ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে ৰাজ্য জোকাৰি যোৱা আন এক পৰকীয়া সম্পৰ্কৰ ভয়ংকৰ পৰিণতিৰ ঘটনা। কাছাৰ জিলাৰ এগৰাকী গাঁও পঞ্চায়ত সভাপতিক তেওঁৰ পত্নী আৰু পৰকীয়া প্রেমিক গাড়ী চালকে বিহ খুৱাই নৃশংস হত্যা কৰাৰ ঘটনাই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ধলাই সমষ্টিৰ ৰাজনগৰ-খুলিচৰা গাঁও পঞ্চায়ত সভাপতি ইমৰাণ হোছেইন বৰভূঞাক পত্নী আৰু তেওঁৰ প্রেমিক গাড়ী চালকে বিহ খুৱাই হত্যা কৰে।
বৃহস্পতিবাৰে এই হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই ভাগাবজাৰত পথ অৱৰোধ কৰি দোষীক ফাঁচি দিয়াৰ দাবী তোলে স্থানীয় ৰাইজে।
জানিব পৰা মতে, ধলাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নৱনিৰ্বাচিত ৰাজনগৰ-খুলিচৰা গাঁও পঞ্চায়তৰ সভাপতি ইমৰাণ হোছেইন বৰভূঞাৰ মৃত্যুৰ ৰহস্য ১২ দিনৰ মূৰত পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ পাছত ধলাইৰ আৰক্ষী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে পত্নী আৰু চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত এজন ত্ৰিশ বছৰীয়া যুৱক তথা উদীয়মান ৰাজনৈতিক নেতা আৰু সফল ব্যৱসায়ী, নৱনিৰ্বাচিত ৰাজনগৰ-খুলিচৰা পঞ্চায়তৰ সভাপতি ইমৰাণ হোছেইন বৰুভূঞাৰ অকাল মৃত্যু ঘটে। তেওঁৰ আকস্মিক মৃত্যুৱে সমগ্র ধলাই ভাগাবজাৰ অঞ্চলত শোকৰ ছাঁ পেলাইছিল। কিন্তু এই মৃত্যুক লৈ এটা ৰহস্যৰ সৃষ্টি হৈছিল। তেওঁৰ পৰিয়ালকে ধৰি স্থানীয় ৰাইজে প্রথমে এই ঘটনাক স্বাভাৱিক মৃত্যু বুলি ধৰি লৈছিল। কিন্তু মৃত্যুৰ দহ দিনৰ পাছত পোহৰলৈ আহিল এই চাঞ্চল্যকৰ সত্য- ইমৰাণৰ মৃত্যু স্বাভাৱিকভাৱে হোৱা নাছিল, তেওঁক হত্যা কৰা হৈছিল। আৰু এই হত্যাকাণ্ড সংঘটিত কৰিছিল তেওঁৰ পত্নী আৰু তেওঁৰ অবৈধ প্রেমিকে।
বুধবাৰে ইমৰাণৰ ঘনিষ্ঠ বন্ধু কেইজনমানে এই ঘটনাৰ আচল ৰহস্য উদঙাই দিয়ে। সূত্র অনুসৰি ইমৰাণৰ পত্নী ৰীণা বেগমৰ ইমৰাণৰ ব্যক্তিগত গাড়ী চালক বিজু আহমেদৰ সৈতে অবৈধ সম্পর্ক আছিল। এবাৰ ইমৰাণে এই সম্পৰ্কৰ বিষয়ে জানিব পাৰি পত্নীৰ সৈতে তীব্র কাজিয়াত লিপ্ত হয়। পাছত বিজুক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ইমৰাণৰ আকস্মিক মৃত্যুৰ পাছত তেওঁৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ একাংশই এই ঘটনাক সহজভাৱে ল'ব পৰা নাছিল। ইয়াৰ পাছত বুধবাৰে নিশা ইমৰাণৰ একাংশ বন্ধুৱে বিজু আহমেদক আটক কৰি ম'বাইল ফ'ন চেক কৰে। তেওঁলোকে পোৱা তথ্যৰ ভিত্তিত তেওঁলোকে নিশ্চিত কৰে যে ইমৰাণক হত্যা কৰা হৈছে। বন্ধুসকলৰ হেঁচাত অৱশেষত বিজুৱে স্বীকাৰ কৰে যে ৰীণা বেগমৰ সৈতে তেওঁৰ অবৈধ সম্পর্ক আছিল আৰু সেইবাবেই দুয়ো একেলগে ইমৰাণক হত্যা কৰিছিল। বিজুৰ স্বীকাৰোক্তি অনুসৰি বজাৰৰ পৰা বিহ কিনি ৰীণাক দিছিল। ৰীণাই খাদ্যৰ লগত বিহ মিহলাই স্বামী ইমৰাণক খুৱাই দিয়ে। হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পাছত ইমৰাণৰ বন্ধুসকলে বিজুক আৰক্ষীৰ হাতত গতাই দিয়ে।
আনহাতে, পত্নী ৰীণা বেগমে প্ৰেমিকৰ সৈতে স্বামীক হত্যা কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। ইমৰাণৰ ঘৰত সমবেত হয় শ শ লোক। পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ মূল অভিযুক্ত ৰীণা বেগমক গ্ৰেপ্তাৰ কৰে। একে সময়তে আৰক্ষীয়ে ৰীণাৰ ভাতৃ-ভগ্নী আৰু পিতৃকো জিম্মাত লয়। এই নৃশংস হত্যাকাণ্ডই সমগ্র ধলাইতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।