ডিজিটেল ডেস্ক: নিৰ্বাচনৰ আগে আগে কেন্দ্রীয় চৰকাৰে অসমৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কালি প্রায় ৭৪৮ কোটি টকা ঘোষণা কৰিছে। এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ'ব পথ আৰু দলং।
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গডকাৰিয়ে কালি প্ৰকাশ কৰা মতে কেন্দ্রীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত অসমৰ ১০টা পথৰ উন্নয়ন প্রকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং নিৰ্মাণৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে।
আনহাতে কেন্দ্রীয় চৰকাৰে অঞ্চলটোৰ পথ যোগাযোগ ব্যৱস্থা উন্নয়নত সর্বাধিক গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই প্ৰদান কৰিব লগীয়া উক্ত পুঁজিয়ে ৰাজ্যৰ আর্থ-সামাজিক বিকাশত বিশেষভাৱে অৰিহণা যোগাব।