ডিজিটেল ডেস্ক : কেন্দ্রীয় চৰকাৰে এতিয়া গাঁৱৰ সম্পত্তিতো চকু ৰখাৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে চৰকাৰে গ্রামাঞ্চলৰ ভূমিৰ প্রকৃত গৰাকী, কোনে দখল কৰি আছে ভূমি, কি কামত ব্যৱহাৰ কৰি থকা হৈছে সেই সকলোবোৰ তথ্য কেন্দ্ৰীয় চৰকাৰে লাভ কৰিব। চৰকাৰে গাঁৱৰ সম্পত্তিৰ তথ্য আধাৰৰ সৈতে জড়িত কৰা আৰু ম'বাইল নম্বৰ আপডেট কৰাৰ দিশত পদক্ষেপ গ্রহণ কৰাৰ দিশত আগবাঢ়িছে। অৱশ্যে গাঁৱৰ লোকসকলৰ সম্পত্তিক আধাৰৰ সৈতে সংযোজিত কৰাৰ এই পৰিকল্পনা স্বেচ্ছামূলক তথা সন্মতি সাপেক্ষে হ'ব বুলি লগতে কোৱা হৈছে। উল্লেখযোগ্য যে গ্রামাঞ্চলৰ ভূমিৰ তথ্যৰ আধুনিকীকৰণ আৰু ডিজিটাইজেশ্যনৰ কাম কৰি থকা হৈছে। ইয়াৰ অধীনত এতিয়া কেন্দ্রীয় চৰকাৰে ভূমিৰ অধিকাৰৰ বিষয়টোত ভূমিৰ সকলো গৰাকী আৰু অংশীদাৰৰ আধাৰক ভূমিৰ তথ্যৰ সৈতে সংযোজিত কৰাটো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে।
ইয়াৰ লগতে ম'বাইল নম্বৰ আৰু ভূমিৰ গৰাকীৰ ঠিকনাৰ ইয়াত উন্নীত কৰাতো গুৰুত্ব দিব খুজিছে। আধাৰ প্ৰমাণীকৰণ অনিবার্য নহ'লেও ইয়াৰ জৰিয়তে ভূমিৰ তথ্যৰ ক্ষেত্ৰত স্বচ্ছতা অনাত সহায় কৰিব বুলি কোৱা হৈছে। এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলক ভূমিৰ তথ্যৰ আধুনিকীকৰণ তথা ডিজিটাইজেশান প্রক্রিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় চৰকাৰে এই প্রক্রিয়াটো নিখুঁত আৰু অত্যাধুনিক হোৱাত অধিক গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ অন্তৰ্ৱৰ্তী বাজেট আৰু চলিত বছৰৰ বাজেটত গ্রামাঞ্চলৰ ভূমিৰ ব্যাপক সংস্কাৰৰ বাবে সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ বাবে নেশ্যনেল জিয় 'স্পাচিয়েল অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে 'পি এম গতিশক্তি' ব্যৱহাৰ কৰি এই অভিযানৰ জৰিয়তে গ্রামাঞ্চলৰ ভূমিৰ সকলো তথ্যৰ আধুনিকীকৰণ কৰা আৰু নগৰাঞ্চলৰ পৰিকল্পনাক এক গতি দিয়াৰ পৰিকল্পনা কৰিছে। কেন্দ্রীয় বিত্ত ম্যালয়ে ইয়াৰ সৈতে জড়িত আঁচনিৰ বিষয়ে গ্রামোন্নয়ন আৰু গৃহ তথা নগৰাঞ্চল উন্নয়ন মন্ত্ৰ্যালয় আৰু ৰাজ্যসমূহক জনাইছে।
ইয়াৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে গ্রামাঞ্চলৰ ভূমিৰ তথ্যৰ ব্যাপক হাৰত সংস্কাৰ কৰাৰ দিশত আগবাঢ়িছে। চৰকাৰে লোৱা আঁচনিৰ জৰিয়তে সকলো লেণ্ড পাৰ্ছেলৰ (গৰাকী, ব্যৱস্থাপনা বা কৰৰ ক্ষেত্ৰত এটা গোট হিচাপে গণ্য কৰা নিৰ্দিষ্ট সীমাৰ ভূমি) উপ-বৰ্গীকৰণ কৰা হ'ব, যাৰ ফলত ভূমিৰ তথ্যৰ জৰিয়তে ইয়াক দখল কৰি থকা লোক, প্রকৃত গৰাকী আৰু কি কামত ব্যৱহাৰ কৰা হৈছে সেইটো স্পষ্ট হৈ পৰাৰ লগতে সকলো নক্সাৰ পুনৰ সত্যৰ্পণ তথা পুনৰ জৰীপ কৰাত সহায় হ'ব। আনহাতে চৰকাৰে দ্বিতীয় পৰ্যায়ত সকলো ভূমিৰ বিশিষ্ট পৰিচয় সংখ্যা (ভূ-আধাৰ) জাৰি কৰাটো অনিবাৰ্য হৈ পৰিব। ইয়াৰ লগতে ভূমিৰ তথ্য তথা নক্সাক লৈ থকা বিসংগতি তথা ভিন্নতাক অগ্ৰাধিকাৰ ভিত্তিক দূৰ কৰা হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে গ্রামাঞ্চলৰ ভূমিৰ তথ্যৰ উন্নীতকৰণ তথা ডিজিটাইজেশ্যন পর্যায়ক্রমে সম্পন্ন কৰাৰ বাবে ৰাজ্যসমূহক ২৭০০ কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত ভূমিৰ পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণৰূপে অনলাইন কৰাৰ কামো আছে।