মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা

Kakali Deka May 11, 2025

ডিজিটেল সংবাদ, গুৱাহাটীঃ  মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো । 
প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ কাঢ়িলে ১০ বছৰীয়া পুত্ৰৰ। 

জানিব পৰা মতে, আজি বশিষ্ঠত ট্ৰলী  বেগৰ ভিতৰত উদ্ধাৰ হয় এটি মৃতদেহ। মৃতদেহটো কোনো লোকে  হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।

স্থানীয় ৰাইজে আৰক্ষীক জনোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হʼল বশিষ্ঠ আৰক্ষীৰ লগতে দণ্ডাধীষ।  ঘটনাস্থলীত  আৰক্ষী উপস্থিত হৈয়ে তদন্ত আৰম্ভ কৰে। 

আৰক্ষীয়ে তদন্ত চলাই  মৃতদেহটো জয়ানগৰৰ পৰা নিৰুদ্দিষ্ট এটি শিশুৰ বুলি চিনাক্ত কৰে। মাতৃ আৰু প্রেমিকে মিলি শিশুটিক হত্যা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীৰ লোকে।

উল্লেখযোগ্য যে ইতিমধ্যে দুই অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। 

মৃত শিশুটিৰ নাম মৃণ্ময় বৰ্মন । মৃণ্ময় বৰ্মন নৱোদয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল।
শিশুটি বহু সময় সন্ধানহীন হৈ আছিল। 

মাতৃ দীপালীয়ে পূৰ্বে পুত্ৰ নিৰুদ্দেশ হোৱাৰ ভাও ধৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। অৱশ্যে জেৰাৰ অন্তত সকলো তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে শিশুটিৰ মাতৃ দীপালী ৰাজবংশী আৰু তেওঁৰ সংগী জ্যোতিৰ্ময় হালৈক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।

Share This