ডিজিটেল ডেস্কঃ এক ভয়ংকৰ খবৰ। কিডনী বিক্রী কৰি চলে একাংশ লোক। নগাঁও জিলাৰ নগাঁও চহৰৰ সমীপৰ হুজ কৈৱত গাঁৱৰ একাংশ লোকৰ শৰীৰত নাই একোটাকৈ কিডনী। এই খবৰ বিয়পি পৰাৰ লগে লগে নগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
দৰিদ্ৰতাই কোঙা কৰিছে নগাঁৱৰ হুজ কৈৱৰ্ত গাঁৱৰ অর্ধ শতাধিক লোকৰ জীৱন। শুনি আচৰিত হ'ব লগীয়া কথাটো হ'ল দৰিদ্ৰতাৰ বাবেই লোকসকলে বিক্ৰী কৰিছে নিজৰ একোটাকৈ কিডনী। এয়া কিডনী বিক্রী কৰোঁতাসকলৰ ভাষ্য যদিও প্রকৃত কাহিনী শুনিলে সকলোৰে চকু কপালত উঠিব।
মাদক দ্রব্য সেৱন কৰি আৰ্থিকভাৱে কোঙা হোৱা লোকসকলে এতিয়া নিজৰ মহা মূল্যৱান কিডনী বিক্ৰী কৰাত লাগিছে। এটি কিডনী বিক্রী চক্রই কমিছৰ টোপ দি গাঁৱৰে একাংশ দালালৰ জৰিয়তে এই দৰিদ্ৰ লোকসকলক ফুচুলাই কলকাতালৈ নি তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকাত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছে বুলি গুৰুতৰ অভিযোগ উঠিছে। কোনোজনে নিজৰ কিডনী বিক্ৰী কৰি লাভ কৰা ধন খৰচ কৰি শেষ কৰাৰ পাছত নিজৰ পত্নীৰ কিডনী বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ কৰা নাই বুলিও চর্চা হৈছে।
বহুতেই কমিছনৰ অংকত নিজৰ কিডনী বিক্রী কৰাৰ পাছত আন লোককো কিডনী বিক্ৰী কৰিবলৈ প্রেৰণা যোগাই দালালি আৰম্ভ কৰাৰ অভিযোগ উঠিছে। বিষয়টো ইতিমধ্যে নগাঁও জিলাৰ আয়ুক্তক অৱগত কৰিছে যদিও জিলা প্ৰশাসনৰ ফালৰ পৰা অদ্যাপি কোনো যোগাত্মক পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে। এই সকলো কথা পোহৰলৈ আনিছে হুজ কৈৱৰ্ত গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীয়ে। গাঁওৰক্ষী বাহিনীয়ে আয়োজন কৰা এখন ড্ৰাগছ বিৰোধী সজাগতা সভাত বিশিষ্ট সমাজ সচেতক তথা স্থানীয় গাঁও প্রধান দীপু দাসে সভাত মুকলিকৈ এই কথা প্রকাশ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিছে।
সময় থাকোঁতেই জিলা প্রশাসনে এই সমস্যাৰ বুজ লৈ হুজ কৈৱর্ত গাঁৱৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষা নিদিলে ইয়াৰ ঋণাত্মক প্রভাবে সমগ্র গাঁওখনৰ দৰিদ্ৰ লোকসকলক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ আশংকাক নুই কৰিব নোৱাৰি। সাম্প্রতিক পৰিস্থিতি আৰু দৰিদ্ৰতাই কোঙা কৰা নগাঁও চহৰৰ গাতে লাগি থকা হুজ কৈৱৰ্ত গাঁৱৰ দৰিদ্ৰ লোকেই নিজৰ নিজৰ কিডনী বিক্ৰী কৰিবলৈ হয়তো আৰু বেছি দিনলৈ অপেক্ষা কৰিব লগীয়া নহ'ব বুলি সচেতন মহলে মন্তব্য কৰিছে।