মধুপুৰত পথৰ মাজত অসমীয়াৰ স্কুটী জ্বলালে অৰুণাচলী দুর্বৃত্তই, অসম-অৰুণাচল সীমান্তত পুনৰ উত্তেজনা

dainik janambhumi July 20, 2026

ডিজিটেল ডেস্ক : অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ নলবাৰী-মধুপুৰৰ সীমাত ভূমিকেন্দ্রিক সংঘাতক লৈ সৃষ্টি হৈছে তীব্র উত্তেজনাৰ। পথৰ লগতে কৃষিপথাৰকেন্দ্রিক সংঘাত সৃষ্টি হয় সম-অৰুণাচলীৰ মাজত। ইয়াৰ মাজতে অৰুণাচলীয়ে নিশা অসমৰ সীমাত থকা ঘৰৰ ভিতৰৰ পৰা স্কুটি উলিয়াই লৈ জ্বলাই দিয়ে অৰুণাচলৰ পথৰ মাজত। 

সীমান্তৱর্তী অঞ্চলত উত্তেজনা দূৰ কৰিবলৈ অৰুণাচল আৰু মিচিং জাতীয় সংগঠন উপস্থিত হয়। উপস্থিত থাকে টি এম পি কেৰ সম্পাদক হৰিচন্দ্ৰ কামান, সদস্য ৰিদিপ জেক দলে, জিলা সভাপতি সনাতন দলে, এম এম কেৰ সভাপতি তিলেন্দ্র দলে, এম এ চিৰ সদস্য বংকিকান্ত দলে। আনহাতে, গা'ল যুৱ সংগঠনৰ সভাপতি বমকাৰ গৰা, লয়াৰ ছিয়াং জিলা ছাত্ৰ সন্থাৰ সভাপতি টম টাজু, কাংকু চাৰ্কলৰ জেড পি এম জুমকেন বলে। 

উল্লেখযোগ্য যে বাতৰি লিখা পৰলৈকে ঘণ্টাজোৰা এই আলোচনা সিদ্ধান্ত নোহোৱা বুলি জানিবলৈ দিয়ে। স্থানীয় ৰাইজৰ অভিযোগ- অসমৰ মাটি কিনা-বেচা কৰে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ স্থানীয় কংকো বস্তিৰ একাংশ লোকে। বছৰ বছৰ ধৰি মিলাপ্ৰীতিৰে চলি আহিছিল দুয়োখন ৰাজ্যৰ স্থানীয় লোকে। দুদিন ধৰি নলবাৰী-মধুপুৰ সংযোগী পথৰ সমীপত অমীমাংসিত ভূমি কিনা-বেচা আৰু সংযোগী পথটোৰ মাজেৰে এটা পথ নির্মাণক লৈ চলিছিল সংঘাতৰ। অৰুণাচলীয়ে বলপূর্বক অসমৰ মাটিত ট্রেক্টৰেৰে হাল বোৱাত ট্ৰেক্টৰ আবদ্ধ কৰি স্থানীয় গেৰুকামুখ থানাত চমজাই দিয়ে অসমৰ স্থানীয় লোকে। ইয়াৰ পাছতে শনিবাৰে নিশা সীমান্তৰ কাষত থকা মিগম দলেৰ গৃহৰ পৰা অৰুণাচলী দুর্বৃত্তই ডকাইতিৰ কায়দাৰে এখন স্কুটী নি অৰুণাচলীৰ পথৰ মাজতে জ্বলাই দিয়ে। 

কালি পুৱা স্কুটীখনৰ অৱশিষ্ট অংশ প্রত্যক্ষ কৰাৰ পাছতে উত্তেজিত হৈ পৰে স্থানীয় লোক। সমান্তৰালভাৱে পথ বন্ধ ৰাখিবলৈ অৰুণাচলী লোকে মধুপুৰত জেউৰা ব্যৱহাৰ কৰে। শেষত স্থানীয় ৰাইজ, দল-সংগঠনৰ নেতৃত্বত এই জেউৰা উভালি পেলায়। পৰিস্থিতি বেয়ালৈ ঢাল খায় যদিও স্থানীয় মিচিং জাতীয় সংগঠনৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণ হয়।

Share This