অৰুণাচলী সুৰা সৰবৰাহকাৰীক আটক কৰিবলৈ গৈ আহত গৃহৰক্ষী জোৱান

Jyoti Borah August 07, 2023

ডিজিটেল ডেস্ক :  গহপুৰ মহকুমাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় আৰক্ষী চকীৰ এজন জোৱানৰ সাহসিকতাৰ পৰিচয় চৰ্চালৈ আহিছে৷ উল্লেখ্যযোগ্য যে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজগড় আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানজনে অবৈধ অৰুণাচলী সুৰা সৰবৰাহকাৰীক খেদি খেদি বহু পৰিমাণৰ সুৰাৰ লগতে এখন মটৰচাইকেল জব্দ কৰে৷ এই ঘটনাটোত জোৱানগৰাকী ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত লগে লগে  তেওঁক শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি অসম-অৰুণাচল সীমান্তত থকা ৰাজগড় আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত অৰুণাচলৰ দিশৰ পৰা অৰুণাচলৰ পঞ্জীয়নভুক্ত এ আৰ অ’ কে ৮৪৩৮ নম্বৰৰ হিৰ’ বাইকত অৰুণাচলী সুৰা কঢ়িয়াই অনাৰ সম্ভেদ লাভ কৰে ৰাজগড় আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী জোৱান মানসজ্যোতি মহন্তই৷ সন্মুখত ৰাজগড় আৰক্ষীৰ দলটোক দেখা পাই সুৰা সৰবৰাহকাৰীটোৱে ঘূৰি যোৱাৰ চেষ্টা কৰে৷

                              তেনে সময়তে সুৰা সৰবৰাহকাৰীটোক আটক কৰাৰ উদ্দেশ্যে গৃহৰক্ষী জোৱান মানসজ্যোতি মহন্তই অকলশৰে নিজা বাইকেৰে খেদি যায়৷ বহুদূৰ খেদি নিয়াৰ অন্তত জোৱানগৰাকীয়ে নিজা বাইকখনেৰে আগভেটা দি অবৈধ অৰুণাচলী সুৰাখিনিৰ লগতে সুৰা কঢ়িয়াই অনা বাইকখন জব্দ কৰে৷ জোৱানগৰাকীয়ে বাইকখন আগভেটা দিয়াৰ সময়ত সুৰা সৰবৰাহকাৰীটোৰ বাইকৰ খুন্দাত জোৱানগৰাকীৰ বাইকখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তেওঁৰ এখন ভৰি আঘাতপ্ৰাপ্ত হয়৷ তেনে সময়তে সুৰা সৰবৰাহকাৰীটো পলাই যাবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে এইগৰাকী জোৱানে এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক পানীত সাঁতুৰি বিপদসংকুল অৱস্থাত আটক কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ উপৰি ৰাজগড় আৰক্ষীৰ বহুকেইটা অনুসন্ধানমূলক গোচৰত নিজৰ সাহসিকতাৰ পৰিচয় দি তেওঁ কৰ্তব্যনিষ্ঠাক দাঙি ধৰিবলৈ সক্ষম হৈছে৷

 

Share This