ডিজিটেল ডেস্ক : 'বিজ্ঞানক ধৰ্মৰ লগত জড়িত নকৰিলে আমাৰ ধৰ্মটো জীয়াই নাথাকিব। ধৰ্ম আৰু বিজ্ঞান একাকাৰ কৰি আমি আগবাঢ়ি যাব লাগিব। সেইকাৰেণ আইনষ্টাইনে কৈছিল বিজ্ঞানৰ অবিহনে ধৰ্ম অন্ধ, ধৰ্মৰ অবিহনেও বিজ্ঞান খোৰা। গতিকে এটা আনটোৰ ইপিঠি- সিপিঠি।' উত্তৰ-পশ্চিম যোৰহাটৰ ১৭৪৯ চনতে স্থাপিত সকাইখঙীয়া নামঘৰৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ নন্দোৎসৱ আৰু বোকাভাওনাৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত স্মৃতিগ্রন্থ 'সকাই সৌৰভ' উন্মোচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাই ভাষণত এইদৰে কয়। তিনিদিনীয়াকৈ উদযাপন কৰা শতবর্ষীয় সামৰণী অনুষ্ঠানত ড° হাজৰিকাই কয় যে আচল ভক্তি অন্তৰাত্মাত থাকে। আমি ইয়াৰ বাহ্যিকতাটোহে দেখুৱাই থাকোঁ। এই ভক্তি সময়সাপেক্ষে সলনি হৈছে। আমাৰ মাজত শ্রদ্ধা বা ভক্তি কৰাৰ অনুপাত সলনি হৈছে। এই সময়সাপেক্ষে হোৱা সলনি যুৱচামে আদৰি লৈছে। উপাচাৰ্যগৰাকীয়ে কয় যে ভক্তিক জ্ঞানে নিয়ন্ত্রণ কৰে। জ্ঞানে ভক্তিক নিয়ন্ত্ৰণ কৰি আমি কৰ্মপথত আগবাঢ়ি যাঁও। গীতাৰ উদ্ধৃতি দি উপাচার্য ড° হাজৰিকাই কয় যে এজন মানুহ সফল হ'বলৈ হ'লে তিনিটা কথা গীতাত কৈছে। সময়ানুৱর্তিতা, নিয়মানুৱর্তিতা আৰু শৃংখলাবদ্ধতা- এই তিনি শব্দৰ সংযোগেৰে এজন মানুহ আগবাঢ়ি যায়, তেতিয়া ব্যক্তিজন সফল হ'ব। ব্যক্তিজনে সফলতা লাভ কৰাৰ লগে লগে সামাজিক দায়বদ্ধতা বৃদ্ধি পায়। এই সামাজিক দায়বদ্ধতাৰ বাবেহে অর্জুনে কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত নামিব লগীয়া হৈছিল।
সাংবাদিক দিব্যজ্যোতি বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰি উপাচাৰ্যগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতীয় সংস্কৃতি, জ্ঞান পদ্ধতিক আদৰি ল'বলৈ কৈছে। ভাৰতীয় জ্ঞান পদ্ধতিৰ বৰ্তমানৰ প্ৰাসংগিকতা আছে, যিটো কাৰণে আমি আজি ভগৱানক বিশ্বাস কৰোঁ। স্মৃতিগ্ৰন্থখনৰ অৰ্থৱহ বেটুপাত আৰু বিষয়বস্তুৰ সুন্দৰ নিৰ্বাচনে আপ্লুত হৈছে বুলিও উপাচাৰ্যগৰাকীয়ে ব্যক্ত কৰে। সকাইখঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক লোকনাথ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক বিনোদ নগৰীয়াই। উদ্বোধনী ভাষণত তেওঁ কয় যে শ্রীকৃষ্ণৰ জীৱনশৈলীৰ পৰা শিকিব পাৰি যে জীৱনত সকলো কাম কৰিব পাৰি, তাৰ বাবে আমাক একাগ্রতা লাগিব। কৃষ্ণক ভক্তি কৰিবলৈ স্থান-কাল-পাত্ৰৰ বিচাৰৰ প্রয়োজন নাই। সভাখনত নির্দিষ্ট বক্তাৰ ভাষণত চিনামৰা মহাবিদ্যালয়ৰ অধ্যাপক ড° অচ্যুত দত্তই কয় যে পৰমপুৰুষ ঈশ্বৰ কৃষ্ণক বিজ্ঞানসন্মত উপস্থাপন আৰু শাস্ত্ৰৰ বাণীসমূহ বিজ্ঞানসন্মত ব্যাখ্যাৰ অবিহনে নৱপ্ৰজন্মক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা সম্ভৱ নহয়। ৰামায়ণ, মহাভাৰত, গীতা আদিত বিজ্ঞান আছে আৰু বিজ্ঞান থাকিব। আমি কথাবোৰ বাস্তৱ ৰূপত চাব লাগিব। নৱপ্ৰজন্মক বিজ্ঞানসন্মতভাৱে আমাৰ বিশ্বাস, আমাৰ ধৰ্ম বুজাই দিব পাৰিব লাগিব। ড° দত্তই ভাষণত কয় যে শ্রীকৃষ্ণৰ জন্মই ভাৰতবৰ্ষত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিলে। পৰম্পৰাগত চিন্তা-চেতনাক শ্রীকৃষ্ণই প্রগতিশীল চিন্তালৈ পৰিৱৰ্তন কৰিলে। সহ সম্পাদক ভূপেন নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট শল্য চিকিৎসক চন্দ্ৰ বৰা, বিশিষ্ট সমাজসেৱক ইশ্বৰ প্ৰসন্ন বৰদলৈ, সাংস্কৃতিক মহাসভাৰ যোৰহাট জিলাৰ সম্পাদক মৃদুল শইকীয়া, সকাইখঙীয়া উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবোধ বৰা, নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনন্ত বৰা, মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বাণী বৰা ওজা, লেখক তথা নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰমানন্দন বৰা, বীৰেন হাজৰিকা, তুলসী বৰা, দিলীপ বৰাকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰি ভাষণ আগবঢ়ায়। সভাখনত উপাচার্য ড° জিতেন হাজৰিকা আৰু ড° অচ্যুত দত্তক সম্বৰ্ধনা জনায়।
ইয়াৰ পূৰ্বে পুৱা ধৰ্মধ্বজা উত্তোলনৰ লগতে এশখন পতাকা উত্তোলন কৰে। উদযাপন সমিতিৰ সভাপতি আনন্দ নেওগে ধর্মধ্বজা উত্তোলন কৰাৰ পাছতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধান সম্পাদক ৰণজিৎ বৰাই। ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিয়ায়। নিশা শ্রীশ্রীকৃষ্ণ জনম যাত্রা নাটৰ অভিনয় আৰু ৰুক্মিণী হৰণ নাটৰ অভিনয় প্রদর্শন কৰে। কাইলৈ বিভিন্ন কাৰ্যসূচীৰ লগতে বোকাযাত্ৰাৰ নাম আৰু বোকা ভাওনা প্রদর্শন কৰিব।