জনতাৰ শিল্পী

Dainik Janambhumi January 17, 2025

ভোগালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে ৰাজ্যবাসীক শোকৰ সাগৰত ডুবাই চিৰনিদ্ৰাত পৰিল মাটি-মানুহৰ গান গোৱা শিল্পী ৰাজীৱ শদিয়া৷ শিল্পীগৰাকীৰ মৃত্যু অসমীয়া জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি৷ গীতৰ জৰিয়তে মানুহৰ বুকুত ঘৰ সাজিবলৈ সক্ষম হোৱা শিল্পী আছিল ৰাজীৱ শদিয়া৷ এইগৰাকী শিল্পীৰ গীতত প্ৰকাশ পাইছিল সামাজিক দায়বদ্ধতা৷

তেওঁৰ গীতত ফুটি উঠিছিল ক্ষুব্ধ জনতাৰ মনৰ হা-হুতাশা৷ জাতিক গীতৰ জৰিয়তে জগাবলৈ সক্ষম হোৱা এইগৰাকী শিল্পীৰ অকাল বিয়োগে জাতীয়তাবাদী ভাৱাপন্ন প্ৰতিগৰাকী লোকৰ হৃদয়ত শোকৰ বন্যা বোৱাইছে৷ কাৰণ, যিসকল শিল্পীয়ে সংগীতৰ জৰিয়তে দেশৰ জনগণক জাতীয় চেতনাৰে উদ্বুদ্ধ হ’বলৈ অহোপুৰুষাৰ্থ কৰিছিল, সেইসকলৰ ভিতৰত অন্যতম আছিল এইগৰাকী শিল্পী৷ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ চলা চেষ্টাকো কেৰেপ নকৰি শিল্পীগৰাকীয়ে ৰাইজৰ স্বাৰ্থত গাই গৈছিল গীত৷ বিগত শতিকাটোৰ নব্বৈৰ দশকত আলফা বিচৰাৰ নামত ভাৰতীয় সেনা বাহিনীয়ে অসমৰ চুকে-কোণে যিদৰে নিৰীহ লোকৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল, সেই অত্যাচাৰৰ পৰা সাৰি যোৱা নাছিল ৰাজীৱ শদিয়া আৰু তেওঁৰ পৰিয়ালটো৷ তেতিয়াৰ পৰাই শিল্পীগৰাকীৰ মনত জাতীয় চেতনাৰ বীজ ৰোপিত হৈছিল আৰু সেনাৰ অত্যাচাৰত অতিষ্ঠ হৈয়ে এদিন শিল্পীগৰাকীয়ে নিজা ঘৰ, ওপজা গাঁওখন এৰি গুচি গৈছিল শদিয়াৰ পৰা অন্য ঠাইলৈ৷ সেয়ে হয়তো তেওঁৰ গীতৰ মাজেৰে প্ৰতিবাদী কণ্ঠ নিগৰিছিল৷ তেওঁ গাইছিল– ‘বৰঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ’ল৷ অধিকাৰ, স্বাভিমান, ভাষা মোৰ অভিমান বণিয়াৰ হাতলৈ গ’ল...’, ‘তেজত উঠিছে পিৰপিৰণি, ৰক্ত-স্নানৰ মন, জাতিৰ পিঠিত মৰণ সংকট, অন্ধ জনগণ...’৷

