ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাস্থিত সত্যম ইস্পাট নামৰ লোহা উৎপাদনকাৰী প্ৰতিষ্ঠানটোৰ পৰা নির্গত হোৱা ক'লা ধোঁৱাই অঞ্চলটোৰ গছ-গছনি, হাবি-জংঘল, ঘৰ-দুৱাৰৰ লগতে জনজীৱনলৈ ভাবুকি অনাই নহয়, ক'লা ধোঁৱাৰ চামনিয়ে অচিন ৰোগ সংক্রমণে জন-জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। প্ৰদূষিত বান্দৰদেৱাৰ সাধাৰণ জনতাই বছৰ পাছত বছৰৰ বিভিন্ন দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱাটোৱে কিহৰ ইংগিত বহন কৰিছে।
আনহাতে, এই লোহা উদ্যোগৰ কাৰ্বন নিৰ্গত হোৱা চিন্নিৰ উচ্চতাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানতকৈ বহুলাংশে কম হোৱাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ সকলো মাপকাঠী উলংঘা কৰাত সকলোতে চৰ্চিত বিষয় হৈ পৰিছে যদিও অৰুণাচল প্রদেশৰ চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। এই লোহা উদ্যোগৰ প্ৰদূষণৰ প্ৰভাৱ এই অঞ্চলত থকা গছ-গছনিসমূহত ঋতুকালীন ফল-মূল লগাতো প্রভাৱ পৰা দেখা গৈছে।
প্রতিষ্ঠানটো মূলতঃ অৰুণাচল প্ৰদেশৰ ফালে হ'লেও ইয়াৰ কু-প্ৰভাৱ বিশেষকৈ অসমৰ ৰাইজে ভোগ কৰিব লগা হৈছে। কিয়নো অৰুণাচল প্ৰদেশৰ ফালে থকা ওখ ওখ পাহাৰৰ গছ-বনৰ পৰা স্থানীয় ৰাইজ কম-বেছি পৰিমাণে প্রভাৱান্বিত হৈছে বুলি ক'ব পাৰি যদিও এই অঞ্চলৰ প্ৰায় সকলো লোক ৰোগাক্রান্ত হৈ পৰা দেখা গৈছে। যোৱা কেইবা বছৰ ধৰি হৈ থকা ভয়াৱহ প্ৰদূষণৰ ফলত এই সীমান্ত অঞ্চলৰ বনজ সম্পদৰ লগতে জৈৱ-বৈচিত্র্যৰ প্রতি ভাবুকি আহি পৰিছে।
মন কৰিব লগীয়া যে বিভিন্ন সময়ত অসম তথা অৰুণাচল প্ৰদেশৰ কেইবাটাও জাতীয় সংগঠন আৰু বেচৰকাৰী সংস্থাই এই অঞ্চলত হোৱা প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন সময়ত দাবী জনায় আহিছে যদিও উদ্যোগ কর্তৃপক্ষই ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰি আহিছে। বান্দৰদেৱাৰ পৰিৱেশ অধিক অৱনতি নহওঁতেই অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রীদ্বয়ক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।