ডিজিটেল ডেস্ক : পেট্ৰলৰ পাছত এইবাৰ গৃহিণীৰ পাকঘৰত ইথানল ব্যৱহাৰৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশত ইথানলৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে জৈৱ ইন্ধন দহনৰ মাত্রা হ্রাস কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই আঁচনি লৈছে। ইতিমধ্যে দেশত ২০ শতাংশ ইথানল মিশ্রিত পেট্রলৰ ব্যৱহাৰ আৰম্ভ হৈছে। ইথানল মিশ্রিত পেট্ৰলৰ ব্যৱহাৰে বাহনৰ ক্ষতি কৰা বুলি দেশজুৰি প্রতিবাদৰ ঢৌ উঠিছে যদিও কেন্দ্ৰীয় চৰকাৰে ইথানলৰ মিহলিকৰণ অব্যাহত থাকিব বুলি প্রকাশ কৰিছে।
আনহাতে, শেহতীয়াকৈ ৰন্ধন কাৰ্যতো তৰলীকৃত পেট্রলিয়াম গেছৰ (এল পি জি) বিপৰীতে ইথানল ব্যৱহাৰৰ বাবে পৰিকল্পনা আৰম্ভকৰিছে কেন্দ্ৰই। খাৰুৱা তেলৰ আমদানি হ্রাস কৰাৰ লক্ষ্যৰেই কেন্দ্ৰই এই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। চৰকাৰৰ এই প্রস্তাৱ যদি কাৰ্যকৰী হয়, তথাপি একেদিনাই ইথানলে এল পিজি গেছ চিলিণ্ডাৰৰ ব্যৱহাৰ নোহোৱা কৰিব নোৱাৰে।
প্ৰথমে ই এল পি জি চিলিণ্ডাৰৰ বিকল্প হিচাপেহে বাসগৃহ, ৰেষ্টুৰেণ্ট আৰু অন্যান্য বাণিজ্যিক ৰন্ধনশালাসমূহত ব্যৱহৃত হ'ব। ইতিমধ্যে কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্র্যালয়ে ইথানলক ৰন্ধনৰ মূল ইন্ধন হিচাপে ব্যৱহাৰৰ ৰূপৰেখা প্ৰস্তুত কৰিছে।