নতুন দিল্লীত অজিত ভূঞাই ক'লে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ল'ৰা-ধেমালি কৰি থকা হৈছে

dainik janambhumi October 11, 2025

ডিজিটেল ডেস্ক : 'জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ল'ৰা-ধেমালি কৰি থকা হৈছে। সন্দেহ নাই যে স্বয়ং মুখ্যমন্ত্রীয়েই এই তদন্তক বেবেৰিবাং কৰাত মুখ্য ভূমিকা পালন কৰি আছে। আজিৰ দিনত মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কথাই অতি তৰল আৰু যথেষ্ট লঘু। তেওঁৰ কথা শুনিলে এইটো নিশ্চিত হব পাৰি যে মুখমন্ত্ৰীয়ে তদন্ত গভীৰতালৈ যোৱাটো একেবাৰেই নিবিচাৰে। যোৱা ২০ দিনত মুখ্যমন্ত্ৰীৰ কথাবোৰেই এই কথা প্রমাণ কৰিছে।' এই মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ। কালি নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত ভূঞাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য প্রদান কৰি কয়- 'এফালে অসমৰ ৰাইজে দিন-ৰাতি এক কৰি জুবিনৰ ন্যায়ৰ প্ৰশ্নত হাবাথুৰি খাই আছে আৰু আনফালে মুখ্যমন্ত্রীয়ে মূল কথাৰ পৰা যিমান পাৰি ফালৰি কাটিবলৈ চেষ্টা কৰিছে। এয়া অত্যন্ত দুর্ভাগ্যজনক আৰু প্ৰতাৰণামূলক।' 

সংবাদমেলখনত ভূঞাই জুবিনৰ মৃত্যুৰ আঁৰৰ ৰহস্যক ফাদিল কৰিব পৰাকৈ তদন্ত কিয় সঠিক দিশত গতি কৰা নাই বুলি প্রশ্ন উত্থাপন কৰি কয়- 'বিভ্রান্তি সৃষ্টিৰ স্পষ্ট প্রয়াস দেখা পোৱা গৈছে। আৰক্ষীয়ে তদন্তৰ সময়ত আহৰণ কৰা বক্তব্য বা তথ্যসমূহ গোপনীয় কৰি ৰাখিব লাগে। কিন্তু সাক্ষীয়ে কৰা কিছু বিশেষ বক্তব্য অথবা তথ্য ফাদিল কৰা হৈছে। এইবোৰ কাৰ লাভৰ বাবে কৰা হৈছে? ইফালে তদন্তকাৰী সংস্থাই অপৰাধৰ সৈতে কোনো সম্পর্ক নথকা কিছুমান বিষয় নিজৰ ইচ্ছা মতে সংলগ্ন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় এনে কামে নিশ্চিতভাৱে আমাৰ প্ৰিয় গায়কজনৰ প্ৰতি ইচ্ছাকৃত অপমান কৰা হৈছে। অতি দুর্ভাগ্যজনকভাৱে তদন্তৰ নামত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰো প্ৰচেষ্টা চলোৱা হৈছে। এয়া কিয় কৰা হৈছে বুলি প্রশ্ন তুলি সাংসদ ভূঞাই লগতে কয়- 'শ্যামকানু মহন্ত কেনেকৈ ইমান শক্তিশালী হ'ল আৰু শ্যামকানুৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক কেনেধৰণৰ সেই বিষয়ে যথার্থ ব্যাখ্যা কৰাত মুখ্যমন্ত্রী ব্যর্থ হৈছে। প্রকাশিত ফটোবোৰে স্পষ্টভাৱে দেখুৱাইছে যে শ্যামকানুৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পর্ক। এই কথাও প্রমাণ হৈছে যে ৰাজ্যিক চৰকাৰৰ বিভাগসমূহে 'ৰঙালী' আৰু 'নৰ্থ ইষ্ট ফেষ্টীভেল'ৰ নামত বিত্তীয় সাহায্য প্রদান কৰিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতেই এই কাম হৈছিল। গতিকে এই সম্পর্কত সকলো কথা মুখ্যমন্ত্রীয়ে স্পষ্ট কৰিব লাগে।' 

সাংসদ ভূঞাই স্পষ্ট ভাবে কয়- 'আমি উত্থাপন কৰা এই প্রশ্নসমূহ অসমৰ ৰাইজৰো প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ ৰাজহুৱা নোহোৱাকৈ জুবিন গার্গে ন্যায় পাব বুলি আমি বিশ্বাস নকৰোঁ।' ইফালে বাৰে বাৰে সামঞ্জস্যহীন কিছুমান কথাৰে মূল বিষয়ৰ পৰা মূখ্যমন্ত্রীয়ে পলাই থকা কথাটো যথেষ্ট দৃষ্টিকটু হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় 'জুবিনৰ মৃত্যুৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। মুখ্যমন্ত্ৰীয়ে নিজৰ স্বভাৱজাত ৰাজনীতিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ বিষয়টো লঘু কৰি মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দিব বিচৰা চিন্তাটো অসমৰ ৰাইজে কোনেপধ্যেই মানি নলয়।'

Share This