ডিজিটেল ডেস্ক : ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে। দলৰ মূল ভেটি থকা ১০৩টা সমষ্টিক অগ্রাধিকাৰ ভিত্তিত সামৰি লৈ উক্ত সমষ্টিকেইটাত নিশ্চিত জয়ৰ বাবে ৰণকৌশল প্রস্তুত কৰিছে গেৰুৱা দলটোৱে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত বৃহস্পতিবাৰৰ পৰা ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত আগন্তুক বিধানসভাৰ নিৰ্বাচনত দলৰ কাৰ্যপন্থা আৰু ৰণকৌশল প্রস্তুত কৰাৰ লগতে আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো বুথ বিজয়ৰ লক্ষ্য স্থিৰ কৰা হয়। কালি পুৱা সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত ৰাজ্যিক সাধাৰণ সম্পাদকসকলৰ লগত এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।
এই বৈঠকত অসমত দলৰ সাংগঠনিক স্থিতি বুথসমূহৰ শক্তিৰ সম্পৰ্কত লাভ কৰা প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰে আৰু দলৰ মূল ভেটি থকা ১০৩টা সমষ্টিক অগ্রাধিকাৰ ভিত্তিত সামৰি লৈ ১০০ শতাংশ জয়লাভনিশ্চিতকৰণৰ বাবে ৰণকৌশল প্রস্তুত কৰে। দিনৰ ১০-৩০ বজাৰ পৰা সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰতিটো বিধানসভাৰ বাবে নৱনিযুক্ত সংযোজক আৰু প্ৰভাৰীসকলৰ লগত বৈঠকত মিলিত হয়। উক্ত বৈঠকত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে দলৰ ৰাজ্যিক বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে আৰু প্ৰতিটো বিধানসভাৰ ভিত্তিত পৃথকে পৃথকে আগন্তুক নিৰ্বাচনৰ বাবে প্রস্তুতি তথা কৰ্মসূচীৰ সম্পৰ্কত আলোচনা কৰে। ১২৬টা বিধানসভা সমষ্টিৰ নৱনিযুক্ত সংযোজক আৰু প্ৰভাৰীসকলৰ সভাখনৰ সমাপন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চৰকাৰৰ কাম-কাজসমূহ দলীয় কার্যকর্তাসকলে জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে বিভিন্ন কৌশল সম্পর্কে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত চৰকাৰখনে বহু বিবাহ, লাভ জেহাদ আৰু লেণ্ড জেহাদ আদি সমস্যাসমূহ ৰোধ কৰিবৰ বাবে চৰকাৰখনে অধিক কঠোৰ হোৱাৰ লগতে অসমৰ চৰকাৰী ভূমি, বনাঞ্চল, পি জি আৰ, ভি জি আৰ, ট্রাইবেল বেল্ট, সত্ৰৰ ভূমি আদি অবৈধ দখলকাৰী বংগীয়মূলৰ মুছলমানৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ আগন্তুক বিধানসভাত ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দর্ভত সকলো পক্ষকে বিশ্বাসত লৈ এক সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব বুলি কাৰ্যকৰ্তাসকলক জানিবলৈ দিয়ে। সন্ধিয়া ৫ বজাৰ পৰা ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীৰ উপস্থিতিত দলৰ সৰ্বোচ্চ নীতি নির্ধাৰক ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা তাছা, ৰাজ্যিক প্ৰভাৰী হবিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু প্রমুখ্যে দলৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰা এই সভাত আগন্তুক নির্বাচনত মিত্ৰজোঁটৰ সৈতে কিদৰে অৱতীৰ্ণ হ'ব সেই সন্দর্ভত আলোচনা কৰা হয়।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যিক মুখপাত্র, সংবাদ বিভাগ আৰু সংবাদ সম্পর্ক বিভাগ তথা সকলো মৰ্চাৰ সংবাদ আহ্বায়কসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। এই বৈঠকত তেওঁ বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতি আৰু নিৰ্বাচনত দলৰ সপক্ষে বাকধাৰা সৃষ্টি কৰাত সংবাদ বিভাগৰ সৈতে জড়িত থকা কার্যকর্তাসকলক বিভিন্নধৰণৰ পৰামৰ্শ দিয়াৰ লগতে প্রতিজন কাৰ্যকৰ্তাৰ বাবে কৰণীয় কামৰ দায়িত্ব অপৰ্ণ কৰে। ইয়াৰ পাছত দলৰ সামাজিক মাধ্যম বিভাগ, তথ্য-প্রযুক্তি বিভাগৰ লগতে প্রতিটো মৰ্চাৰ সামাজিক মাধ্যম, তথ্য-প্রযুক্তি বিভাগৰ আহ্বায়কসকলৰ লগত এখন দীঘলীয়া বৈঠকত মিলিত হৈ নির্বাচনত সামাজিক মাধ্যমৰ জৰিয়তে দল আৰু চৰকাৰৰ কাম-কাজসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ সম্পৰ্কত বিস্তৃত আলোচনা কৰে। ইফালে দলে এইবাৰ নিৰ্বাচনত ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ লগতে দলৰ মূল আদৰ্শৰ ভেটিত প্রতিষ্ঠিত হোৱা মূল ইচ্ছ্যুসমূহক লৈ নির্বাচনত অৱতীৰ্ণ হ'ব বুলি দলটোৰ মুখপাত্র জয়ন্ত কুমাৰ গোস্বামীয়ে জানিবলৈ দিয়ে।