ডিজিটেল ডেস্কঃ চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত লংপতীয়া বচোৱাখোৱা চুবুৰিত এজন বিবাহিত লোকে পত্নীক চোকা দাৰে উপর্যুপৰি ঘপিয়াই আহত কৰাৰ পাছত নিজে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা অনুসৰি, গাঁওখনৰ নিৱাসী বকুল গগৈ নামৰ বিবাহিত লোকজনে কালি সন্ধিয়া ঘৰুৱা কোনো বিষয়ক লৈ পত্নী অনিমা গগৈৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত খঙত অগ্নিশর্মা হৈ পত্নীক চোকা দাৰে উপর্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।
ঘটনা সংঘটিত কৰি বকুল গগৈয়ে নিশায়েই পলায়ন কৰে। ইফালে নিশা বহু সময়লৈকে লোকজনৰ ঘৰৰ লাইট বন্ধ ৰখা আৰু ঘৰৰ দুৱাৰ-খিৰিকী খোলা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে লোকজনৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত আহত মহিলাগৰাকীক তেজেৰে তুমৰলি হৈ সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰে। ততালিকে গুৰুতৰভাৱে আহত অনিমা গগৈক সংকটজনক অৱস্থাত ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত ভর্তি কৰে। আনহাতে, মহিলাগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাত নিশাই চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰায়। সম্প্ৰতি মহিলাগৰাকী জীৱন-মৃত্যুৰ সৈতে উক্ত চিকিৎসালয়ত যুঁজি আছে। আনহাতে, পত্নীক হত্যাৰ প্ৰচেষ্টা চলোৱা বকুল গগৈয়ে কালি নিশাই আত্মহত্যা কৰে। লোকজনৰ বাৰীৰ পিছফালে এক আওহতীয়া ঠাইত থকা এজোপা গছত চিপ লৈ আত্মহত্যা কৰাৰ খবৰ আজি পুৱা সমগ্র অঞ্চলটোত বিয়পি পৰাত অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়।
পৰৱৰ্তী সময়ত আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এটা সন্তানৰ পিতৃ-মাতৃৰ এনে অবাঞ্ছিত ঘটনাই অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে। উল্লেখযোগ্য যে উক্ত অঞ্চলটোত অবৈধ চুলাইৰ প্ৰচলনৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱা বুলি অঞ্চলটোৰ সচেতন ৰাইজে মন্তব্য কৰিছে। উল্লেখযোগ্য যে ঘটনাৰ সময়ত তেওঁলোকৰ কণমানি পুত্ৰ সাপেখাতীৰ মোমায়েকৰ ঘৰত আছিল।