এল নিনো শক্তিশালী হ'ব : নাছাৰ উপগ্রহীয় ছবি, প্রশান্ত মহাসাগৰত ১৪ হাজাৰ কিল'মিটাৰ জুৰি বিশাল গৰম পানীৰ ঢৌ

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : প্রশান্ত মহাসাগৰৰ সমুদ্রপৃষ্ঠৰ তলত ঘটা এটা ঘটনাক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল সতর্ক হৈ পৰিছে। এই ঘটনাই বিশ্বৰ বতৰ প্ৰণালীত ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। সমুদ্ৰৰ ভিতৰত গৰম পানীৰ এক বিশাল ঢৌ ইণ্ডোনেছিয়াৰ পৰা লাহে লাহে দক্ষিণ আমেৰিকাৰ দিশে আগবাঢ়িছে। 

বিষুৱীয় প্রশান্ত মহাসাগৰৰ তলত গৰম পানীৰ ঢৌৰ দৈর্ঘ্য প্রায় ১৪,৫০০ কিল'মিটাৰ বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। এই ঢৌৰ বিষয়ে সাগৰত চলাচল কৰি থকা জাহাজ বা নাৱিকৰ চকুত ধৰা নপৰে। কিন্তু ভূপৃষ্ঠৰ পৰা প্ৰায় ১৩০০ কিল'মিটাৰ ওপৰৰে পৃথিৱীক প্রদক্ষিণ কৰি থকা নাছাৰ ছেন্টিনেল-৬ মাইকেল ফ্রেলিচ কৃত্রিম উপগ্রহে এই ঢৌক ধৰা পেলায়। বিজ্ঞানীসকলে কৃত্রিম লে উপগ্ৰহৰ ফটো বিশ্লেষণ কৰি দেখা পাইছে যে যিবিলাক অঞ্চলত এই গৰম পানীৰ ঢৌ উঠিছে সেই অঞ্চলবোৰত সমুদ্রপৃষ্ঠৰ উচ্চতা প্রায় ১৫ চেন্টিমিটাৰ পর্যন্ত বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে প্রশান্ত মহাসাগৰত উৎপত্তি হোৱা এল নিনোৱে শক্তিশালী ৰূপ লোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে বুলি বিজ্ঞানীসকলে কয়। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্রশাসনে (এন অ' এ এ) যোৱা ১২ জুনত এ নিনোৰ উৎপত্তি হোৱা বুলি ঘোষণা কৰিছিল। 

উল্লেখযোগ্য যে সাধাৰণতে প্রশান্ত মহাসাগৰত বাণিজ্য বতাহে পূবৰ পৰা পশ্চিমলৈ বয়। বাণিজ্য বতাহে সাগৰৰ গৰম পানী ইণ্ডোনেছিয়াৰ দিশে ঠেলে, আৰু পেৰুৰ উপকূলত সাগৰৰ তলৰ পৰা ঠাণ্ডা পানী ওপৰলৈ উঠি আহি প্ৰৱাহিত হ'বলৈ ধৰে। যেতিয়া বাণিজ্য বতাহ দুৰ্বল হৈ পৰে বা দিশ সলনি কৰে তেতিয়া গৰম পানীৰ বিশাল ঢৌ পূবলৈ উভতি ব'বলৈ আৰম্ভ কৰে। কেইবা শ কিল'মিটাৰ দৈৰ্ঘ্যৰ আৰু সমুদ্রপৃষ্ঠৰ তলেৰে আগবঢ়া এই ঢৌক কেলভিন ঢৌ বুলিও কোৱা হয়। প্রশান্ত মহাসাগৰ বিষুৱীয় অঞ্চলত ঘটা এই ঘটনাৰ পাছত এশ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী এল নিনোৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ বতৰ প্ৰণালীত ব্যাপক প্ৰভাৱ পৰিব বুলি কোৱা হৈছে।

Share This