অবুজ 'ঐক্য'
Digital desk
July 22, 2024
ডিজিটেল ডেস্কঃ আমাৰ ৰাজ্যৰ অবিজেপি দলবোৰৰ 'ঐক্য'টো এটা জটিল সাঁথৰ। কিয় লগ লাগিছিল তাৰ যেনেকৈ কোনো ব্যাখ্যা নাই, ভৱিষ্যতে লগ লাগি থাকিব পাৰিবনে নাই তাৰো স্পষ্ট উত্তৰ নাই। পাঁচটা বিধানসভা সমষ্টিৰ উপ- নির্বাচন কেতিয়া হ'ব তাৰ আনুষ্ঠানিক ঘোষণা বা অধিসূচনা জাৰি হোৱাই নাই, 'ঐক্যবদ্ধ' হৈ থকা দলকেইটাৰ মাজত যুঁজ-বাগৰ আৰম্ভ হ'লেই। সমষ্টিকেইটাৰ এটাৰ বাদে বাকী চাৰিটা শাসকীয় দলৰ হাতত আছিল। সেইকেইটাক লৈয়ে আৰম্ভ হোৱা যুঁজখন দেখি ৰাইজে বেছ আমোদ পাইছে।
কিন্তু ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ আচৰণ চাবলগীয়া। আজিৰ ক্ষমতাৰ দিশৰ পৰা যিটো অৱস্থা বিজেপিয়ে পাঁচটা সমষ্টিতে নিজা প্রার্থী দিলেও বাকী মিত্রদলকেইটাই মানি লোৱাৰ গত্যন্তৰ হয়তো নাথাকিলেহেঁতেন, কিন্তু মিত্ৰতাৰ ৰাজনীতিক সন্মান জনাই শাসকীয় মৰ্চাৰ প্ৰধান দলটোরে ঘোষণা কৰি দিছে যে তেওঁলোকে ৩টা সমষ্টিতহে প্রার্থী দিব, বাকী দুখন আসন অগপ আৰু ইউ পি পি এলক এৰি দিব। বিৰোধী শিবিৰে মিত্ৰতাৰ এই ভাষাটো শিকিবলৈ চেষ্টা কৰা উচিত। উপ-নির্বাচনক কেন্দ্র কৰি আৰম্ভ হোৱা অৰিয়াঅৰিলৈ চাই অৱধাৰিতভাৱে সকলোৰে মনত এটা প্রশ্ন উদয় হ'ব যে লোক সভাৰ নিৰ্বাচনৰ আগত ঢাক-ঢোল বজাই তেওঁলোকে বিৰোধী দলসমূহৰ ঐক্যবদ্ধ মঞ্চখন কিয় স্থাপন কৰিছিল?
সকলোৱে শুনা, জনা আৰু বুজা উত্তৰটো হ'ল- 'সাম্প্রদায়িক বিজেপি'ক ক্ষমতাৰ পৰা আঁতৰোৱাৰ বাবে তেওঁলোক ঐক্যবদ্ধ হৈছিল। তেতিয়াহ'লে পুনৰ প্ৰশ্ন উঠিব যে বিৰোধীৰ সেই মিত্ৰজোঁট তেওঁলোকৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'লনে? এটা শব্দত ইয়াৰ উত্তৰ হ'ব- নাই হোৱা। যোৰহাটত গৌৰৱ গগৈ জিকিল, অথবা ধুবুৰীত ৰকিবুল হুছেইন অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ'ল, তাৰ একমাত্ৰ কাৰণ কিন্তু বিৰোধী ঐক্য নহয়। দুয়োটা বিজয়ৰে অন্য পটভূমিও আছে। এই দুয়োটা বিজয়ক লৈ কংগ্রেছ গপত ওফন্দি পৰাৰ যেনেকৈ যুক্তি নাই, তেনেকৈ বিৰোধী ঐক্যমঞ্চৰ বাকী দলকেইটায়ো সাংঘাতিক দাবী কৰিব লগা একো নাই। এক কথাত ক'বলৈ গ'লে হৈ যোৱা লোক সভাৰ নিৰ্বাচনটোত ৰাজনৈতিক দলবোৰৰ ভূমিকাতকৈ ৰাইজৰ ভূমিকা বেছি আছিল। তাৰ বিপৰীতে এটা কথা স্বীকাৰ কৰিবই লাগিব যে বিজেপি মিত্রজোঁটে এইবাৰ বিজয়ৰ দিশত ইতিহাস ৰচনা কৰিলে। ৰাজ্যৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত ১১টাত বিজয় সাব্যস্ত কৰিব পৰাটো কম সাফল্য নহয়! জনগাঁথনিৰ ফালৰ পৰা বিৰোধীপক্ষ জয়ী হ'বলগা কৰিমগঞ্জ সমষ্টিটো বিজেপিয়ে কাঢ়ি ল'ব পৰাটো আচলতে বিৰোধীৰ ৰণনীতিৰ ব্যৰ্থতাৰ উদাহৰণ। ইয়াৰ পাছত পাঁচটা সমষ্টিৰ উপ-নির্বাচনক লৈ বিৰোধী শিবিৰে হাই-কাজিয়া কৰাটো হাস্যস্পদ। বিৰোধী ঐক্যমঞ্চ গঠনৰ উদ্দেশ্য আছিল বিজেপিক প্রতিহত কৰা। সেই লক্ষ্যত উপনীত হোৱাটো সহজ নহয়।
