উন্নয়নৰ ৰূপ আৰু স্বৰূপ

Dainik Janambhumi January 04, 2025

এসময়ত প্ৰাথমিক বিদ্যালয়ৰ সাহিত্যৰ পাঠ্যপুথিত থকা এটা কবিতা [পদ্য]ৰ শাৰী এতিয়াও বহু বয়স্ক লোকৰ মনত আছে৷ কবিতাটিৰ নাম আছিল– ‘কাৰ সুখ নাই? এই কবিতাত কণ কণ ছাত্ৰ-ছাত্ৰীক দায়িত্ববোধৰ শিক্ষা দিয়াৰ লগতে একোজন মানুহ কোনবোৰ কাৰণত সংসাৰত অসুখী হ’ব পাৰে তাৰ ধাৰণা দিয়া হৈছিল৷ অসুখী হোৱাৰ কাৰণ বৰ্ণনা কৰাৰ লগতে অসুখী লোকৰ যিখন তালিকা দিয়া হৈছিল, তাৰ শীৰ্ষত আছিল ধৰুৱা বা ঋণগ্ৰস্ত লোক৷ সুখ নাই সুখ নাই কত ধৰুৱাৰ, অণুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ৷ চিৰৰোগী এজন মানুহতকৈও অধিক অসুখী হ’ল এজন ধৰুৱা৷ অভাৱত পৰি নাইবা কোনো প্ৰয়োজন সাধনৰ বাবে এজন ব্যক্তিয়ে ঋণ ল’ব লগা হয়৷

সময় মতে পৰিশোধ কৰাৰ চৰ্তৰেহে ঋণ লাভ কৰা যায়৷ সেই ঋণৰ ধনেৰে প্ৰয়োজন সাধন হ’লে তাৰ পৰা ব্যক্তিজন কোনো প্ৰকাৰে লাভৱান হ’ব লাগিব৷ অৰ্থাৎ ঋণ পৰিশোধ কৰিব পৰা অৱস্থালৈ আহিব লাগিব৷ তেহে ঋণ লোৱা সাৰ্থক হ’ব৷ কেৱল ধাৰাবাহিকভাৱে ঋণ গ্ৰহণ কৰি থকাটোৱে দীনতাৰ অৱস্থা এটাকহে প্ৰকট কৰে৷ ঋণ গ্ৰহণ কৰা হয় বিভিন্ন ক্ষেত্ৰত৷ বিনিয়োগৰ বাবে৷ বিনিয়োগৰ উদ্দেশ্য হ’ল উন্নয়ন ত্বৰান্বিত কৰা৷ ঋণ দুটা উদ্দেশ্যত লোৱা হয়৷ এটা হ’ল বিনিয়োগেৰে লাভান্বিত হোৱা আৰু আনটো হ’ল লাহ-বিলাহত তথা অনুৎপাদনশীল বিষয়ত ব্যয় কৰা৷ পাৰ্থিৱ প্ৰয়োজন পূৰণ কৰি সুখী হ’বৰ বাবে চাৰ্বাক দৰ্শনৰ এটা পৰামৰ্শ আছিল৷ সুখেৰে জীয়াই থকাৰ স্বাৰ্থত ধাৰ কৰি হ’লেও ঘিউ খাব লাগে৷ অৰ্থাৎ ‘ঋণং কৃত্বা ঘৃতং পীবেত’৷ কিন্তু এনে ব্যৱস্থা সকলো সময়তে লোককল্যাণৰ সহায়ক হয় বুলি ক’ব নোৱাৰি৷ অৰ্থনৈতিক উন্নয়নৰ বিভিন্ন কাৰকসমূহৰ ভিতৰত ঋণো অন্যতম৷ প্ৰয়োজনত ঋণ ল’বই লাগিব৷ কিন্তু ঋণসৰ্বস্ব অৰ্থনীতি উন্নয়নৰ সহায়ক হ’ব নোৱাৰে৷ উদাহৰণ স্বৰূপে দেশ এখনৰ জনসংখ্যাৰ গৰিষ্ঠ অংশই যদি চৰকাৰী অনুদান বা সাহায্যৰ ওপৰত নিৰ্ভৰশীল হয়, তেন্তে তেনে এখন দেশ বা ৰাজ্য উন্নত ৰাজ্যৰ তালিকাভুক্ত হ’ব নোৱাৰে৷

