১ জুনত হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

dainik janambhumi May 25, 2025

ডিজিটেল ডেস্ক : দেশৰ উত্তেজনাপূর্ণ যুদ্ধ-সদৃশ সম্মান জনাই কৰুণাধাৰাৰ ১২ মে'ত পাতিবলগীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু চৰকাৰৰ আহ্বানৰ প্ৰতি ৪র্থ হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বর্তমান পৰিস্থিতি নিয়ন্ত্রণাধীন হোৱাত বিশিষ্ট সাহিত্যিক, সাংবাদিক কথাশিল্পী হোমেন বৰগোহাঞিৰ মহাপ্রয়াণৰ চতুৰ্থ বর্ষপূর্তি উপলক্ষে কৰুণাধাৰাৰ উদ্যোগত অহা ১ জুনৰ বিয়লি ৪ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৪র্থ হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠানেৰে কৰুণাধাৰাৰ স্ৰষ্টা এইগৰাকী মহানুভৱক স্মৰণ কৰিবলৈ লোৱা হৈছে। 

উক্ত দিনাৰ কাৰ্যসূচী অনুসৰি কৰুণাধাৰাৰ শীৰ্ষগীত পৰিৱেশনৰ পাছত শ্রদ্ধাঞ্জলি, হিতাধিকাৰীক অনুদান বিতৰণ আৰু 'মোৰ দৃষ্টিত হোমেন বৰগোহাঞি' বিষয়ত  ভাষণ দিব অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে। বাদ্যযন্ত্রত লঘু সংগীতৰ সুৰ পৰিৱেশন কৰিব যোগেন গোহাঁয়ে। আনহাতে, 'সামাজিক উত্তৰণত মানৱতাবোধ' বিষয়ক স্মাৰক বক্তৃতা দিব বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই।

Share This