৪০ হাজাৰ কোচ-ৰাজবংশীৰ প্রতিবাদত উত্তাল বঙাইগাঁও

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্ক : কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ গঠনৰ উপৰি কে এল অ'ৰ লগত শান্তি চুক্তিৰ দাবীত কালি বঙাইগাঁৱত বিশাল গণ সমাৱেশৰ আয়োজন কৰা হয়। প্রায় চল্লিছ হাজাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ পুৰুষ-মহিলা সমৱেত হৈ উত্তাল প্রতিবাদ সাব্যস্ত কৰে। আক্ৰাছুৰ নেতৃত্বত তেৰটা স্বগোষ্ঠীয় বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত উত্তাল প্রতিবাদ সাব্যস্ত কৰে। উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত আয়োজিত এই গণ সমাৱেশত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে পশ্চিম বংগৰ পৰাও হাজাৰ হাজাৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকে অংশগ্রহণ কৰে। দীর্ঘদিনে কোচ-ৰাজবংশী লোকসকলে শোষিত, লাঞ্চিত, বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি নেতাসকলে ভাষণ দিয়াৰ লগতে বাজ্য আৰু কেন্দ্রীয় চৰকাৰে কোচ-ৰাজবংশীসকলক প্রতাৰণা কৰি অহা বুলি উল্লেখ কৰি সমাগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰিবলৈ দাবী জনায়। অন্যথা আগন্তুক দিনত ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰ সংকটৰ সম্মুখীন হ'ব লাগিব বুলিও সকীয়াই দিয়ে। 

কালিৰ বিশাল গণ সমাৱেশত বিশেষকৈ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য দাবীৰ লগতে আলোচনাত বহা কে এল অ'ৰ লগত শান্তি চুক্তি নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰিব বুলি মন্তব্য কৰে নেতাসকলে। দৰকাৰ হ'লে দিল্লীও কঁপাই দিয়া হ'ব বুলি উল্লেখ কৰে। ইপিনে জনজাতিৰ ত্ৰাণকর্তা বুলি জহাই ফুৰা নেতা আদিত্য খাখলাৰীকো তীব্র সমালোচনা কৰে নেতাসকলে। জনজাতিকৰণত এইজন নেতাই বাধা দিবলৈ কোন বুলি প্রশ্ন কৰাৰ লগতে এইজন নেতাই চৰকাৰৰ নাৰদ হৈ কাম কৰি থকা বুলি প্রকাশ কৰে আৰু চৰকাৰেই এইজন নেতাৰ মুখেৰে তেওঁলোকৰ কথাসমূহ প্রকাশ কৰি থকা বুলি কয়। ইপিনে আজি গুৱাহাটীত হ'বলগীয়া জনজাতি সমাৱেশৰ বিৰোধিতা কৰা কার্যক তীব্র সমালোচনাও কৰে নেতাসকলে। ইপিনে কোচ-ৰাজবংশীৰ দ্বাৰা গঠিত সংগঠনসমূহক একাংশ নেতা, ৰাজনৈতিক দালালে চক্রান্ত কৰি অহা বুলি প্রকাশ কবি সেইসকল নেতাকো সকীয়াই দিয়ে। 

কোচ-ৰাজবংশীসকলক ভাগ ভাগ কৰিবলৈ বিচৰাসকল সাৱধান হ'বৰ হ'ল আৰু সেইসকল দালালক চিনাক্ত কৰি দৰকাৰ হ'লে ৰাজবংশী লোকসকলৰ মজিয়াত বিচাৰ কৰাৰ দিন আহি পৰিছে বুলি কয়। একাংশ নেতাই লগতে কয় যে যোৱা বি টি চিৰ নির্বাচনত বিজেপিৰ যি অৱস্থা কৰা হ'ল, সেই অৱস্থা ৰাজ্যত কৰিবলৈও কোচ-ৰাজবংশীসকলৰ বেছি পৰ নালাগে। সেয়ে বিষয়টো চিন্তা কৰিবলৈ দাবী জনাই ৰাজ্য চৰকাৰক অতিশীঘ্রে আক্রাছুকে ধৰি বিভিন্ন সংগঠনে কৰি অহা দাবীসমূহক ন্যায্যতা প্রদান কৰিবলৈ কয়। আজিৰ বিশাল গণ সমাৱেশত কোচ- বাজবংশী মহিলা সমিতি, কমতাপুৰ ডিমাণ্ড কাউঞ্চিল, সদৌ কোচ-ৰাজবংশী সন্মিলনী, সদৌ কোচ-ৰাজবংশী যুব-ছাত্র সন্মিলনী, কোচ-ৰাজবংশী সংগ্রাম সমিতি, কোচ-ৰাজবংশী কালচাৰেল ছ'চাইটি, প্রাক্তন কে এল অ', বি টি চি কোচ-ৰাজবংশী সন্মিলনী, কোচ-ৰাজবংশী মহাসংঘ, কোচ-ৰাজবংশী জাতীয় পৰিষদ, কোচ-ৰাজবংশী চেতনা মঞ্চৰ নেতা-কর্মীসকল উপস্থিত থাকে। গণ সমাৱেশত একাংশ লোকে অর্ধ উলংগ হৈয়ো প্রতিবাদ সাব্যস্ত কৰে। ইফালে, সমাৱেশত ভাষণ দি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনে '২৬ৰ আগতে কোচ-ৰাজবংশীন জনজাতিকৰণ নহ'লে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সকলো বিষয়ববীয়াই জাতিৰ স্বাৰ্থত সমূহীয়াভাৱে পদত্যাগ কৰিব লাগিব বুলি সকীয়াই দিয়ে।

Share This