ডিজিটেল ডেস্ক : কাকপথাৰৰ মাইথং পঞ্চায়তৰ অধীনৰ কেইবাখনো গাঁৱৰ ৰাইজে খেতিপথাৰত পানী নোহোৱাত চিন্তিত হৈ পৰিছে। দীর্ঘকাল জলসিঞ্চন ব্যৱস্থাৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে কাক পথাৰ অঞ্চলৰ ৰাইজ। কাকপথাৰৰ মাইথং পঞ্চায়তৰ ৩ নং আৰু ৪নং ৱাৰ্ডৰ অন্তৰ্গত কছাৰী মাইথং, হাঁহখাতী, গন্ধৈৰগুৰি অঞ্চলৰ প্ৰায় ২০০গৰাকী খেতিয়কৰ প্ৰায় ২০০০ বিঘা খেতিপথাৰত আজিও কোনো স্থায়ী জলসিঞ্চনৰ ব্যৱস্থা নাই।
অঞ্চলটোৰ খেতিয়কে জানিবলৈ দিয়া অনুসৰি, ১৯৯২ চনৰ পৰাই এই অঞ্চলৰ খেতিয়কে পানীৰ সমস্যাত জুৰুলা হৈ আহিছে। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিবলগীয়া হোৱাত যথা সময়ত বৰষুণ নহ'লে খেতি কৰিব নোৱাৰা হৈ পৰে আৰু বিঘাই বিঘাই মাটি খেতি নকৰাকৈয়ে ৰৈ যায়। খেতিয়কসকলে বিগত বছৰসমূহৰ দৰে এইবাৰো পানীৰ অভাৱত ভুগিব লগা হোৱাত চিন্তিত হৈ পৰা পৰলক্ষিত হৈছে। ভুক্তভোগী খেতিয়কসকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, সমস্যাৰ সমাধান বিচাৰি জলসিঞ্চনৰ সুবিধাৰ বাবে তেওঁলোকে বহুবাৰ স্থানীয় প্রশাসন, কৃষি বিভাগ আৰু জনপ্রতিনিধিক অৱগত কৰি আহিছে। কিন্তু আজিলৈকে কোনো ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাই। কৃষকসকলে অতি সোনকালে অঞ্চলটোত স্থায়ী জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনাইছে।
আনহাতে 'কৃষি পৰিচালনা সমিতি' নামেৰে এখন সমিতি গঠন কৰি জিলা আয়ুক্তৰ জৰিয়তে কৃষি আৰু জলসিঞ্চনৰ বিভাগীয় মন্ত্ৰীক সমস্যা সন্দৰ্ভত স্মাৰক-পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অঞ্চলটোৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যা সমাধান কৰিবলৈ বিভাগীয় কর্তৃপক্ষ তথা চৰকাৰৰ ওচৰত স্থানীয় রাইজে দাবী উত্থাপন কৰিছে।