ডিজিটেল ডেস্ক: দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মঞ্চত প্ৰতিবছৰে প্ৰদান কৰি অহা সাংস্কৃতিক দিশৰ দুটি উল্লেখযোগ্য বঁটা এইবাৰ অসমীয়াৰ হিয়াৰ স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু গণশিল্পী ৰাজীৱ শদিয়ালৈ মৰণোত্তৰভাৱে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ (২০২৬) উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ খাউণ্ডৰ সভাপতিত্বত ১০ মাৰ্চৰ নিশা অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে উদযাপন সমিতিৰ সাধাৰণ সম্পাদকদ্বয় পলাশ বৰা আৰু জ্যোতিষ্মান বৰাই।
উল্লেখযোগ্য যে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ মঞ্চত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রতিবছৰে অসমৰ দুগৰাকী যশস্বী শিল্পীক দেৰগাঁৱৰ দুগৰাকী সুসন্তান ক্রমে চলচ্চিত্র, সংগীত পৰিচালক, নাট্যকাৰ ডাঃ উপেন কাকতি আৰু জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত এই দুটা বঁটা প্ৰদান কৰি আহিছে। গামোচা, চেলেং, জাপি, সঁফুৰা, সম্বর্ধনা-পত্ৰ, স্মাৰক, নগদধন আদিৰে প্ৰদান কৰি অহা এই বঁটা এইবাৰ অকালতে হেৰাই যোৱা অসমৰ সাংস্কৃতিক আকাশৰ দুটি উজ্জ্বল নক্ষত্ৰস্বৰূপ হিয়াৰ স্পন্দন জুবিন গাৰ্গ আৰু ৰাজীৱ শদিয়াৰ নামত আগবঢ়াই বঁটা গ্ৰহণৰ বাবে শিল্পী দুগৰাকীৰ সহধর্মিণী গৰিমা গাৰ্গ আৰু উপাসনা বকলিয়াল গগৈক আমন্ত্রণ জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে।
দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ স্থায়ী সমিতিৰ সভাপতি গোপাল কৃষ্ণ খাউণ্ড আৰু সম্পাদক মিলন জ্যোতি খাটনিয়াৰ প্ৰমুখ্যে বিহুৰ কৰ্মকৰ্তাসকলে ৰঙালী বিহু উৎসৱৰ সফলতাত ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।