নতুন সর্বোচ্চ নেতা খামেনেইৰ হুংকাৰ : প্ৰতিশোধ 'ৰাষ্ট্ৰৰ দাবী', ইৰানৰ বিৰুদ্ধে সাজু ১০০০ ক্ষেপণাস্ত্ৰ : ৰাষ্ট্ৰপতি ট্রাম্প

dainik janambhumi July 12, 2026

ডিজিটেল ডেস্ক : ইৰানৰ নতুন সর্বোচ্চ নেতা মোজতাবা খামেনেইৰ পিতৃ আয়াতুল্লা আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত প্ৰথমবাৰৰ বাবে এক ৰাজহুৱা বিবৃতি জাৰি কৰিছে। ইৰানৰ ৰাষ্ট্ৰীয় টিভিত সম্প্ৰচাৰ কৰা এই লিখিত বিবৃতিত নিজৰ পিতৃৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ সংকল্প লৈ, তেওঁ ঘোষণা কৰে যে প্ৰতিশোধ হৈছে  'ৰাষ্ট্ৰৰ দাবী' আৰু নিশ্চিতভাৱে প্ৰতিশোধ লোৱা হ'ব। পিতৃৰ অন্তিম যাত্রাত অংশগ্ৰহণ কৰা লাখ লাখ লোকলৈ মোজতাবাই কৃতজ্ঞতা জনায়। তেওঁ কয় যে বিপুল সংখ্যক লোকৰ উপস্থিতিয়ে শত্রুক কঠোৰ প্ৰত্যুত্তৰ দিলে আৰু সেয়া আছিল এক ঐতিহাসিক ক্ষণ। 

'শ্বহীদ হোৱা নেতাজনৰ তেজৰ' আৰু শেহতীয়া যুদ্ধত যিসকলৰ মৃত্যু হ'ল, তেওঁলোকৰ হত্যাৰ পোটক তোলা হ'ব। তেওঁ আৰু কয় যে এই প্ৰত্যুত্তৰত কেৱল ইৰানেই জড়িত নাথকিব বিশ্বজুৰি থকা ইৰানৰ সমৰ্থকো জড়িত থাকিব। আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে ইৰানে তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিলে, ইৰানক সম্পূৰ্ণভাৱে ধ্বংস কৰি দিয়া হ'ব। ট্রুথ ছ'চিয়েলত ট্রাম্পে কয় যে ইৰানৰ ফালে মুখ কৰি ১০০০টা ক্ষেপণাস্ত্র (মিছাইল) সাজু হৈ আছে, আৰু প্রয়োজন হ'লে অন্য হাজাৰটা ক্ষেপণাস্ত্র সাজু কৰোৱা হ'ব। 

ইফালে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে ইৰান আক্ৰমণৰ ভাবুকি দিয়াৰ পাছত ইৰানৰ ছুপ্রিম নেশ্যনেল ছিকিঅ'ৰিটি কাউন্সিলে কয় যে যদি ইজৰাইলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ স্থানক পুনৰ আক্ৰমণ কৰে তেন্তে যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব।

Share This