৩.৫৯% : ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ

dainik janambhumi July 17, 2026

ডিজিটেল ডেস্ক : অসমত শেহতীয়াকৈ প্রতিটো বস্তুৰে দাম বৃদ্ধি পাইছে। বিশেষকৈ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক বাৰুকৈয়ে মাধমাৰ শোধাইছে। খোদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যতেই অসমৰ বজাৰত যে জুই জ্বলিছে সেই কথা স্পষ্ট হৈ পৰিছে। 

কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা তথ্য মতে, যোৱা জানুৱাৰী মাহত অসমত মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৭৮ শতাংশ। কিন্তু যোৱা জুন মাহত ৰাজ্যখনত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৩.৫৯ শতাংশ। আনহাতে, ৰাজ্যখনৰ চহৰ অঞ্চলৰ তুলনাত গ্রামাঞ্চলত সর্বাধিক মুদ্রাস্ফীতি হৈছে। সেই অনুসৰি যোৱা জানুৱাৰী মাহত ৰাজ্যৰ গ্ৰামাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ আছিল ০.৬৭ শতাংশ। আনহাতে, জুন মাহত গ্রামাঞ্চলত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৩.৯৩ শতাংশ। একেদৰে জানুৱাৰী মাহত ৰাজ্যৰ চহৰ অঞ্চলত মুদ্রাস্ফীতিৰ হাৰ ১.২২ শতাংশ আছিল যদিও জুন মাহত এই হাৰ ২.২৬ শতাংশলৈ বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে অসমৰ দৰে এখন পিছপৰা ৰাজ্যত এনেদৰে হোৱা মুদ্রাস্ফীতিৰ চাপে সাধাৰণ জনসাধাৰণৰ জীৱন-যাপন অধিক কঠিন কৰি তুলিছে। খাদ্য সামগ্ৰীৰ ভিতৰত বিশেষকৈ শাক-পাচলি, দাইল, তেলৰ লগতে দৈনন্দিন ব্যৱহাৰৰ বহু সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত পৰিয়ালসমূহ অধিক সংকটৰ সন্মুখীন হৈছে। মন কৰিব লগীয়া কথা যে শেহতীয়াকৈ ৰাজ্যৰ বজাৰত চাউল আৰু মিঠাতেলৰ দাম বৃদ্ধিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্রতিবিধ চাউলৰে দাম ব্রেন্ড ভেদে প্রতি কিল'গ্রামত ৫-৮ টকা পর্যন্ত বৃদ্ধি পাইছে। জনপ্রিয় বি পি টি চাউলৰ প্ৰতি কেজিত ৮ টকাকৈ বৃদ্ধি পাইছে। একেদৰে প্ৰতি লিটাৰ মিঠাতেলত ৫ টকাকৈ, প্রতি কিল'গ্রাম চেনিত পাঁচ-ছয় টকাকৈ দাম বাঢ়িছে। আনহাতে, সকলোতকৈ অধিক দাম বাঢ়িছে কণীত। আজিৰ তাৰিখত খুচুৰা বজাৰত এটা কণীৰ দাম ন টকা হৈছেগৈ। একেদৰে আলু আজিৰ দিনটোত প্রতি কিল'গ্রামত ৩৫-৪০ টকা, পিঁয়াজ ৪৫-৫০ টকা দামত বিক্রী হৈছে। ইফালে, শাক-পাচলিৰ দামেও ৰাইজৰ মাধমাৰ শোধাইছে। গুৱাহাটীৰ খুচুৰা বজাত এতিয়া ৬০ টকাৰ (প্রতি কিল'গ্রামত) তলত কোনো পাচলিয়েই উপলব্ধ নহয়। এনে পৰিস্থিতিত আগতে যি বাজেটেৰে এখন পৰিয়ালৰ এমাহৰ বজাৰ সম্পন্ন হৈছিল, এতিয়া সেই একে সামগ্ৰীৰ বাবে দুগুণ ধন ব্যয় কৰিবলগীয়া হৈছে। 

অর্থনৈতিক বিশেষজ্ঞসকলে মত প্রকাশ কৰিছে যে মুদ্রাস্ফীতিৰ হাৰ অধিক দিন উচ্চ পর্যায়ত অব্যাহত থাকিলে ইয়াৰ প্ৰভাৱ ৰাজ্যৰ সামগ্রিক অর্থনীতি, ক্ষুদ্ৰ ব্যৱসায় আৰু সাধাৰণ পৰিয়ালৰ ক্ৰয় ক্ষমতাৰ ওপৰত পৰিব। সকলোতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাম বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰতিখন জিলাৰে উপায়ুক্তক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ এনে নির্দেশৰ পাছতো ৰাজ্যত খাদ্য সামগ্ৰীৰ দাম হ্রাস পোৱাৰ বিপৰীতে বৃদ্ধিহে পাবলৈ ধৰিছে।

Share This