ডিজিটেল ডেস্ক: জনাদেশ নতশিৰে মানি লৈছে কংগ্রেছে। শোচনীয় পৰাজয়ৰ পাছতেই এতিয়া অসম প্রদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে জিতেন্দ্ৰ সিঙে।
জানিব পৰা মতে, এ আই চি চিৰ সাধাৰণ সম্পাদকৰ পদত থকা সিঙে নৈতিক দায়িত্ব স্বীকাৰ কৰি ইতিমধ্যে অসমৰ দায়িত্ব ত্যাগ কৰি দলৰ শীর্ষ নেতৃত্বলৈ পদত্যাগ-পত্র প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে দীর্ঘসময় অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল জিতেন্দ্র সিং। কিন্তু তেওঁ এই সময়ছোৱাত এটাও নির্বাচনত দলক জয়ী কৰিব পৰা নাছিল। আনকি তেওঁৰ বাবেই বহুতো কংগ্ৰেছ নেতাই দল ত্যাগ কৰাৰো অভিযোগ উত্থাপন হৈছিল।