স্বর্ণ জয়ৰ হেটত্রিক মীৰাবাঈৰ

dainik janambhumi July 27, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰলৈ স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা কৰে। গ্লাছগো কমনৱেলথ গেমছত মহিলাৰ ৪৮ কেজি শাখাত কালি শ্রেষ্ঠত্ব প্রতিপন্ন কৰি স্বৰ্ণ জয়ৰ হেটট্রিক অর্জন কৰে। 

গ্লাছগোত মীৰাবায়ে ভাৰতলৈ প্ৰথমটো স্বর্ণপদক কঢ়িয়াই আনে। অভিলেখ সৃষ্টিৰে মুঠ ১৯০ কেজি উত্তোলন কৰে মণিপুৰৰ তাৰকা খেলুৱৈগৰাকীয়ে। কমনৱেলথ গেমছত মীৰাবায়ে স্নেৎচ (৮৫ কেজি) আৰু ক্লীন এণ্ড জার্কত (১০৫ কেজি) ৰেকৰ্ড প্রতিষ্ঠা কৰে। 

মীৰাবায়ে ইয়াৰ আগেয়ে ২০১৮ আৰু ২০২২ চনত সোণ জিকিছিল। টকিঅ' অলিম্পিকৰ ৰূপ জয়ী ৩১ বছৰীয়া মীৰাবায়ে গ্লাছগোত হোৱা ২০১৪ চনৰ প্রতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিল।

Share This