ডিজিটেল ডেস্ক : নট এ হিৰ' ছবিখনত মিভানৰ চৰিত্ৰত অভিনয় কৰা ভুমান ভাগৱ দাসে মেলব'র্ন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত শ্রেষ্ঠ অভিনেতা (পুৰুষ)ৰ শাখাত মনোনয়ন লাভ কৰিছে। ৰীমা দাসৰ আগৰ ছবি তৰাজ হাজবেণ্ডত অভিনয়ৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা ভুমানে এই ছবিখনতো অনন্য অভিনয় কৰিছে।
নট এ হিৰ' ছবিখনে শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ ইণ্ডি চলচ্চিত্র শাখাতো মনোনয়ন লাভ কৰিছে। ২০২৬ চনৰ বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত বিশ্বপ্ৰদৰ্শনৰ সময়ত শিশু শাখাৰ জুৰিৰ বিশেষ মেনশ্যন লাভ কৰাৰ পাছত সমসাময়িক ভাৰতীয় শিশুৰ জীৱনক স্পৰ্শ কৰা ইয়াৰ হৃদয়স্পর্শী কাহিনীয়ে বিশ্বজুৰি স্বীকৃতি লাভ কৰে।