দুৰ্বলতাৰ চিন
Dainik Janambhumi
December 21, 2024
এডলফ হিটলাৰৰ এষাৰ কথা আছে– আক্ৰমণেই শ্ৰেষ্ঠ প্ৰতিৰক্ষা৷ এই কথাষাৰৰ অন্তৰালত নিহিত থকা সত্যটো হ’ল যাৰ অন্তৰত আক্ৰান্ত হোৱাৰ, ক্ষমতাচ্যুত হোৱাৰ ভয়ে অহৰহ ক্ৰিয়া কৰে তেওঁলোকে শত্ৰু বুলি ভাবি যেতিয়াই-তেতিয়াই যাকে-তাকে আক্ৰমণ কৰিব খোজে৷ উদ্দেশ্য নিজৰ নিৰাপত্তা নিশ্চিত কৰা৷ এয়া একধৰণৰ মনস্তাত্ত্বিক প্ৰয়োজনীয়তা৷
যেতিয়া আক্ৰান্ত হোৱাৰ ভয় আৰু হাতত থকাখিনি হেৰুওৱাৰ ভয় তীব্ৰ হৈ উঠে তেতিয়াই নৃশংস হৈ উঠে কতৃৰ্ত্বশীল পক্ষ৷ দমন নীতিয়েই তাৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় বুলি ধৰি লৈ প্ৰতিপক্ষৰ ওপৰত নানা ধৰণৰ চাপ প্ৰয়োগ কৰে৷ আমাৰ শাসকীয় পক্ষবিলাকৰ ক্ষেত্ৰতো তেনেধৰণৰ প্ৰৱণতাই বিদ্যমান৷ ৰাইজৰ মতামত, বিৰোধী পক্ষৰ সমালোচনা আদি সহ্য কৰা আৰু সন্মান কৰাটো যে এটা গণতান্ত্ৰিক পৰম্পৰা সেই কথা শাসকীয় পক্ষই পাহৰি যোৱা দেখা যায়৷ দেশৰ সংবাদ মাধ্যম যে ৰাষ্ট্ৰৰ বাবে চৰকাৰৰ সমানেই জৰুৰী সেই কথাও তাচ্ছিল্য কৰি উৰুৱাই দি সাংবাদিক আৰু সংবাদ মাধ্যমকো হেঁচাত ৰাখিব খোজা হয়৷ কংগ্ৰেছে বিভিন্ন দাবীৰ ভিত্তিত ৰাজভৱন যাত্ৰাৰ যি প্ৰতিবাদী কাৰ্যসূচী লৈছিল, তাৰ ওপৰত যেনেধৰণেৰে দমন-নিপীড়ন চলোৱা হ’ল সেই কাৰ্যই চৰকাৰৰ শক্তি নহয়, দুৰ্বলতাৰহে পৰিচয় দিলে৷
এনেধৰণৰ বিৰোধী দলৰ প্ৰতিবাদত কন্দুৱা গেছ প্ৰয়োগ আগতে হোৱা নাই৷ এই কন্দুৱা গেছ প্ৰয়োগৰ ফলত এজন কংগ্ৰেছ কৰ্মী তথা অধিবক্তাৰ মৃত্যু হৈছে৷ একাংশ সাংবাদিক আহত হৈছে৷ অথচ চৰকাৰী পক্ষৰ নেতা-মন্ত্ৰীসকলে লঘু কথা অৱতাৰণা কৰি বিষয়টো গুৰুত্বহীন কৰি তুলিবলৈ চেষ্টা কৰিছে৷ কথাই কথাই ইন্দিৰা গান্ধী আৰু জৰুৰী অৱস্থাৰ প্ৰসংগ টানি অনা বিজেপিৰ নেতা-পালিনেতাই জনা ভাল যে যোৱা দহ বছৰ ধৰি অসম তথা ভাৰতবৰ্ষত চলা ধৰণৰ দমন-নিপীড়ন জৰুৰীকালীন অৱস্থাতো চলা নাছিল, তেনে নিদৰ্শন নাই৷ চৰকাৰে মনত ৰখা উচিত যে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মাজত আমি সকলো আবদ্ধ হৈ আছোঁ৷ চৰকাৰক সমালোচনা কৰিব পৰাটো গণতান্ত্ৰিক দেশৰ প্ৰধান বৈশিষ্ট্য৷ সেই কাৰণেই বাক্ স্বাধীনতাৰ অধিকাৰ সংবিধানে জনসাধাৰণক দিছে৷ গণতান্ত্ৰিক প্ৰতিবাদত অধিকাৰ আছে সকলোৰে৷
ইয়াক বল প্ৰয়োগেৰে স্তব্ধ কৰিব বিচৰাটো সুস্থ গণতন্ত্ৰৰ নিদৰ্শন নহয়৷ এই চৰকাৰৰ নেতা-মন্ত্ৰীসকলে পাহৰি যোৱা উচিত নহয় যে বিগত কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত নানা দুৰ্নীতি-অনিয়মৰ অভিযোগৰ ওপৰত ভিত্তি কৰি দেশৰ সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি আৰু প্ৰতিবেদনেহে এটা পৰিৱৰ্তনৰ লহৰ আনিছিল৷ তাৰ সুযোগ লৈহে