু কি বুলি অভিহিত কৰিব পৰা যায়? প্ৰসংগক্ৰমে উল্লেখ কৰা উচিত যে বিৰোধী ঐক্যক কংগ্ৰেছে সদায় নিজৰ লাভৰ দৃষ্টিকোণেৰে চাই অহা বাবে প্ৰায়ে অন্য বিৰোধী দলবোৰ অসন্তুষ্ট হয়৷ অলপতে অনুষ্ঠিত হৈ যোৱা হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত পুনৰ তাৰ প্ৰতিফলন ঘটা দেখা গ’ল৷

ৰাজ্যখনত কংগ্ৰেছ-নেতৃত্বাধীন বিৰোধী পক্ষ জয়ী হোৱাৰ সুচল পৰিৱেশ আছিল৷ কিন্তু কংগ্ৰেছ আৰু আপৰ বুজাবুজি সম্ভৱ নোহোৱা বাবে অতি বেয়া অৱস্থা সত্ত্বেও বিজেপিৰ জয় হ’ল৷ সেই প্ৰভুত্ব কংগ্ৰেছে সকলো ঠাইতে খটুৱাব খোজে৷ অসমত বিৰোধী দলবোৰৰ এখন আনুষ্ঠানিক মঞ্চ আছিল৷ কংগ্ৰেছ তাৰ সভাপতি আছিল৷ আন সকলোবিলাক বিৰোধী দলে মাত্ৰ বিহালী আসনখন বিচাৰিছিল৷ সেই বুজাবুজি হোৱা হ’লে এতিয়া ৰাজ্যৰ কেউটা বিৰোধী দলে জাকি মাৰি প্তটা সমষ্টিত নামি পৰিলেহেঁতেন৷ তেনে হোৱা হ’লে নিৰ্বাচনী প্ৰচাৰৰ দৃশ্যপটেই সলনি হৈ গ’লহেঁতেন৷ কিন্তু এতিয়া কংগ্ৰেছে অকলে প্তটা সমষ্টিত সীমিত সামৰ্থ্যৰে প্ৰচাৰ চলাই থাকিব লগীয়া হৈছে৷ বিহালীত লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞাকে ধৰি অকংগ্ৰেছী বিৰোধী নেতাসকলে চি পি আই [এম এল]ৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলাইছে৷ ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীজনো বিজেপিৰ পৰা ধাৰ কৰা৷ প্ৰাৰ্থীগৰাকীৰ বিশাল সম্পত্তিৰ উৎসক লৈয়ো ইতিমধ্যে ব্যাপক চৰ্চা হৈছে৷ এনেকুৱা এগৰাকী প্ৰাৰ্থীৰ বাবেই কংগ্ৰেছে বিৰোধীৰ সমূহীয়া অনুৰোধক অস্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ ইয়াৰ ফলত লোক সভাৰ নিৰ্বাচনত গঢ়ি উঠা বিৰোধী ঐক্য থানবান হৈ গ’ল৷ কংগ্ৰেছক এৰি অন্য দলবোৰে পৃথক ঐক্যমঞ্চ গঠন কৰি এতিয়া নিজস্ব ধৰণেৰে আগবাঢ়িছে৷ অজাপ, ৰাইজৰ দলৰ মূল নেতা দুগৰাকীয়ে কংগ্ৰেছৰ ভূমিকাক মুকলিকৈ সমালোচনা কৰিছে৷

এনে অৱস্থাত কংগ্ৰেছে নিজা প্ৰাৰ্থীগৰাকীক বিহালীত কেনেকৈ জিকায় বা বাকী সমষ্টি চাৰিটাত কেনে ফল প্ৰদৰ্শন কৰে তালৈ সকলোৱে আগ্ৰহেৰে বাট চাইছে৷ সেই ফলাফল কি হয় পাছৰ কথা, কিন্তু ইমানৰ পাছতো অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৈছে যে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত পুনৰ বিৰোধী ঐক্য স্থাপন হ’ব৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ এই বক্তব্যত অৱশ্যে আচৰিত হ’বলগা নাই এই কাৰণেই যে সমগ্ৰ দেশৰ পটভূমিতেই হওক বা অসমৰ ক্ষেত্ৰতে হওক, বিৰোধী ঐক্যৰ বিষয়টোক লৈ কংগ্ৰেছে নিজাধৰণেৰে খেলি থাকিব খোজে৷ কিন্তু প্ৰশ্ন হ’ব উপ-নিৰ্বাচনত এনেকুৱা অৱজ্ঞাৰ পাছত কি যুক্তিত অন্য দলবিলাক পুনৰ কংগ্ৰেছ-নেতৃত্বাধীন বিৰোধী ঐক্যত চামিল হ’ব? ‘বিজেপিক প্ৰতিৰোধ’ৰ একমাত্ৰ যুক্তিত বিৰোধী ঐক্যৰ নতুন নাটক এখন হয়তো পুনৰ হ’ব পাৰে৷ পিছে ৰাইজে এই নাটকবোৰ চাই চাই আমনি পাইছে৷ নীতিহীন, মৰ্যাদাহীন ঐক্যই কাৰোবাক ক্ষমতাসীন কৰিলেও জনগণৰ বৃহত্তৰ স্বাৰ্থত কেনেকুৱা ঐক্য ফলপ্ৰসূ হৈ নুঠে৷ অহা দিনবোৰৰ এনে নাটকত কোনে কি ভাও লয় চাবলগীয়া হ’ব৷

Share This