ডিজিটেল ডেস্কঃ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানীয়ে আগজাননী সদৰী কৰা অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞানীয়ে দিয়া সতৰ্কতা অনুসৰি আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
ঠিক তেনেদৰে আগন্তুক ৪ জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু কিছু স্থানত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
উৎস প্ৰাগ নিউজ ডিজিটেল