হিতাধিকাৰী বনাম ভোটাধিকাৰী
Dainik Janambhumi
October 05, 2024
ডিজিটেল ডেস্কঃ হিতাধিকাৰী শব্দৰ অৰ্থ যদিও চৰকাৰী উন্নয়ন আঁচনিৰ সুবিধা লাভ কৰা লোক কিন্তু পৰোক্ষভাৱে ই তেনে এক শ্ৰেণীৰ লোকক অন্তৰ্ভুক্ত কৰে যিসকল চৰকাৰী সাহায্য অবিহনে নিজৰ জীৱনৰ বুনিয়াদী প্ৰয়োজনসমূহ পূৰণ কৰিব নোৱাৰে৷ সেয়েহে হিতাধিকাৰীৰ ক্ৰমবৰ্ধমান সংখ্যাই কোনো এখন প্ৰদেশৰ আৰ্থিক সবলতা নহয় বৰং দুৰ্বলতাৰ পৰিচয়হে দাঙি ধৰে৷ হিতাধিকাৰীমূলক উন্নয়ন আঁচনিৰ সংখ্যা বৃদ্ধিয়ে দেশৰ জনতাৰ বুজন অংশৰ আৰ্থিক দুৰৱস্থাৰ কথাই দাঙি ধৰে৷ তেনে অৱস্থাত থকা অসমৰ দৰে ৰাজ্য এখনে ভাৰতৰ পাঁচখন সবাতোকৈ উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দাবীৰ বাস্তৱ ভিত্তি কি সেয়া সকলোৰে বাবে সাঁথৰ৷ উন্নয়ন আঁচনি, হিতাধিকাৰী ইয়াৰ আগৰ চৰকাৰবোৰৰ দিনতো আছিল৷ কিন্তু তাৰ এটা অনুপাত আছিল৷ কিন্তু এতিয়া অসমত আঁচনিৰ চমকৰ যুগ৷
এতিয়াৰ অসমত গাঁও-নগৰ উভয় অঞ্চলৰ অধিকাংশ লোকেই নিজৰ আন কাম এৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ’বৰ বাবে বিভিন্ন চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰিব লগা হৈছে৷ চৰকাৰীভাৱেই তেনে কৰিবলৈ প্ৰৰোচিত কৰা হৈছে৷ গাঁও-নগৰৰ নানা স্তৰৰ মানুহৰ পৰা কলেজৰ ছাত্ৰ-ছাত্ৰীলৈ, বিভিন্ন ধৰণৰ মনোলোভা আঁচনিৰ হিতাধিকাৰী হ’বলৈ সকলোকে প্ৰৰোচিত কৰা হৈছে৷ ইমানখিনি মানুহক হিতাধিকাৰী কৰি জনমুৰি বৃহৎ পৰিমাণে বছৰে বা মাহেকত খৰচ কৰিব পৰাকৈ কিন্তু চৰকাৰৰ ধন নাই৷ গতিকে প্ৰতি মাহেই বৃহৎ পৰিমাণৰ ঋণ চৰকাৰে গ্ৰহণ কৰি আছে৷ ঋণৰ বোজা ক্ৰমশঃ বৃদ্ধি হৈ গৈ আছে৷ স্বাধীনোত্তৰ কালৰ ইতিহাসত অসমৰ এনে ধৰণৰ পৰিৱেশ জনসাধাৰণে দেখা নাছিল৷ ঋণ লোৱাৰ সমৰ্থনত চৰকাৰে যিবোৰ ব্যাখ্যা দিছে সেইবোৰ বোধগম্য নহয়৷ দাম বৃদ্ধি কৰি গৈ আছে৷ কোনেও প্ৰশ্ন তোলা নাই৷ হিতাধিকাৰীৰ শিতানত ব্যয় বৃদ্ধিৰ বাবেই চৰকাৰে অত্যাৱশকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈ আছে৷ বজাৰত বস্তুৰ জুই-ছাই দাম৷ জাতীয়-জনগোষ্ঠীয় আখ্যা পোৱা সংগঠনসমূহ এই ক্ষেত্ৰত কিন্তু ৰহস্যজনকভাৱে নিমাত আৰু নিষ্ক্ৰিয়৷ এই সামগ্ৰীৰ দাম বৃদ্ধি কিন্তু সকলোৰে বাবে৷ খিলঞ্জীয়া বুলি কোনোবাই ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে৷
হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ অন্তৰালত জনসাধাৰণৰ কল্যাণ সাধনতকৈ যে শাসক দলৰ ভোট লাভৰ ৰাজনৈতিক অংকহে অধিক সক্ৰিয়– সেই কথা আনকি স্বয়ং হিতাধিকাৰীসকলেও বুজি পোৱা হৈছে৷ হিতাধিকাৰী হ’লেও তেওঁলোক তেজ-মঙহৰ মানুহ, বিচাৰ-বুদ্ধি সম্পন্ন মানুহ৷ কোনোবা দলৰ চৰকাৰে আঁচনিৰ সুবিধা দিলে বুলিয়েই একোজন নাগৰিক সেই দল বা চৰকাৰৰ অন্ধ ভক্ত বা দাস হৈ নাযায়৷ কাৰণ চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰাটো নাগৰিকৰ অধিকাৰৰ ভিতৰুৱা৷ ৰাজনৈতিক দলৰ নেতা, চৰকাৰৰ মন্ত্ৰী আদিয়ে ৰাইজক যিমান সা-সুবিধা দিয়ে তাৰ বিপৰীতে তাতোকৈ শতগুণ অধিক সম্পদ নানা উপায়েৰে নিজৰ বাব আহৰণ কৰে৷ সেই কথা আজিকালি সৰ্বত্ৰ আলোচনা হয়৷ এই আঁচনিবোৰৰ জৰিয়তে ক্ষমতাত থকা দলে আচলতে ৰাইজৰ দুৰ্বলতাৰ সুযোগ লৈ ভোট সংগ্ৰহ কৰিব খোজে৷ কাৰণ প্ৰতিগৰাকী হিতাধিকাৰী একে সময়তে একোটা ভোটৰো অধিকাৰী৷ সেই বাবেই, আশী লাখ, নব্বৈ লাখ হিতাধিকাৰী মানে চৰকাৰী নেতা-মন্ত্ৰীয়ে আচলতে সিমান পৰিমাণৰ ভোট লাভৰ অংকহে কৰে৷ বিজেপি দলৰ ঘোষিত ভাবাদৰ্শ হ’ল ‘হিন্দুত্ব’ বা ‘হিন্দু জাতীয়তাবাদ’৷ কিন্তু সেই ভাবাদৰ্শৰ আধাৰত আন ধৰ্মৰ কথা বাদেই হিন্দুসকলৰ গৰিষ্ঠ অংশৰ ভোট লাভ কৰাই টান৷ সেইবাবেই ভোট লাভৰ বাবে ধৰ্মীয় অংক এৰি অৰ্থনৈতিক অংক অৰ্থাৎ টকা-পইচা দিয়া, স্কুটী দিয়া, আন সা-সুবিধা আগবঢ়োৱাৰ নামত ৰাজনীতি কৰিব লগা হৈছে৷ এয়া উন্নয়নৰ ৰাজনীতি নহয়৷ মানুহক কৰ্মক্ষম আৰু উৎপাদনমুখী কৰি স্বাৱলম্বী কৰি অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ কোনো অভিপ্ৰায় চৰকাৰৰ নাই৷
বৰঞ্চ মানুহক চৰকাৰ নিৰ্ভৰ কৰি তুলি আঁচনিৰ চমক আৰু সন্মোহনেৰে প্ৰৰোচিত কৰি ভোট লাভেৰে ক্ষমতা দখল কৰাহে এই ধৰণৰ চৰকাৰী ব্যৱস্থাৰ গোপন অভিপ্ৰায়৷ ইয়াৰ ফলত চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি পাব৷ উন্নয়ন হ্ৰাস পাব৷ কৰ্ম সংস্থাপন কমিব৷ নিবনুৱা বাঢ়িব৷ চান্দা তোলা জাতীয় সংগঠনৰ উচ্ছৃংখলতা-বিশৃংখলতাও বাঢ়িব৷ সামাজিক-আৰ্থিক-শৈক্ষিক পৰিৱেশৰ অৱনতি ঘটিব৷ জাগীৰোডত নতুন ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন হ’ব৷ এনেকুৱা উদ্যোগ অহাটো গৌৰৱৰ কথা৷ কিন্তু সমান্তৰালকৈ বেচি ভাল হ’লহেঁতেন যদি জাগীৰোড আৰু কাছাৰৰ দুটাকৈ কাগজ উদ্যোগ বাচি থাকিলেহেঁতেন৷ তাৰ কেঁচামাল অসম-উত্তৰ-পূবত আছে৷ কাগজৰ বজাৰ সৰ্ব ভাৰততে আছে৷ স্থানীয় সম্পদৰ ভিত্তিত গঢ় লোৱা উদ্যোগক লাভদায়ক উদ্যোগৰূপে জীয়াই ৰক্ষাৰ কৃতিত্ব ল’ব পাৰিলে চৰকাৰক সকলোৱে বাঃ বাঃ দিলেহেঁতেন৷ ছেমি কণ্ডাক্টৰ উদ্যোগটোৱে অসমবাসীক নিযুক্তি বা অন্যান্য দিশত কেনেদৰে উপকৃত কৰিব সেই ছবিখনো এতিয়ালৈকে স্পষ্ট নহয়৷ কেনেকৈ হিতাধিকাৰীসৰ্বস্ব ধ্যান-ধাৰণাবিলাকেও ৰাজ্যখনৰ অৱস্থা কি কৰিব সেয়াও অনিশ্চয়তাৰ গৰ্ভত৷
Share This