বজালীত শিশুক অপহৰণ কৰাৰ চেষ্টা ৪ দুৰ্বৃত্তৰ

Kakali Deka April 22, 2025

ডিজিটেল ডেস্কঃ বজালীত শিশুক অপহৰণ কৰাৰ চেষ্টা ৪ দুৰ্বৃত্তৰ। ভৱানীপুৰ পূব লোৱাশুৰত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

এগৰাকী শিশুক অপহৰণ কৰাৰ চেষ্টা চলায় দুৰ্বৃত্তকেইটাই। সমগ্ৰ ঘটনা বন্দী চি চি টিভি কেমেৰাত। 

দুখন মটৰচাইকেলত আহিছিল চাৰিজন দুৰ্বৃত্ত। যোৱা ১৮ এপ্ৰিলত সংঘটিত হৈছিল এই ঘটনা। 

পূব লোৱাশুৰৰ মকিবুল আলীৰ সাত বছৰীয়া সন্তানটিক অপহৰণ কৰাৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই। 

ঘটনা সংঘটিত হোৱাৰ দিনাই ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পিতৃ মকিবুলে। 

দুৰ্বৃত্ত চিনাক্ত হোৱাৰ পিছতো ভৱানীপুৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। 

আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিবৰ্তে আৰক্ষীয়ে ওলোটাই মকিবুলকহে বাৰম্বাৰ আৰক্ষী চকীলৈ মাতি আনি হাৰাশাস্তি কৰা অভিযোগ মকিবুল আলীৰ।

ঘটনা সন্দৰ্ভত বজালী আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছে পিতৃ মকিবুল আলীয়ে।

এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য হয়

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This