হৰিনাম কীর্তনেৰে মুখৰ বৰপেটা সত্ৰ, সত্ৰীয়া ৰীতি-নীতিৰে মাঘৰ দোমাহী পালন

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : তিনিও ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰত আজি সত্রীয়া ৰীতি-নীতিৰে পালন কৰা হয় মাঘৰ দোমাহী। মাঘৰ দোমাহী উপলক্ষে হৰি নাম- কীর্তনেৰে মুখৰিত হৈ উঠে বৰপেটা সত্ৰৰ চৌহদ। পুৱাৰ স্নানাদি কামৰ সমাপনৰ পাছতে মাঘৰ আজি পহিলা দিনটোত সেৱা জনাই আশীর্বাদ গ্রহণ কৰাৰ উদ্দেশ্যে সত্ৰ নগৰীৰ পুৰুষ-মহিলাসকল সমন্বিতে বৰপেটা সত্রত বহুসংখ্যক লোকৰ সমাৱেশ হয়। বৰপেটাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক লোক উপস্থিত হয় বৰপেটা সত্ৰত। বৰপেটা সত্ৰত পাঁচ দিনীয়াকৈ পালন কৰা হয় মাঘৰ দোমাহী।

এই অনুসৰি কালি উৰুকা অর্থাৎ প্রথম দোমাহী পালন কৰা হয়। আজি পুৱাৰ প্ৰসংগৰ শেষত নৈমিত্তিক সেৱাত দক্ষিণহাটী আৰু সূত্ৰধাৰ বংশৰ গায়ন- বায়নে গুৰুঘাটা বজাই দুটা বৰগীত আৰু এটা ঘোষা পৰিৱেশন কৰে। সত্ৰৰ টুপৰ চোতালত সাজি উলিওৱা মেজিত সত্ৰীয়া ৰীতি-নীতি অনুসৰি অগ্নি সংযোগ কৰা হয়। উপস্থিত পুৰুষ-মহিলা তথা ভকতসকলে সমৱেত হৈ মেজিৰ উত্তাপত 'মাঘ' পুৱায়। বিয়লি মঠৰ চোতালত দক্ষিণহাটীৰ গায়ন-বায়নে সৰুধেমালি বজায়। আনহাতে ঘোষা-কীর্তনীয়াই ঘোষা-কীৰ্তন আৰু ব্যাহ কীর্তনীয়াই ব্যাহ কীৰ্তন কৰে। ৰাতি গুৰু আসনৰ সন্মুখত ভীমা বায়ন বংশ, গন্ধিয়া বংশ আৰু গলিয়াহাটীৰ গায়ন-বায়নে সেৱাৰ কীৰ্তন কৰে। ৪ মাঘ অৰ্থাৎ ১৯ জানুৱাৰীৰ দিনা সামৰণি পৰিব এই মাঘৰ দোমাহী। ইপিনে, মাঘ মাহৰ পহিলা দিনটোতে অগণন ভক্তৰ সমাৱেশেৰে লোকে লোকাৰণ্য হৈ পৰিল ছুটীয়াপাৰাৰ ঐতিহ্যমণ্ডিত সদাশিৱ বুঢ়াগোসাঁই থান। বৰপেটা জিলাৰ ইতিহাস প্রসিদ্ধ বাউসী অঞ্চলৰ ছুটীয়াপাৰাত কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ভোগালী বিহু উপলক্ষে আজি দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে পুৱাৰ পৰাই ঐতিহ্যমণ্ডিত থানখনত উপস্থিত হৈ নিজৰ মনোকামনা সিদ্ধিৰ বাবে ধূপ, চাকি, নৈবেদ্যৰে গোসাঁইৰ চৰণত থাপনা আগবঢ়ায়। প্রবাদ অনুসৰি, 'মানস কৰিলে সিদ্ধি হয়' বাবেই প্ৰতিবছৰে বহু ভক্তই নিজৰ মনোকামনা সিদ্ধিৰ বাবে সদাশিৱ বুঢ়াগোসাঁই থানত পাৰ চৰাই, সোণ- ৰূপৰ ফুল, গামোচা, চেনিকে ধৰি বিভিন্ন সামগ্রী গোসাঁই চৰণত আগবঢ়াই আহিছে।

এইবাৰো নিজৰ মনোকামনা সিদ্ধিৰ বাবে পুৱাৰ পৰাই বিভিন্ন প্ৰান্তৰ ভক্তসকলে প্ৰভুৰ চৰণত এই সামগ্ৰীসমূহ দান কৰা দেখা গৈছে। ইপিনে, পুৱা মেজিৰ জুইত সৰ্বজনৰ মংগল কুশল কামনা কৰি সেৱা জনাই উপবাসে থকা ছুটীয়াপাৰাৰ প্রতিটো পৰিয়ালে ঐতিহ্যমণ্ডিত সদাশিৱ বুঢ়াগোসাঁই থানত ধূপ, চাকি, নৈবেদ্যৰে শৰাই আগবঢ়ায়। দিনৰ দহ বজাৰ পৰা মন্দিৰ চৌহদত ৰাজহুৱা নাম-প্রসংগ অনুষ্ঠিত হয়। এই ৰাজহুৱা নাম-প্ৰসংগত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ ভকতসকলেও অংশগ্ৰহণ কৰে। দুপৰীয়া গোসাঁইক সেৱা জনাবলৈ মন্দিৰ চৌহদত অসংখ্য ভক্তৰ সমাগম হয়। দুপৰীয়া প্ৰসাদ বিতৰণৰ পাছত ৰাইজৰ বাবে সিদ্ধ ভোগৰ ব্যৱস্থাও কৰে উদ্যাপন সমিতিয়ে। বিয়লি ১ বজাৰ পৰা আমন্ত্ৰিত মহিলাৰ বীৰনাম পৰিৱেশন কৰে। এই বীৰনাম চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্রাণ লোকৰ সমাগম হয়। ইয়াৰ পূৰ্বে পুৱা মেজি প্ৰজ্বলনৰ পাছতে ৭ বজাত প্রভাত ফেৰী উলিওৱা হয়। ৮ বজাত ভাগৱত শোভাযাত্ৰাৰ পাছত কীৰ্তনঘৰত ৰাজহুৱা নাম-প্ৰসংগ অনুষ্ঠিত হয়।

Share This