শ্যামকানুক আইনী সাহায্য নিদিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, উকীল সন্থাক অনিতা ডেকা মহন্তৰ আহ্বান

dainik janambhumi December 13, 2025

ডিজিটেল ডেস্ক : জুবিনৰ হত্যাৰ লগত প্রত্যক্ষভাৱে জড়িত হত্যাকাৰীকেইটাই অধিবক্তা পোৱা নাই বুলি বিচাৰ প্ৰক্ৰিয়াত কিছু সুবিধা লাভ কৰিব পাৰে, সেই কথা কালি সৰ্বত্ৰ আলোচনাৰ প্ৰধান বিষয় হৈ পৰিছে। কাৰণ জুবিন হত্যাৰ লগত জড়িত কোনো অপৰাধীকে আইনী সাহায্য প্রদান নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্যৰ অধিবক্তাসকলে। সেয়েহে বহুতৰ মনত এই শংকা হৈছে যে এই অপৰাধীকেইটাই অধিবক্তা নাই বুলি আদালতত আৱেদন কৰিব পাৰে। 

এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি জ্যেষ্ঠ অধিবক্তা ৰিন্টু গোস্বামীয়ে কয় যে কোনো কাৰণতে শ্যামকানু এণ্ড হত্যাকাৰী কোম্পানীয়ে অধিবক্তা পোৱা নাই বুলি আদালতত আৱেদন কৰিব নোৱাৰে। কাৰণ যি অপৰাধী বা আচামীৰ কোনো ব্যক্তিগত অধিবক্তা নাথাকে তেনে অপৰাধীক আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগেই আইনী সেৱা প্ৰাধিকাৰীয়ে অধিবক্তা দিয়ে। 

এই প্রসংগতে উল্লেখযোগ্য যে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই জুবিনৰ হত্যাকাৰীক আইনী সাহায্য প্ৰদান নকৰাৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ গুৱাহাটী উকীল সন্থাক এক লিখিত আৱেদন দাখিল কৰিছে। হত্যাকাৰী শ্যামকানুৰ পত্নীয়ে দাখিল কৰা এই আৱেদনৰ পাছতে শ্যামকানুৱে অধিবক্তা নোপোৱাৰ অজুহাতত ৰেহাই পোৱাৰ শংকা হৈছে সাধাৰণ মানুহৰ মনত।

Share This