৮ অক্টোবৰত তিনিচুকীয়া কঁপাব ১ লাখ চাহ জনগোষ্ঠীয় লোকে

dainik janambhumi October 05, 2025

ডিজিটেল ডেস্কঃ জনজাতিকৰণৰ দাবীত মৰাণ, মটক জনগোষ্ঠীৰ পাছতে তিনিচুকীয়া চহৰ কঁপাবলৈ সাজু হৈছে চাহ জনগোষ্ঠীৰ ১ লাখ লোকে। কালিএই কথা জানিবলৈ দিছে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে। চাহুৱে উল্লেখ কৰে যে জনজাতিকৰণৰ লগতে অন্যান্য দাবীত মৰাণ, মটক, কোচ-ৰাজবংশীকে ধৰি কৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে।

নিজৰ জাতি-জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ বিচাৰি সকলোৱে আন্দোলনত নামি পৰিছে। ছয় জনগোষ্ঠীৰ ভিতৰত অসমৰ সৰ্ববৃহৎ আদিবাসী চাহ জনগোষ্ঠীক বিজেপি চৰকাৰে ১০০ দিনত জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্রতিশ্রুতি দিছিল। কিন্তু ১০ বছৰে জনজাতিকৰণ নকৰিলে, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা দিয়াৰ প্রতিশ্রুতি আজিও পূৰণ নকৰিলে, চাহ শ্রমিকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্রুতি দিছিল যদিও সেয়া হৈ নুঠিল। এই বিজেপি চৰকাৰৰ দিনত চাহ জনগোষ্ঠী একেবাৰে সুৰক্ষিত নহয়। বিজেপি চৰকাৰৰ অপশাসন, শ্রমিক-বিৰোধী নীতিৰ ফলত চাহ বাগিচাসমূহ গভীৰ সংকটত পৰিছে। বৃহৎ বৃহৎ চাহ বাগিচাৰ মালিকসকলে চাহ বাগিচা বিক্ৰী কৰি চাহ উদ্যোগ ব্যৱসায় এৰি অন্য ব্যৱসায়ত নামিছে।

চাহ বাগিচাৰ মাটি উচ্ছেদ কৰা হৈছে। আদানি, আম্বানি, পতঞ্জলিৰ দৰে পুঁজিপতিক বাগিচাৰ মাটি গতাই দিয়া হৈছে, বাগিচাৰ মাটি ১০ শতাংশ অন্য কামত ব্যৱহাৰ কৰি উদ্যোগ স্থাপন কৰিবলৈ আইন প্রস্তুত কৰিছে, যাৰ বাবে এতিয়া চাহ বাগিচাসমূহ ধ্বংসৰ পথলৈ গতি কৰিছে। কিন্তু বিজেপি চৰকাৰে চাহ বাগিচা ৰক্ষাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্রহণ কৰা নাই। ৩ শতাংশ চাকৰি আদিবাসীৰ নামত দিব বুলি আইন প্রণয়ন কৰি ১,৫০,০০০ চাকৰি চৰকাৰে দিলে কিন্তু আদিবাসী ৰাইজৰ বাবে সংৰক্ষিত ৩ শতাংশ চাকৰি কেইটা আদিবাসীক দিলে সেয়া স্পষ্ট কৰিবলৈ দাবী জনায়। চাহ বাগিচা আদর্শ বিদ্যালয়ত শিক্ষক নাই, চকিদাৰ নাই, ক্লার্ক নাই, অ'ৰ ত'ৰ পৰা নিয়া ২/৩জন শিক্ষকে বিদ্যালয়সমূহ চলাই আছে। সেয়ে, এনেকুৱা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী ড্রপ আউটৰ সংখ্যা অধিক। আনহাতে, বাগিচাৰ হস্পিটেলত ডাক্তৰ নাই, দৰবপাতিৰ অভাৱ, দেশত অত্যধিক মূল্য বৃদ্ধিৰ ফলত চাহ বাগিচাৰ শ্রমিকসকলে ২৫০ টকা মজুৰিত পুষ্টিকৰ খাদ্য কিনি খাবলৈ নোপোৱাত বাগিচাৰ ৮০ শতাংশ শ্রমিকৰ ওজন ৫০ কেজিতকৈ কম হোৱা দেখা গৈছে। বাগিচাৰ এল পি স্কুল আজিও সম্পূৰ্ণ চৰকাৰীকৰণ নহ'ল।

এনে ধৰণৰ বিভিন্ন সমস্যা এই বিজেপি চৰকাৰৰ দিনত চাহ বাগিচাসমূহত দেখা পোৱা গৈছে। এই ধ্বংস হ'বলৈ ধৰা উদ্যোগটোক জীয়াই ৰখাৰ কোনো বিকল্প ব্যৱস্থা বিজেপি চৰকাৰে আজিও গ্ৰহণ কৰা নাই বা কৰিব ইচ্ছা প্রকাশ কৰা নাই। আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণ আৰু অন্যান্য জ্বলন্ত সমস্যাৰ উপযুক্ত দাবীক লৈ অহা ৮ অক্টোবৰত প্ৰায় ১ লাখ চাহ জনগোষ্ঠীৰ লোক তিনিচুকীয়াৰ কচুজান ফিল্ড আৰু চলিহা নগৰ ফিল্ডত, এ টি ৰ'ডৰ অ'ভাৰব্ৰীজৰ ওচৰত, ন-পুখুৰীৰ ওচৰত, চাৰ্কোল অফিচৰ ওচৰত, এৰ'মা হোটেলৰ ওচৰত সমৱেত হোৱাৰ লক্ষ্য ৰাখি তিনিচুকীয়া মাজমজিয়াত বিজেপি চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে সমদল উলিয়াই প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কালি অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা, মহিলা সমিতি, জাতীয় মহাসভাকে আদি কৰি বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনৰ বিষয়ববীয়া ক্রমে জগত নায়ক, অনুজ তাঁতী, এলবার্ট আৰেয়া, বাবলু কুলদীপ আৰু বহুকেইজনৰ উপস্থিতিত তিনিচুকীয়াৰ এৰ'মা হোটেলত এক গুৰুত্বপূৰ্ণ আলোচনা হৈ যায়। জনগোষ্ঠীটোৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগত হ'বলগীয়া প্রতিবাদী কার্যসূচীত দলে বলে যোগদান কৰিবলৈ সকলোকে আহ্বান জনাইছে। উক্ত আন্দোলনত সকলো সংগঠনে নিজৰ নিজৰ বেনাৰ, প্লে' কার্ড লৈ তিনিচুকীয়া চহৰত সমৰেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

সেয়ে, চাহ জনগোষ্ঠীয় আদিবাসী সংগঠনসমূহক অহা ৮ অক্টোবৰত দিনৰ ১১ বজাত এই বৃহৎ গণতান্ত্রিক প্রতিবাদী আন্দোলনত চাহ বাগিচাৰ সকলো শ্রমিক আবাল-বৃদ্ধ-বনিতা, যুৱক-যুৱতী, ৰাইজ আৰু গাঁও অঞ্চলৰ অদিবাসী ৰাইজে দলে বলে অংশগ্ৰহণ কৰি আন্দোলন ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছে।

Share This