গতিকে ২০২৬ৰ বিধানসভা নির্বাচনলৈ লক্ষ্য ৰাখি বিৰোধী ঐক্যমঞ্চৰ কংগ্ৰেছকে ধৰি প্ৰতিটো দলে নিজৰ দলীয় স্বাৰ্থৰ সমান্তৰালকৈ সমন্বিত শক্তিৰ গুৰুত্বক উপলব্ধি কৰি সন্মান প্ৰদৰ্শন কৰা উচিত। কংগ্ৰেছে অকলে ৫টা সমষ্টিত উপ-নির্বাচন খেলিব বুলি ঘোষণা কৰি দিছে যদিও আজিৰ তাৰিখত পূর্বানুমান কৰিব পৰা সত্যটো হ'ল- কেৱল চামগুৰিক বাদ দি বাকীকেইটা সমষ্টিত কংগ্ৰেছৰ অকলে জয়ী হ'ব পৰাৰ শক্তি বা সক্ষমতা নাই। আনহাতে কংগ্ৰেছৰ এই সিদ্ধান্তৰ পাছতে অখিল গগৈৰ ৰাইজৰ দল আৰু ৪টা বাওঁদলে কঠোৰ প্রতিক্রিয়া ব্যক্ত কৰিছে। চাৰিটা বাওঁদলে ঐক্যবদ্ধভাবে বিহালীত প্রার্থী থিয় কৰোৱাৰ প্ৰস্তাৱ লৈছে। ৰাইজৰ দলেও ৫টা সমষ্টিতে প্রার্থী দিব পাবে বুলি হুংকাৰ দিছে। নির্বাচন খেলাৰ অধিকাৰ যিহেতুকে প্রতিটো দলবে আছে, খেলিব পাৰে; কিন্তু ৰাজনৈতিক ঐক্যমঞ্চ এখনত থকাৰ পাছত ইমান কঠোৰ প্ৰতিক্রিয়া আচলতে অসৌজন্যমূলক। যদিহে বিজেপিক পৰাভূত কৰাই এওঁলোকৰ লক্ষ্য, তেনেহ'লে মঞ্চৰ ইটো দলে, সিটোৰ দোষ-দুর্বলতা মুকলিকৈ উন্মোচন কৰা অনুচিত। কিন্তু কংগ্রেছে বাওঁদলবোৰক হেয় প্রতিপন্ন কৰিবলৈ গৈ মুকলিকৈ কৈছে যে যোৱা বিধানসভাৰ নিৰ্বাচনত বিহালীত বাওঁদলৰ প্রার্থী বিবেক দাসে ২১ হাজাৰ ভোটহে পাইছিল, লোক সভাত কংগ্রেছে ৪২ হাজাৰ ভোট পালে। এয়া কৃতিত্বৰ দাবী নে নিজৰ দুৰ্বলতা উন্মোচন?
সামগ্রিক প্রেক্ষাপটলৈ চাই আজিৰ তাৰিখত এটা কথা স্পষ্টকৈ ক'ব পাৰি যে নিজাকৈ যুঁজ দি ক্ষমতালৈ আহিব পৰাৰ শক্তি বিৰোধী ঐক্যমঞ্চৰ কোনোটো দলৰে নাই।- সেয়া কংগ্রেছেই হওক, বাওঁদলকেইটাই হওক বা আঞ্চলিকতাবাদী দলকেইটাই হওক। নিজৰ নিজৰ ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰিবলৈকে তেওঁলোক ঐক্যবদ্ধ হৈ থকাৰ গত্যন্তৰ যে নাই সেই সত্যটো উপলব্ধি কৰাৰ চেষ্টা কৰক। অযথা আস্ফালনে তেওঁলোক প্রত্যেককে বিপদত পেলাব। লোক সভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী ঐক্যমঞ্চৰ নেতাসকলে কৈছিল- এই মিত্ৰতা ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনলৈকে অটুট থাকিব।
সেই ঘোষণাতে বিৰোধী নেতাসকল অটল হৈ থাকিবলৈ মঞ্চৰ ডাঙৰ ককাই কংগ্ৰেছ আৰু অন্য দলসমূহে চেষ্টা কৰা উচিত। হ'বলগীয়া উপ-নির্বাচনটোত ৰাজনৈতিক গুৰুত্ব বিশেষ নাই, কিন্তু প্রার্থী যি দলৰে নহওক, তাক লৈ বৰ বেছি চিঞৰ-বাখৰ নকৰি বিৰোধী ঐক্যমঞ্চই পুনৰ এবাৰ ঐক্যবদ্ধ হৈ যুঁজি নিজৰ শক্তিৰ উমান ল'ব পাৰে। এনে কৰিব পাৰিলে ২০২৬-লৈ তেওঁলোকৰ বাবে পৰিৱেশটো সুচল হৈ থাকিব।
Share This