আজি আৰম্ভ হ’ব সপ্তম চলচ্ছিত্ৰম নেশ্যনেল ফিল্ম ফেষ্টিভেল

Jyoti Borah September 09, 2023

ডিজিটেল ডেস্কঃ আজিৰ পৰা জ্যোতি চিত্ৰবনত আৰম্ভ হ’ব সপ্তম চলচ্ছিত্ৰম নেশ্যনেল ফিল্ম ফেষ্টিভেল (চি এন এফ এফ) প্ৰখ্যাত চলচ্ছিত্ৰ গৱেষক আৰু কলা বিষয়ক ছবিৰ নিৰ্মাতা, প্ৰফেছৰ ড০ পীয়ূষ ৰয়ে এই উৎসৱৰ উদ্বোধন কৰিব৷ নৃত্যশিল্পী প্ৰেৰণা ভূঞাই প্ৰস্তুত কৰা ‘বন্দে মাতৰম’ৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ পাতনি মেলা হ’ব৷ প্ৰসিদ্ধ চলচ্ছিত্ৰ পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী ৰাজেন্দ্ৰ জাংগলেই পদ্মশ্ৰী সন্মানেৰে সন্মানিত জনজাতীয় লোকশিল্পী দুৰ্গাবাইৰ ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্ৰৰে মহোৎসৱৰ আৰম্ভ কৰা হ’ব৷ ১১-৩০ বজাত ড০ পীয়ূষ ৰয়ৰ সৈতে অন্তৰংগ কথোপকথনৰ অনুষ্ঠান৷

দেশ-বিদেশত সন্মান অৰ্জন কৰা কেইবাখনো চুটি ছবি আৰু তথ্যচিত্ৰ হ’ব এই মহোৎসৱৰ বিশেষ আকৰ্ষণ৷ ‘ৰেমিনিচেন্স অব্‌ গংগৌৰ’ ছবিখনো এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব আৰু ছবিৰ লেখক-পৰিচালক সুদীপ চোহনিয়েও এই মহোৎসৱত অংশগ্ৰহণ কৰিব৷ প্ৰাঞ্জল কে শইকীয়া পৰিচালিত আৰু দেশ-বিদেশৰ কেইবাটাও চলচ্ছিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা ‘অকমান’ নামৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনৰ প্ৰিমিয়াৰো এই মহোৎসৱৰ এটা অংগ৷ শিল্পীকা বৰদলৈৰ কেইবাটাও চলচ্ছিত্ৰ মহোৎসৱত প্ৰশংসিত ছবি ‘চাউ’খনৰো ‘অসম প্ৰিমিয়াৰ’ এই মহোৎসৱতে অনুষ্ঠিত হ’ব৷ দ্বিতীয় দিনাও দুপৰীয়া ১১ বজাৰ পৰা ছবিৰ প্ৰদৰ্শন আৰম্ভ হ’ব৷ মুম্বাইত থকা অসমীয়া চিত্ৰ সম্পাদক হীৰা দাসে পৰিচালনা কৰা প্ৰথম ছবি ‘কাণখোৱা’ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব৷ আবেলি ২ বজাত প্ৰখ্যাত চিত্ৰ পৰিচালক ৰাহুল ৰাৱেলৰ সৈতে এটা মুকলি কথোপকথনৰ আয়োজন কৰা হৈছে৷ লেখিকা ইন্দ্ৰাণী লস্কৰে এই আলোচনাৰ আঁত ধৰিব৷ প্ৰান্তিক ডেকা ৰচিত চিনেমা বিষয়ক ইংৰাজী গ্ৰন্থ ‘পাষ্ট ৰিভিজিটেড’খনো একেই অনুষ্ঠানতে ৰাহুল ৰাৱেলে উন্মোচন কৰিব৷ এটা সঁচা চৰিত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰবাল খাওন্দে পৰিচালনা কৰা চুটি ছবি ‘প্ৰবাহিনী’ৰ প্ৰথম প্ৰদৰ্শনো এই অনুষ্ঠানৰ অংগ৷ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত ভাগ ল’ব খ্যাতিমান চিত্ৰ পৰিচালক ৰীমা দাসে৷ মহোৎসৱ উপলক্ষে আয়োজিত প্ৰতিযোগিতাত পাঁচটা শাখাত বঁটা প্ৰদান কৰা হ’ব৷ শ্ৰেষ্ঠ ছবি, উত্তৰ-পূবৰ শ্ৰেষ্ঠ চলচ্ছিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ আৰু শ্ৰেষ্ঠ চিত্ৰ নাট্যকাৰ৷ বিজয়ীসকলে ট্ৰফী, প্ৰমাণ-পত্ৰ আৰু নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব৷ অংশগ্ৰহণকাৰী ছবিবোৰৰ মান-পত্ৰও একেই অনুষ্ঠানতে প্ৰদান কৰা হ’ব৷ ছবি উপভোগৰ বাবে পূৰ্ব পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছিল যদিও আগ্ৰহী দৰ্শকৰ অনুৰোধত ঠাইতে পঞ্জীয়ন কৰাৰ ব্যৱস্থাও ৰখা হৈছে৷ মহোৎসৱৰ সামৰণি ছবি হ’ল ঝাৰখণ্ডৰ তৰুণ পৰিচালক নীতেশ কুমাৰে পৰিচালনা কৰা ‘লখীমাই’৷

কৃষি আৰু জীৱনৰ অংগাংগী সম্বন্ধৰ কথা কাব্যিক ভাষাৰে প্ৰকাশ কৰা এই ছবিখনে ইতিমধ্যে ভাৰতৰ বিভিন্ন চলচ্ছিত্ৰ মহোৎসৱত আলোড়নৰ সৃষ্টি কৰিছে৷ ভাৰতীয় চুটি ছবিৰ সৰ্ববৃহৎ সংগঠন ‘ভাৰতীয় চিত্ৰ সাধনা’ৰ সৈতে চলচ্ছিত্ৰমৰ কলা বিনিময় প্ৰয়াসৰ অংগ হিচাপে এই ছবিখন প্ৰদৰ্শন কৰা হ’ব৷ অধিক জানিবৰ বাবে চলচ্ছিত্ৰমৰ কাৰ্যবাহী সম্পাদক অমৰজ্যোতি ডেকাক ৯৪৩৫১০৭৬৯৮ নম্বৰত যোগাযোগ কৰিব পাৰে৷

Share This