ডিজিটেল ডেস্ক : দিল্লীৰ বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সমর্থন আৰু বিতর্কিত মন্তব্য কৰাৰ বাবে অসমত এইপর্যন্ত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে দিল্লীৰ লালকিল্লাৰ সন্মুখত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ পিছতে বিস্ফোৰণ সন্দৰ্ভত বিতর্কিত প'ষ্ট দিয়াৰ অভিযোগত অসমত আৰক্ষীয়ে গ্ৰেপ্তাৰ অভিযান অব্যাহত ৰাখিছে। এই লোকসকলে সামাজিক মাধ্যমৰ জৰিয়তে বিস্ফোৰণৰ সমৰ্থন কৰাৰ লগতে বিতর্কিত বিভিন্ন মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নির্দেশ দিছিল। কালি পুৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এইপর্যন্ত ১৫ জন লোকক এই অভিযোগত গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে।
মুখ্যমন্ত্ৰীজনে দিল্লীত হোৱা হিংসাৰ সমৰ্থন কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষী আপোচহীন হৈ আছে বুলিও প্রকাশ কৰে। তেওঁ প্রকাশ কৰে যে কালি পুনৰ ৬ জন লোক গ্ৰেপ্তাৰ হয়। তেওঁলোক হ'ল- ৰফিজুল আলী (বঙাইগাঁও), ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি), ইনামুল ইছলাম (লখিমপুৰ), ফিৰুজ আহমেদ (লখিমপুৰ), ছাহিল চোমান ছিকদান (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নাছিম আক্রম (হোজাই), তাছলিম আহমেদ (কামৰূপ) আৰু আব্দুৰ ৰহমান মাল্লা (দক্ষিণ শালমাৰা)।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই স্পষ্টকৈ দিল্লীকাণ্ডক সমৰ্থন কৰাসকলক এৰি দিয়া নহয় বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রীজনে বিস্ফোৰণক আদৰণি জনাই সামাজিক মাধ্যমত প'ষ্ট দিয়া ৰাজ্যৰ বিভিন্ন জিলাৰ ৩৫ জন লোকক চিনাক্ত কৰা হৈছে বুলিও প্ৰকাশ কৰিছিল।