তৃতীয় স্থানৰ যুঁজত ফ্ৰান্সক পৰাজিত কৰিলে ইংলেণ্ডে, ৬-৪ বিশ্বকাপৰ শ্বাসৰুদ্ধকৰ মেচখন

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : বুকায়ো ছাকাৰ হেটত্ৰিকৰ সহায়ত বিশ্বকাপৰ তৃতীয় স্থান নির্ধাৰণকাৰী মেচত শনিবাৰে নিশা ফ্রান্সক ৬-৪ ব্যৱধানত পৰাজিত কৰে ইংলেণ্ডে। এই বাৰৰ বিশ্বকাপৰ ১০ গ'লৰ ৰোমাঞ্চকৰ মেচখনত প্ৰথম ডেৰ মিনিটতে ইংলেণ্ডে অগ্রগতি লাভ কৰে। 

ফ্ৰান্সৰ ডেজিৰে দুয়েৰ পৰা বল কাঢ়ি লৈ আক্রমণত নমা ডেকলান ৰাইচে প্রতিপক্ষৰ নেট কঁপাই তোলে। ইয়াৰ পাছতে বুকায়ো ছাকাৰৰ ১টা গ'ল অফছাইডৰ বাবে নাকচ হয়। কিন্তু ইংলেণ্ডে বেছি সময় অপেক্ষা কৰিবলগীয়া নহ'ল। ১৮ মিনিটত কৰ্নাৰ কিকত হেডিঙৰ জৰিয়তে দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে এজৰী কনছাই। ৩৭ মিনিটত তৃতীয়টো গ'ল হজম কৰিবলগীয়া হয় ফ্রান্সে। মার্কাছ ৰাজফ'ৰ্ডৰ শ্বট প্রথমে প্রতিহত কৰে গ'লকীপাৰ মাইক মেনিঅই। কিন্তু ৰিবাউণ্ডৰ পৰা ছাকাই নিজৰ প্ৰথম গ'লটো দিয়ে। প্রথমার্ধ্বৰ খেল শেষ হোৱাৰ পূৰ্বে ইংলেণ্ডে চতুর্থটো গ'লৰ মুখ দেখে। ছাকাই মিডফিল্ডৰ পৰা পোৱা পাছ ফ্ৰান্সৰ দুগৰাকী ডিফেণ্ডাৰৰ মাজেৰে বল নেটলৈ ঠেলি দিয়ে (৪-০)। 

বিৰতিৰ পাছত ফ্রান্সে ৪৮ মিনিটত প্রথমটো সফলতা লাভ কৰে। মিচেল অলিছৰ পাছত কিলিয়ান এমবাপেই দিয়ে সেই গ'লটো। ইয়াৰ পাছতে ব্রেডলি বার্কোলাই প্রত্যাক্ৰমণৰ জৰিয়তে ৫৪ মিনিটত দিয়াগ'লটোৰ জৰিয়তে ফ্রান্সে ব্যৱধান ৪-২লৈ হ্রাস কৰে। কিছু সময়ৰ পাছত এমবাপেই ৬৬ মিনিটত নিজৰ দ্বিতীয়টো গ'ল দি ফল ৪-৩ কৰে। ফ্রান্সে তেনেদৰেই প্ৰত্যাৱৰ্তনৰ আশা কৰিছিল যদিও পেনাল্টিৰ জৰিয়তে হেটত্রিক অৰ্জন কৰা ছাকাই ৮৭ মিনিটত ইংলেণ্ডৰ সপক্ষে ব্যৱধান ৫-৩ কৰে। ষ্টেপেজ টাইমৰ ষষ্ঠ মিনিটত ফ্ৰান্সৰ ওছমানে ডেম্বেলেই ব্যৱধান ৫-৪ কৰে। কিন্তু ষ্টেপেজ টাই মৰে অষ্টম মিনিটত ছাবষ্টিটিউট খেলুৱৈ জুডে বেলিংহামে ৬-৪ ব্যৱধানত ইংলেণ্ডৰ জয় নিশ্চিত কৰে।

Share This