জাতীয় জীৱনত প্ৰতিবাদী কণ্ঠ হিচাপে থিয় দিয়া এইগৰাকী শিল্পীয়ে ব্যক্তিগত জীৱনত চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছিল যদিও আত্মভিমানী শিল্পীগৰাকীয়ে নিজৰ আৰ্থিক দুৰ্দশাৰ কথা কাকো জানিবলৈ দিয়া নাছিল৷ নিজৰ স্থিতিত অটল হৈ থাকি জাতিৰ সংকটৰ সময়ত বিপ্লৱী গীতেৰে প্ৰতিবাদ অব্যাহত ৰখা শিল্পীগৰাকীয়ে বাছৰ ভাড়াৰ অভাৱত শদিয়াৰ পৰা গুৱাহাটীলৈ বঁটা গ্ৰহণৰ বাবে আহিব পৰা নাছিল৷ দৰিদ্ৰতাৰ সৈতে সহাৱস্থান কৰিলেও কাহানিও সুবিধাবাদীৰ স্থিতি নোলোৱা ৰাজীৱ শদিয়াৰ দৰে শিল্পীয়ে গ্লেমাৰৰ পাছত দৌৰা নাছিল৷ শিল্পীগৰাকীয়ে যোৱা প্ৰায় দুটা দশকতকৈ অধিক কাল নিজা চিন্তা-চেতনা, সৃষ্টিৰে অসমৰ সংস্কৃতিৰ জগতখনত নিৰলসভাৱে সেৱা কৰি সাংস্কৃতিক পথাৰখনক সাৰুৱা কৰি গ’ল, সেই কথা তেওঁৰ মৃত্যুৰ পাছত সকলোৱে বিভিন্ন মাধ্যমৰ জৰিয়তে স্বীকাৰ কৰিছে৷ কিন্তু এইখিনিতে প্ৰশ্ন হয়– মৃত্যুৰ পাছতহে এনে শিল্পীৰ চৰ্চা অধিক হয় কিয়? সামাজিক মাধ্যম তোলপাৰ লাগে, সকলোৰে আৱেগ উথলি উঠে কিয়? জীৱিত কালত এনে সংগ্ৰামী সত্তাৰ শিল্পীক বিহু নাইবা আন সাংস্কৃতিক অনুষ্ঠানত কিয় বিচৰা নহয়? এনে অভিজ্ঞতাৰ কথা খোদ শিল্পীগৰাকীয়ে নিজৰ ফে’চবুক একাউণ্টযোগে ৰাইজক অৱগত কৰিছিল৷ জাতি-মাটিৰ গীত গোৱা ৰাজীৱৰ দৰে শিল্পীক খুব কমসংখ্যক সমিতিয়েহে আমন্ত্ৰণ জনাইছিল, তাকো যেতিয়া বাজেটৰ টনাটনি হয়৷ সস্তীয়া গীত গাই ছ’চিয়েল মিডিয়াত তোলপাৰ লগাই দুই-এদিনতে জনপ্ৰিয় হৈ পৰা একাংশ শিল্পীৰ প্ৰতি আমাৰ যি দুৰ্বলতা আছে, তাৰ বাবে ৰাজীৱ শদিয়াৰ দৰে বহু প্ৰতিভাৱান শিল্পীয়ে যথাযোগ্য সন্মান নাপায়, নাপায় পাবলগীয়া স্বীকৃতি৷ আৰ্থিকভাৱে দুৰ্বল এইগৰাকী শিল্পীক বহু অনুষ্ঠানে অতি কম মাননি দি গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ দিছিল৷ বহু সময়ত চুক্তিৰ টকাকেইটা দিবলৈও দৰ-দাম কৰিছিল৷

অনুষ্ঠান পৰিৱেশনৰ নামত দিয়া বহু চে’ক্‌ হেনো বাউন্স হৈছিল৷ মানুহক ভাল পোৱা, নিজৰ জাতিটোক ভাল পোৱা শিল্পীগৰাকীক আমি জীয়াই থকা কালতেই উচিত সন্মান দিব নোৱাৰিলোঁ৷ ৰাজীৱ জনতাৰ শিল্পী আছিল, কোনো চেলিব্ৰিটী গায়ক নাছিল৷ একাংশ শিল্পীৰ দৰে সস্তীয়া গীত গাই ধন ঘটিব বিচৰা নাছিল বাবেই ব্যক্তিগত জীৱনত যথেষ্ট ঘাত-প্ৰতিঘাত অতিক্ৰম কৰিব লগা হৈছিল তেওঁ৷ জনতাৰ গান গাই, জনতাৰ মাজতেই চিৰদিনলৈ শুই পৰাৰ পাছতো আজি শিল্পীগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিবলৈ সময় নহ’ল বহু তথাকথিত জনপ্ৰিয় শিল্পীৰ৷ প্ৰকৃত শিল্পীৰ প্ৰতি এয়াই আমাৰ কৰণীয় নেকি? আৱেগত উটি-ভাহি ফুৰা অসমীয়া জাতিয়ে এগৰাকী বিপ্লৱী তথা গণশিল্পীৰ প্ৰতি ন্যায্য স্বীকৃতি তেওঁৰ জীৱনকালতেই দিব নোৱাৰোনে?

Share This