৩৮টা খুঁটা নিৰ্মাণ কৰি সামৰিলে দায়িত্ব

dainik janambhumi July 19, 2025

ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ ঘাগৰত সোৱণশিৰি নৈৰ ওপৰত নির্মীয়মাণ অৱস্থাত থকা ঘাগৰ-ঘুণাসুঁতি সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য আজি ৪/৫ মাহে বন্ধ হৈ আছে। দলং নিৰ্মাণকাৰী দুই সংস্থাই এইপর্যন্ত দলংখনৰ মুঠ ৪৩টা খুঁটাৰ ভিতৰত ৩৮টা নিৰ্মাণ কৰিছে যদিও এতিয়াও ৫টা খুঁটা নিৰ্মাণ কৰিবলৈ বাকী আছে। উল্লেখ্য যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ২০২৩ বর্ষত এই দলংখনৰ আধাৰশিলা স্থাপন কৰি দলংখনৰ নিৰ্মাণকাৰ্য ২০২৬ চনৰ পূৰ্বে সম্পূৰ্ণ কৰি উলিওৱা হ'ব বুলি ঘোষণা কৰিছিল। 

তেওঁ ৰাজহুৱা সভাত কৈছিল যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত ঘুণাসুঁতিত প্ৰচাৰ চলাবলৈ তেওঁ সোৱণশিৰি নৈ ঘুণাসুঁতি দলঙেৰে পাৰ হৈ আহিব। কিন্তু এতিয়া এই দলংখনৰ নিৰ্মাণকাৰ্য লেহেম হোৱাই নহয়, কেইবামাহ ধৰি স্তব্ধ হৈ আছে। অনুপম নির্মাণ প্রাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে কমসংখ্যক যন্ত্র-পাতিৰে নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল যদিও ২.৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নির্মাণকার্য শেহতীয়াকৈ বন্ধ হৈ পৰা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। 

দলংখনৰ চোৱা-চিতাৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ঘিলামৰা পথ সংমণ্ডলৰ ভূমিকাকো ৰাইজে সমালোচনা কৰিছে। উল্লেখ্য যে দলং নিৰ্মাণৰ বাবে সামগ্রী কঢ়িওৱা অস্থায়ী লোৰ দলংখনৰ এটা মূৰ সোৱণশিৰিৰ সোঁতে উটুৱাই নিয়াৰ লগতে আনটো মূৰতো প্রচণ্ড খহনীয়াৰ সৃষ্টি হোৱাত এতিয়া নিৰ্মাণকাৰী সংস্থাটোৱে দলং নিৰ্মাণকাৰ্য স্থগিত ৰাখিব লগা হৈছে। ফলত স্থানীয় ৰাইজে দলংখনৰ নিৰ্মাণক লৈ সন্দিহান হৈ পৰিছে।

Share This