বিজেপি দলে ‘ভাল দিন আহি আছে’ শ্ল’গানেৰে ৰাইজৰ কাষ চাপিবলৈ সুযোগ লাভ কৰিছিল৷ এইখিনিতে মন কৰিবলগা কথা হ’ল কংগ্ৰেছ দল আৰু কংগ্ৰেছ তথা ইউ পি এ-২ চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা সত্ত্বেও কংগ্ৰেছ দলৰ নেতা কিম্বা তৎকালীন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে সাংবাদিক বা সংবাদ গোষ্ঠীৰ বিৰুদ্ধে কোনো বিদ্বেষমূলক বা দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷
কিন্তু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দিনত সংবাদ মাধ্যমসমূহে সেই মুক্ত পৰিৱেশ পোৱা নাই, বৰঞ্চ পৰিকল্পিত হেঁচাৰহে সন্মুখীন হৈছে৷ উদাহৰণস্বৰূপে প্ৰসিদ্ধ সাংবাদিক প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ এন ডি টিভিৰ কথাই ধৰা যাওক৷ ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ বিশ্বতে বিশেষ পৰিচয় থকা এন ডি টিভি গোষ্ঠীৰ বিৰুদ্ধে হঠাতে উত্থাপন হ’ল বেংক ঋণ জালিয়াতিৰ অভিযোগ৷ চি বি আয়ে ‘ৰেইড’ কৰিলে৷ প্ৰতিষ্ঠানটোৰ সুনাম নষ্ট হ’ল৷ অৰ্থ সংকট আৰম্ভ হ’ল৷ অৱশেষত আদানি গোষ্ঠীক তাৰ স্বত্ব এৰি দিব লগা হ’ল৷ কিন্তু দীৰ্ঘদিনৰ অনুসন্ধানৰ অন্তত চি বি আইৰ বিশেষ অনুসন্ধানকাৰী দলে ঘোষণা কৰিলে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তথ্যভিত্তিক নাছিল৷ প্ৰণয় ৰয়, ৰাধিকা ৰয়ক অভিযোগমুক্ত ঘোষণা কৰা হ’ল৷ এনে ঘটনা জৰুৰীকালীন অৱস্থাতো ঘটনাৰ দৃষ্টান্ত নাই৷ ইতিমধ্যে এন ডি টিভি আৰু ইয়াৰ স্বত্বাধিকাৰী প্ৰণয় ৰয়ৰ বহু দুখ-কষ্ট গ’ল, সৰ্বনাশেই হ’ল৷
ইয়াৰ বাবে দায়ী কোন? সংবাদ গোষ্ঠীসমূহৰ বিৰুদ্ধে এনে ঘটনাৰ যোগেদি হয়তো এটা বাৰ্তা দিব খুজিছে যে দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে মাত মাতিলে তেনে দশাই হ’ব৷ চৰকাৰ একোখনৰ যদি প্ৰকৃতাৰ্থত জন সমৰ্থন থাকে, যদিহে দুৰ্নীতি-অনিয়মক প্ৰশ্ৰয় নিদি সুশাসন ব্যৱস্থা, আইনৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে, তেন্তে ৰাইজৰ আস্থা লাভ কৰে৷ কোনো বিৰোধ-আন্দোলনেও তেতিয়া কামত নিদিয়ে৷ কিন্তু চৰকাৰৰ নিজৰে যেতিয়া অজস্ৰ দোষ-দুৰ্বলতা থাকে, আইনৰ শাসনৰ পৰিৱৰ্তে দমনৰ প্ৰৱণতাই গা কৰি উঠে তেতিয়া স্বাভাৱিকতে ৰাইজৰ ক্ষোভ-অসন্তুষ্টি বৃদ্ধি পাব৷ এনকাউণ্টাৰ কৰি, অভিযুক্তৰ ঘৰ বুলড’জাৰ লগাই ভাঙি সন্ত্ৰাস সৃষ্টি কৰিলেও কামত নাহিব৷ আৰক্ষী বল, অস্ত্ৰ বলতকৈ বহুগুণে শক্তিশালী হ’ল জনবল৷ এই চৰকাৰে এফালে আঁচনিৰ নামত প্ৰলোভিত, প্ৰৰোচিত কৰি ভোট নিশ্চিত কৰিব খোজে আৰু আনহাতে কঠোৰ দমন নীতিৰে প্ৰতিপক্ষৰ মুখ বন্ধ কৰিব খোজে৷ এয়া শক্তিশালী চৰকাৰৰ লক্ষণ নহয়৷ ই দুৰ্বলতাৰহে পৰিচায়ক৷
Share This