জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা

Rashmi October 31, 2025

ডিজিটেল ডেস্ক : ৰাজ্যত আজি মুক্তি পালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে । আজিৰ এই দিনটোলৈ অপেক্ষাত আছিল সমগ্ৰ অসমবাসী । বয়সে হাৰ মনাব নোৱৰা কলিয়াবৰৰ এগৰাকী আইতা। আইতাগৰাকী আজি দুখত ভাগি পৰিছে ।প্ৰকাশ কৰিব নোৱাৰে মনৰ বেদনা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে চিৰ বিদায় লোৱাৰ পাছতেই ৬০ ঊৰ্ধ্বৰ বৃদ্ধা আইতাগৰাকী দুখত ভাগি পৰিছে।

মনৰ দুখৰ বেদনা কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি লিখিছে জুবিন গাৰ্গৰ নামত ইটোৰ পাছত সিটোকৈ কবিতা।ঘৰৰ খিৰিকীখনৰ কাষতে বহি আইতাগৰাকীয়ে নিৰলে লিখিছে কেইবাটাও কবিতা।

মহান শিল্পী জুবিন গাৰ্গক শ্যামকানু আৰু সিদ্ধাৰ্থই ছিংগাপুৰলৈ নি যি ঘটনা সংঘটিত কৰিলে সেই কথা সুঁৱৰি আইতাগৰাকীয়ে প্ৰকাশ কৰিছে মনৰ ক্ষোভ। মহানায়ক জুবিন গাৰ্গৰ মৃত্যুত আজি প্ৰতি জন লোকে চকু পানী টুকিছে কিন্তু কিয় জুবিন গাৰ্গে ন্যায় পোৱা নাই।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি কলিয়াবৰৰ পুৰণি সত্ৰৰ বুলু বৰুৱা নামৰ ৬০ৰ উৰ্দ্ধৰ আইতাগৰাকীয়ে দাবী জনাইছে যে জুবিন গাৰ্গ যদি কিবা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা হয় আমি মানি ল'লোঁ হয় । কিন্তু এই মৃত্যুক আমি মানি ল'ব নোৱাৰিম , জুবিন গাৰ্গক নিষ্ঠুৰভাৱে আমাৰ মাজৰ পৰা আজুৰি নিলে সেয়ে আমাক ন্যায় লাগিব‌‌‌।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This