মুখ্যমন্ত্ৰীয়ে অলপতে ঘোষণা কৰিছে যে অসমৰ তথা অসম চৰকাৰৰ আৰু অধিক ঋণ ল’ব পৰা সামৰ্থ্য আছে৷ ইতিমধ্যে প্ৰায় ডেৰ লাখ কোটি ঋণ আছেই৷ যি দেখা গৈছে এই গতিত ঋণ লোৱাৰ ধাৰাবাহিকতা অব্যাহত থাকিলে ঋণৰ সীমাই দুই লাখ কোটি টকাৰ সীমা চুবলৈ বৰ বেছি দিন বাট চাব নালাগিব৷ ভাৰতৰ আন বহু ৰাজ্যই বিভিন্ন পৰিমাণৰ ঋণ লৈছে ঠিকেই, কিন্তু সেই ৰাজ্যসমূহৰ উন্নয়ন সূচকাংক কেনেধৰণৰ সেয়াও চোৱা উচিত৷ অসম চৰকাৰৰ ঋণলব্ধ ধন ক’ত কেনেকৈ ব্যয় হৈছে? এনে ক্ষেত্ৰসমূহত হোৱা ব্যয় বিগত বছৰকেইটাত উন্নয়ন বৃদ্ধিৰ কিবা ইংগিত দিছেনে? এই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া উচিত৷ এই ক্ষেত্ৰত চৰকাৰী নেতা-মন্ত্ৰীৰ বক্তব্যই শেষ কথা নহয়৷ সচেতন নাগৰিকে উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত অলপ সজাগ দৃষ্টি দিলে নিজেই উপলব্ধি কৰিব পাৰিব৷ অসমৰ শিক্ষা ক্ষেত্ৰলৈ মন কৰক৷ এতিয়া শিক্ষা জগতত হিতাধিকাৰী সৃষ্টিৰ কাম-কাজ অধিক হৈছে৷ সেইটো জৰুৰীনে অন্য কিছুমান মৌলিক সমস্যাক অগ্ৰাধিকাৰ দিয়া উচিত, তাৰ বিচাৰৰ প্ৰয়োজন আছে৷ কেৰালা-দিল্লী-কৰ্ণাটক আদি শিক্ষাৰ ক্ষেত্ৰত অসমতকৈ বহু ওপৰত থকা ৰাজ্যসমূহলৈ চালে দেখা যায় যে তাত শৈক্ষিক কাৰ্য বিনষ্ট কৰি চৰকাৰী আঁচনি ৰূপায়ণত শিক্ষক, ছাত্ৰ-ছাত্ৰীক জড়িত কৰা নাই৷

‘মেধাৱী’ ছাত্ৰ-ছাত্ৰীক স্কুটি-মটৰ চাইকেল আদি দিয়া নাই৷ আৰ্থিকভাৱে দুৰ্বলসকলৰ বাদে আনক বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা দিয়া নাই৷ ইয়াৰ বিপৰীতে শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন, কম্পিউটাৰ শিক্ষাৰ সম্প্ৰসাৰণ আৰু শেহতীয়া শৈক্ষিক প্ৰযুক্তিৰ প্ৰয়োগত গুৰুত্ব দিছে৷ অসমত চৰকাৰ-শিক্ষকৰ সংঘাতে শিক্ষাখণ্ডক জুৰুলা কৰিছে৷ চৰকাৰী শিক্ষাখণ্ড স্তব্ধ প্ৰায় হৈ পৰিছে৷ সা-সুবিধা দিয়াৰ নামত উচ্ছতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীক নানা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰো হিতাধিকাৰীকৰণ চলি আছে৷ কাৰণ এই বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভোটাধিকাৰ আছে৷ আচলতে এনে ধৰণৰ আন বহু আঁচনিৰ মূল উপলক্ষ্য কল্যাণ নহয়, ভোট আহৰণহে৷ সেইবাবেই এনে আঁচনি কাৰ্যকৰীকৰণত সমস্ত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰা হয় আৰু প্ৰচাৰ তথা বিজ্ঞাপনত অধিক জোৰ দিয়া হয়৷
চৰকাৰে লাহে লাহে চৰকাৰী ব্যয় হ্ৰাস কৰাৰ নামত বিভিন্ন ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আগবঢ়াইছে৷ তাৰ পাছতো ইমান ঋণ গ্ৰহণৰ কাৰণ কি? অসমৰ অতি সম্ভাৱনাপূৰ্ণ উদ্যোগ জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা ২০১৫ আৰু ২০১৭ত সক্ষম অৱস্থাত বন্ধ কৰি দিয়া হৈছিল৷ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ঘোষণা কৰি বিজেপি চৰকাৰে এসময়ত তাৰ বাবে ৪১৪১ কোটি টকা ধাৰ্যও কৰিছিল৷

কিন্তু এই ঘোষণা  মতে পৰৱৰ্তী সময়ত একো নহ’ল৷ দুটা উদ্যোগ বন্ধ কৰি তাৰ ঠাইত এতিয়া প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যক দিব পৰা উন্নয়নৰ সম্ভাৱনাৰ কথা শুনাই থকা হৈছে৷ কঠাল গছত থাকোতেই ওঠত তেল ঘঁহি লাভ আছে জানো? স্কুটি, বাইক বা একাউণ্টত ধন নহয়, ছাত্ৰ-ছাত্ৰীক লাগে এটা নিশ্চিত ভৱিষ্যৎ সংস্থাপনৰ ক্ষেত্ৰসমূহ মুকলি কৰা আৰু তাৰ স্বাৰ্থত বিনোয়াগ৷ উৎপাদনমুখী কাৰ্যত জড়িত হ’লেহে জনমূৰি আয় বাঢ়িব৷ স্বনিৰ্ভৰতাহে উন্নয়নৰ সূচক, হিতাধিকাৰী নহয়৷ বিনিয়োগ তাৰ বাবেহে হ’ব লাগিব৷ বিজ্ঞাপনৰ ৰূপে উন্নয়নৰ স্বৰূপ প্ৰকাশ কৰিব পৰা নাই৷

Share This