পহিলা অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনৱাড়ী কর্মী-সহায়িকাৰ দৰমহা

Rashmi April 18, 2025

ডিজিটেল ডেস্ক : অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ বাবে ভাল খবৰ। দৰমহা বৃদ্ধি হ'ব অসমৰ অংগনৱাড়ী কৰ্মী-সহায়িকাৰ। এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। লগতে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক এককালীন আৰ্থিক সাহায্য  প্ৰদান কৰা হ'ব। কিন্তু কেতিয়াৰ পৰা হ'ব অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ দৰমহা বৃদ্ধি।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে কাৰ্বি আংলঙত জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় অহা ১ অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ। 

,মুখ্যমন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক আন্দোলন নকৰিবলৈ কোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ মনৰ দুখ কমিব বুলি কয়। কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ অংগনৱাড়ী কৰ্মী-সহায়িকাই যোৱা কেইবাবছৰ ধৰি দৰমহা বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনাই আহিছে। যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।

Share This