মেৰাপানী সীমান্তৰ জয়পুৰত তীব্র উত্তেজনা, ১১জনীয়া দলৰ দুজন যুৱকক আটক, অসমীয়া লোকক অস্ত্রধাৰী নগাৰ আক্ৰমণ

Kakali Deka December 16, 2025

ডিজিটেল ডেস্ক: অসম-নগালেণ্ড সীমাৰ মেৰাপানীৰ জয়পুৰ গাঁৱত কালি বিয়লি তীব্র উত্তেজনাৰ সৃষ্টি হয়। আবেলি ৪ মান বজাত চুবুৰীয়া নগালেণ্ডৰ পৰা অহা ১১জনীয়া অস্ত্ৰধাৰী চিকাৰীৰ দলে জয়পুৰ গাঁৱত চৰাই মাৰিবলৈ আহি অসমীয়াক ভাবুকি দি মাৰপিট কৰে। 

ভেলৌগুৰি জয়পুৰ গাঁৱৰ স্থানীয় লোকে চৰাই মৰা কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই গাঁওখনৰ কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ, ৰুমী গুৱালা নামৰ চাৰিগৰাকীকৈ লোকক নগা দুর্বৃত্তৰ দলটোৱে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। নগা যুৱকৰ দলটোৱে ব্যক্তিকেইজনক মাৰপিট কৰা দেখি গাঁওখনৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো ওলাই আহি নগা অস্ত্ৰধাৰী দলটোক প্রতিহত কৰিবলৈ চেষ্টা কৰে। ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে খেদি খেদি দুজন নগা লোকক আটক কৰিবলৈ সক্ষম হয়। 

আনহাতে, ৯জন নগা যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আটকাধীন নগা যুৱক দুজনৰ নাম বাংগা লুথা, চুচুম' অডিঅ' বুলি জানিব পৰা গৈছে। পাছত ঘটনাস্থলীত মেৰাপানী 'ডি' ছেক্টৰৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষীৰ জোৱান (চি আৰ পি এফ) উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও স্থানীয় গাঁওবাসীয়ে পলায়ন কৰা ৯জন নগা যুৱকক আটক নকৰা পৰ্যন্ত কৰায়ত্ত কৰা দুই নগা যুৱকক আৰক্ষীৰ জিম্মাত দিবলৈ অমান্তি হয়। ইফালে, গাঁওখনৰ ৰাইজে ঘটনাৰ সন্দৰ্ভত মেৰাপানীৰ আৰক্ষীক খবৰ দিয়ে যদিও মেৰাপানীৰ আৰক্ষী থানাৰ নিতুল দাস নামৰ সহকাৰী উপ-পৰিদৰ্শকজনে উক্ত এলেকা নগালেণ্ডৰ ভাণ্ডাৰী থানাৰ বুলি মত প্রকাশ কৰি বিষয়টোত গুৰুত্ব নিদি প্রথমে গা এৰা দিয়ে। পাছত স্থানীয় ৰাইজে অসমৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰৰ এলেকা কেনেকৈ ভাণ্ডাৰী আৰক্ষী থানাৰ অন্তৰ্গত বুলি দাবী উত্থাপন কৰাত বহু পলমকৈ ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হয়।

 উল্লেখযোগ্য যে মেৰাপানী সীমাৰ ৮৩টা অসমীয়া কৃষিজীৱী পৰিয়ালে বসবাস কৰা ভেলৌগুৰি জয়পুৰৰ নিজৰ গাঁৱতেই গাঁওবাসী নিৰাপদ নহয় বুলি আক্ষেপ কৰে। বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত মেৰাপানীৰ আৰক্ষী আৰু চি আৰ পি এফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও নগাৰ অতপালিত স্থানীয় লোক কোনো কাৰণতে ক্ষান্ত হোৱা নাই। ইফালে আটক কৰি ৰখা দুই নগা যুৱকক মুকলি কৰি নিয়াৰ বাবে ঘটনাস্থলীত নগালেণ্ডৰ ভাণ্ডাৰীৰ পৰা নগা আৰক্ষী উপস্থিত হোৱাত গাঁওবাসীয়ে নগা পুলিচ গ' বেক ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে। সম্প্রতি গাঁওবাসীয়ে ঘটনাস্থলীতে অৱস্থান কৰি নগাৰ এই বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

Share This