ন্যায়ালয়ৰ বাধা নেওচি আঁহতগুৰিত ম'হযুঁজ

dainik janambhumi January 16, 2026

ডিজিটেল ডেস্ক : এফালে ন্যায়ালয়ৰ বাধা, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ। ইয়াৰ মাজতে কালি মাঘৰ প্ৰথম দিনটোত গোনা ম'হৰ শিঙৰ ঝনঝননিত ঐতিহাসিক আঁহতগুৰি আৰু বৈদ্যবড়ীৰ মুকলি পথাৰত উৰিল ধূলি। ম'হ যুঁজ পৰিচালনা সমিতি নোহোৱাকৈ অনানুষ্ঠানিকভাবে শ শ ম'হ যুঁজ প্ৰেমী ৰাইজৰ উপস্থিতিত গোৱালসকলে অনুষ্ঠিত কৰিলে ম'হ যুঁজ। ঐতিহাসিক আঁহতগুৰি পথাৰত ৪০ হাল আৰু বৈদ্যবড়ীত ৪৩ হাল গোনা ম'হৰ যুঁজে ম'হ যুঁজ প্রেমীক উৎসাহিত কৰি তোলে। পুৱাৰে পৰা ঐতিহাসিক আঁহতগুৰি আৰু বৈদ্যবড়ীত পথাৰত শতাধিক গোনা ম'হ গোৱালসকলে লৈ আহে যদিও একাংশ গোনা ম'হৰ যোৰ নিমিলাত যুঁজত অংশগ্ৰহণ নকৰাকৈয়ে উভতিব লগাত পৰে। 

উল্লেখ্য যে মধ্য অসমৰ পৰম্পৰা ৰক্ষা কৰি অহা এই ম'হ যুঁজ প্রতিযোগিতাৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন প্রান্তত ম'হ গোৱালে দীর্ঘ দিন ধৰি খুৱাই বুৱাই সাজু কৰি ৰাখিছে হালে হালে গোনা ম'হ। গোনা ম'হবোৰক যুঁজত অৱতীৰ্ণ হ'বলৈ গোৱালসকলে প্রশিক্ষণ দিয়ে শিং চালনাৰ লগতে কল গছ, বিলৰ মাটিত শিং ধৰোৱাৰ। মাঘৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক ম'হ যুঁজ হৈছে মধ্য অসমৰ এক পুৰণি আৰু জনপ্ৰিয় পৰম্পৰাগত খেল। বিশেষকৈ মাঘ বিহুৰ লগত সংগতি ৰাখি মধ্য অসমৰ মৰিগাঁও জিলাৰ আঁহতগুৰি আৰু বৈদ্যবড়ীৰ পথাৰত অনুষ্ঠিত হৈ আহিছে এই ম'হ যুঁজ প্রতিযোগিতা। আহোম ৰজাৰ দিনৰ পৰাই এই চহকী পৰম্পৰা চলি আহিছে আৰু ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত ইয়াৰ প্ৰচলন আৰম্ভ হৈছিল বুলি জনা যায়। এই যুঁজখন লোকবিশ্বাস আৰু পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হয়। জাতি, বর্ণ-ধর্ম নির্বিশেষে অগণন লোকৰ মিলন ভূমিত পৰিণত হোৱা এই ঐতিহাসিক ম'হ যুঁজৰ জৰিয়তে অসমীয়া জাতিৰ একতা আৰু সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰি আহিছে। সৌর্য বীৰ্যৰ পৰম্পৰা ম'হ যুঁজ, ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ এটা ঐতিহাসিক অধ্যায় হৈছে ম'হ যুঁজ। একাংশ প্রকৃতিপ্রেমী সংগঠনে ম'হ যুঁজৰ বিৰুদ্ধে থিয় দিছে যদিও মধ্য অসমৰ খিলঞ্জীয়া লোকসকলে ম'হ যুঁজক বৰ্তাই ৰখাটো সংস্কৃতিৰ যুঁজ বুলিহে গণ্য কৰি আহিছে। সেয়ে অসমৰ বিভিন্ন স্থানৰ লগতে মৰিগাঁৱতো আইনী প্রতিবন্ধকতা নেওচি বিগত সময়ছোৱাত চলি আহিছে ম'হ যুঁজ। বর্তমানলৈ ম'হ যুঁজৰ ক্ষেত্ৰত জিলা প্রশাসনে কোনো ধৰণৰ SOP ঘোষণা কৰা নাই যদিও এইবাৰ ম'হৰ গোৱালসকলে পূর্বতকৈ দুগুণ উৎসাহেৰে নিজৰ গোনা ম'হ সাজু কৰিছে। ম'হৰ গোৱালৰ পৰিয়ালৰ সদস্যসকলৰ মতে মাঘত যুঁজিব দিলেহে গোনা ম'হ শান্ত হয়। নহ'লে ম'হ পালন কৰাটো অসম্ভৱ, কৃষিজীৱী ৰাইজৰ পক্ষে সম্ভৱ নহয়। যুঁজিব নিদিলে ক্ষতি কৰিব গোৱালৰ। সেয়ে পৰম্পৰা ৰক্ষা কৰি এইবাৰো মাঘৰ প্রথম দিনটোৰ পৰা জিলাখনত গোৱালসকলে অনুষ্ঠিত কৰিছে ম'হ যুঁজ।


 ইফালে ম'হ যুঁজ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই কয় এইবাৰ ৰাজ্যত আনুষ্ঠানিকভাৱে হোৱা নাই ম'হ যুঁজ। কিন্তু অহাবাৰ আনুষ্ঠানিকভাৱে হ'ব ম'হ যুঁজ। বিধানসভাত ইতিমধ্যে বিধেয়কখন পাছ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত অনুমোদন জনোৱালৈ অপেক্ষা কৰা হৈছে বুলি মন্তব্য কৰে। ইফালে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো ভোগালীৰ আনন্দ-উছাহৰ মাজতে কালি অনুষ্টুপীয়াকৈ হ'লেও ম'হ যুঁজ অনুষ্ঠিত হয় ফুলগুৰিৰ নিকটৱৰ্তী দেওবালিত। দেওবালি-ম'হগড় কলংপাৰ পথাৰত স্থানীয় গোৱালসকলৰ উদ্যোগত কালি অনুষ্ঠিত কৰিলে জাতীয় পৰম্পৰা ম'হযুঁজ। পুৱাৰ পৰাই বিভিন্ন স্থানৰ পৰা দৰ্শকৰ লানি নিছিগা সোঁত। বহু দূৰ-দূৰণিৰ পৰাও গোৱালে আনিলে ম'হ। ১০ হাল গোনা আৰু দমৰা ম'হৰ যুঁজে আমোদ দিলে সকলোকে। পৰম্পৰাগত ম'হ যুঁজ অনুষ্ঠিত কৰি ৰাইজে নামানিলে ন্যায়ালয়ৰ নিষেধাজ্ঞা। ৰাইজে জনাই দিলে ম'হ যুঁজ অনুষ্ঠিত হ'বই।

Share This