শ্ৰেষ্ঠ পৰিচালক ৰাজকুমাৰ পেৰিয়াস্বামী, 'আর্টিকল-৩৭০ 'লৈ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ সন্মান

dainik janambhumi July 19, 2026

ডিজিটেল ডেস্ক : ২০২৪ চনৰ ভাৰতীয় চলচ্চিত্ৰসমূহৰ ভিতৰৰ শ্ৰেষ্ঠসমূহৰ তালিকাৰে শনিবাৰে ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। এই তালিকাত বলিউডৰ পৰা আঞ্চলিক প্রতিভালৈকে বিভিন্ন ভাষা আৰু বিভিন্ন ধাৰা-ধৰণৰ চলচ্চিত্ৰৰ দক্ষসকলৰ নাম আছে। 

অভিনেত্রী য়ামী গৌতমে 'আর্টিকল ৩৭০'ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। ইফালে শ্রেষ্ঠ অভিনেতাৰ বঁটা যুটীয়াভাৱে লাভ কৰিছে কার্তিক আৰিয়ান (আৰ্যন) (চন্দু চেম্পিয়ন) আৰু মামুটিয়ে (ব্রহ্মযুগম)। 'আর্টিকল ৩৭০'-এ শ্রেষ্ঠ কাহিনী চলচ্চিত্ৰৰ (ফিচাৰ ফিল্ম) বঁটাও লাভ কৰিছে। 'আমৰণ' নামৰ তামিল চলচ্চিত্ৰৰ বাবে ৰাজকুমাৰ পেৰিয়াস্বামীয়ে লাভ কৰিছে শ্রেষ্ঠ পৰিচালকৰ বঁটা। ইফালে 'শ্রীকান্ত' নামৰ চলচ্চিত্ৰখনে লাভ কৰিছে শ্রেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা। 

ৰাষ্ট্ৰীয়, সামাজিক মূল্যবোধৰ প্ৰচাৰ শাখাত শ্রেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে 'কেপ্টেইন মিলাৰ'-এ। শাশ্বত সচদেৱাই সংগীতৰ (গীত) শ্রেষ্ঠত্বৰ বঁটা লাভ কৰাকে ধৰি 'আর্টিকল ৩৭০'-এ তিনিটা বঁটা লাভ কৰে। 'পুষ্পা: দ্য কল-২'-এ লাভ কৰে দুটা বঁটা-শ্রেষ্ঠ সাজসজ্জা (দীপালী নূৰ আৰু শীতল শৰ্মা) আৰু শ্রেষ্ঠ চিত্ৰনাট্যৰ (যোগেশ দেশপাণ্ডে (মাৰাঠী), বান্দ্ৰেদী সুকুমাৰ (তেলুগু))। 'কল্কি ২৮৯৮ এ ডি'-এও দুটা বঁটা লাভ কৰে- শ্রেষ্ঠ প্রডাকশ্যন ডিজাইন (তেলুগু) আৰু শ্রেষ্ঠ জনপ্রিয় চলচ্চিত্র। তেনেদৰে শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰে ৰূপশ্রী ৱাৰকডী (মিথ্যা) আৰু সচানা নমীদাসে (মহাৰাজা)। শ্রেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰে সঞ্জয় মিশ্ৰই (ভক্ষক)। শ্রেষ্ঠ শিশু অভিনেতাৰ বঁটা লাভ কৰাসকল হৈছে ঋদ্ধিমান বেনার্জী, তপোময় দেব, গীতাশ্রী চক্ৰৱৰ্তী, অৰুণাভ পোথুলা আৰু আতিশ এছ শেট্টীয়ে। শ্রেষ্ঠ চিনেমাটোগ্রাফীৰ বঁটা লাভ কৰে শ্বেহনাদ জালালে (ব্রহ্মযুগম)। 

নেপথ্য সংগীতত শ্রেষ্ঠত্বৰ বঁটা লাভ কৰে জি ভি প্রকাশে (আমৰণ)। শ্রেষ্ঠ নেপথ্য গায়কৰ বঁটাৰ বাবে বাছনি কৰা হয় 'নৱসাচি গৌৰী মাজী' চলচ্চিত্ৰৰৰ 'ঘৰাত গণপতি' গীতৰ বাবে অভয় জোধপুৰকাৰ আৰু শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটাৰ বাবে বাছনি কৰা হয় 'এ আৰ এম' চলচ্চিত্ৰৰ 'অংগু ৱানা কোনিলু' গীতৰ বাবে ভৈকোম বিজয়ললক্ষ্মী। শ্রেষ্ঠ গীতিকাৰ হৈছে মনোজ মুন্তাশিৰ (ময়দান)। শ্রেষ্ঠসংলাপৰ বঁটাৰ বাবে বাছনি কৰা হৈছে ভেংকি আটলুৰী (লাকী ভাস্কৰ)। শ্রেষ্ঠ কৰিঅ'গ্ৰাফিৰ বঁটা লাভ কৰিছে বিজয় গাংগুলীয়ে আৰু শ্রেষ্ঠ ছাউণ্ড ডিজাইনৰ বঁটা লাভ কৰিছে মানস চৌধুৰীয়ে (ভুল ভুলায়া-৩)। সম্পাদনৰ শ্ৰেষ্ঠত্বৰ বঁটাৰ বাবে বাছনি কৰা হৈছে 'আমৰণ'ৰ আৰ কালাইৱান্নানক।

Share This